NORTHEAST NOW (Assamese)
অসম

উৰুকাৰ এসাজ খোৱাৰ আশাৰে কলিয়াবৰৰ চুলুং পাইকাৰী মাছ বজাৰত গ্ৰাহকৰ ভিৰ

Posted by: ৰিদিপ শৰ্মা,কলিয়াবৰ Updated by: ৰিদিপ শৰ্মা,কলিয়াবৰ January 13, 2022 9:18 am

উৰুকা এসাজ খোৱাৰ আশাত কলিয়াবৰৰ চুলুং পাইকাৰী মাছ বজাৰত হাজাৰৰোধিক গ্ৰাহকৰ মাছ কিনিবলৈ ভিৰ ।

ক’ভিড মহামাৰীৰ দ্ৰুত সংক্ৰমনেও ম্লান কৰিব পৰা ভোগালীৰ উছাহ।কলিয়াবৰৰ চুলুং পাইকাৰী মাছ বজাৰত হাজাৰৰোধিক গ্ৰাহকৰ মাছ কিনিবলৈ ভিৰ ।

চিতল¸বৰালী¸ৰৌ¸বাহু¸ঢেকেৰা¸শিলঘৰীয়া মাছ কিনিবলৈ বজাৰত হেতা ওপৰা গ্ৰাহকৰ।

হেপাঁহৰ ভোগালী বিহুৰ উৰুকাত মাছৰে জুতি লগাই এসাঁজ খাবলৈ পচণ্ডৰ মাছটো কিনিবলৈ বজাৰত ভিৰ কৰে গ্ৰাহকে।
পূৰ্বতকৈ মাছৰ দাম বৃদ্ধি পাইছে যদিও একাংশ গ্ৰাহকে ক্ৰয় কৰিছে ৪ ৰ পৰা ১২ কেজি ওজনৰ মাছ।

বুধবাৰে নিশা ৯ বজালৈকে মাছৰ বজাৰ বহাৰ লগতে ভোগালীৰ উৰুকা পুৱা ৪ বজাৰ পৰা মুকলি হয় চুলুং পাইকাৰী মাছৰ বজাৰ।

প্ৰতিবছৰে উৰুকাত হাজাৰ হাজাৰ গ্ৰাহকে ভিৰ কৰে চুলুঙৰ মাছৰ পাইকাৰী বজাৰত। কিন্তু পূৰ্বৰ তুলনাত এইবাৰ গ্ৰাহক উপস্থিতি কিছু সেমেকা।

অসমৰ অন্যতম পাইকাৰী মাছৰ বজাৰ কলিয়াবৰৰ চুলুং বজাৰৰ পৰা তেজপুৰ¸বিশ্বনাথ¸লক্ষীমপুৰ¸নগাঁও¸গোলাঘাট¸যোৰহাট¸ৰৌতা¸ডিব্ৰুগড়¸তিনিচুকীয়া আদি লৈ ৰপ্তানি হয় মাছ।

এনেদৰেই এতিয়া ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে কলিয়াবৰতো দেখা গৈছে উৰুকাৰ এসাজ খাবৰ বাবে মাছ বজাৰত ৰাইজৰ ভীৰ পৰিলক্ষিত হৈছে।