• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, January 26, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

এতিয়াৰে পৰা শিৱসাগৰত ২৪ ঘন্টাই খোলা থাকিব ফাৰ্মাচী

NE NOW NEWS পাৰ্শ্বজ্যোতি গগৈ
শিৱসাগৰ , June 12, 2019 7:38 am

2 min read

Sivasagar Pharmacy

ফটো : নৰ্থ-ইষ্ট নাও

1.1k
VIEWS
Share on FacebookShare on Twitter

শিৱসাগৰ জিলা প্ৰশাসনৰ অনুৰোধত শিৱসাগৰ ঔষধ বিক্ৰেতা সন্থাই এতিয়াৰে পৰা নগৰৰ এখন ফাৰ্মাচী ২৪ ঘন্টাই খোলা ৰখাৰ সিদ্ধান্ত লৈছে। শিৱসাগৰ জিলা উপায়ুক্তৰ নিৰ্দেশত কাৰ্যবাহী দণ্ডাধীশ ৰিতুৰাজ বৰদলৈ আৰু ঔষধ ব্যৱসায়ী সন্থাৰ সভাপতি চন্দ্ৰশেখৰ শৰ্মা আৰু সম্পাদক চন্দন দাসৰ লগতে সন্থাৰ আন আন বিষয়ববীয়াৰ সৈতে হোৱা আলোচনাৰ অন্তত এই সিদ্ধান্ত লোৱা হয়।

শিৱসাগৰ চহৰৰ ৩১ খন এনে ফাৰ্মাচী বাছি উলিওৱা হৈছে য’ত জৰুৰী কালীন সকলো দৰব পোৱা যায় আৰু ২৪ ঘন্টাই খোলা ৰাখিব পাৰে। এই ৩১ খন ফাৰ্মাচীৰ ভিতৰত প্ৰতিদিনে এখন ফাৰ্মাচী ২৪ ঘন্টাই খোলা থাকিব। ঔষধ ব্যৱসায়ী সন্থাই এই কথা জানিবলৈ দিয়ে।

শিৱসাগৰত ফাৰ্মাচী সমূহ নিশা ৯ বজাৰ লগে লগে বন্ধ কৰি দিয়াৰ বাবে ৰোগীয়ে জৰুৰীকালীন ঔষধ বিচাৰি হাহাকাৰ কৰিবলগীয়া হয়। শিৱসাগৰবাসীৰ এই সমস্যা সমাধানৰ বাবে এই ব্যৱস্থা গ্ৰহণ কৰিছে ঔষধ ব্যৱসায়ী সন্থাই।

উল্লেখ্য যে কিছু দিন পূৰ্বে এই ব্যৱস্থা গ্ৰহণ কৰিছিল যদিও ৰাতি ঔষধ বিচাৰি অহা সুৰামত্ত গ্ৰাহকৰ লগত দুই এখন ফাৰ্মাচীৰ কৰ্মচাৰীৰ বাক-বিতণ্ডা হোৱাৰ বাবে আৰু নিৰাপত্তা জনিত কাৰণত এই সেৱা বন্ধ কৰি দিছিল। কিন্তু এতিয়া শিৱসাগৰ জিলা প্ৰশাসনৰ অনুৰোধত ঔষধ ব্যৱসায়ী সন্থাই পুনৰ এই সেৱা আৰম্ভ কৰিছে।

কোন দিনা কোনখন ফাৰ্মাচী দিন-ৰাতি খোলা থাকিব তাৰ এখন তালিকা প্ৰস্তুত কৰি উলিয়াইছে ঔষধ ব্যৱসায়ী সন্থাই। এই তালিকা চাই গ্ৰাহকে কোন দিনা কোনখন ফাৰ্মাচী ২৪ ঘন্টা খোলা থাকিব সেয়া জানিব পাৰিব। আনহাতে ২৪ ঘন্টাই খোলা ৰখা ফাৰ্মাচীত জিলা প্ৰশাসনে নিৰাপত্তাৰ বাবে আৰক্ষী নিয়োগ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছে। শিৱসাগৰ ঔষধ ব্যৱসায়ী সন্থাৰ এই পদক্ষেপক সকলোৱে আদৰণি জনাইছে।

Recent News

94355452_10157511895548983_6137327993321684992_o-750x375

মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শিৱসাগৰত বিতৰণ কৰিব স্বামী বিবেকানন্দ যুৱ সৱলীকৰণ যোজনা অনুমোদন পত্ৰ

ULFA flag

গণৰাজ্য দিৱসত গোলাঘাটতত আলফা স্বাধীনৰ পতাকা

উঠাই লোৱা হ’ল ২৭ জানুৱাৰিৰ ২৪ ঘণ্টীয়া চকা বন্ধ কাৰ্য্যসূচী

উঠাই লোৱা হ’ল ২৭ জানুৱাৰিৰ ২৪ ঘণ্টীয়া চকা বন্ধ কাৰ্য্যসূচী

ভাৰতীয় দলৰ প্ৰাক্তন গ’লকীপাৰ প্ৰশান্ত ডোৰাৰ মৃত্যু; মোহন বাগানৰ শোকপ্ৰকাশ

ভাৰতীয় দলৰ প্ৰাক্তন গ’লকীপাৰ প্ৰশান্ত ডোৰাৰ মৃত্যু; মোহন বাগানৰ শোকপ্ৰকাশ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd