DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, May 26, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

নাগৰিকত্ব বিধেয়ক সম্পৰ্কত আজি জেপিচিৰ গুৰুত্বপূৰ্ণ বৈঠক; গুৱাহাটীত নেছ’ৰ প্ৰতিবাদ

প্ৰতিবেদনত অন্তৰ্ভুক্তৰ বাবে আজি কমিটীৰ ৩০জন সদস্যৰ প্ৰত্যেকৰে মত লোৱা হ'ব

এন ই নাও নিউজ by এন ই নাও নিউজ
November 20, 2018 9:31 am
NESO_Oppose

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাত নেছ'ৰ প্ৰতিবাদ। ফাইল ফটো।

416
VIEWS
Share on FacebookShare on Twitter

আজি দিল্লীত নাগৰিকত্ব সংশোধনী বিধেয়কখনৰ বিভিন্ন দিশ চালি-জাৰি চাবলৈ গঠিত যুটীয়া সংসদীয় কমিটীৰ গুৰুত্বপূৰ্ণ বৈঠকৰ দিনটোতে উত্তৰ-পূবৰ উমৈহতীয়া ছাত্ৰ সংগঠন নেছ’ই বিধেয়কখনৰ বিৰোধিতা আৰু বাতিলৰ দাবীত গুৱাহাটীত প্ৰতিবাদ সাব্যস্ত কৰিব।

অবৈধ বাংলাদেশীক ৰক্ষণাবেক্ষণ দিয়া জাতিধ্বংসী, উত্তৰ-পূৰ্বাঞ্চল বিৰোধী নাগৰিকত্ব (সংশোধনী) বিধেয়ক, ২০১৬ কেতিয়াও মানি নলয় বুলি নেছ’ৰ নেতৃত্বই নৰ্থ-ইষ্ট নাওক জানিবলৈ দিয়ে।

উল্লেখযোগ্য যে আজি দিল্লীত বিধেয়কখনৰ বিভিন্ন দিশ চালি-জাৰি চাবলৈ গঠিত যুটীয়া সংসদীয় কমিটীৰ গুৰুত্বপূৰ্ণ বৈঠক আছে। আজিৰ বৈঠকতে কমিটীখনৰ অধ্যক্ষ ৰাজেন্দ্ৰ অগ্ৰৱালে কমিটীৰ ৩০ জন সদস্যৰ প্ৰত্যেকৰে মত লোৱাৰ কথা। আনহাতে ১৯ নৱেম্বৰত সংবাদ মাধ্যমৰ আগত অধ্যক্ষ অগ্ৰৱালে অসম তথা উত্তৰ-পূবৰ মানুহৰ উদ্বেগৰ কথাটোও কমিটীৰ প্ৰতিবেদনত অন্তৰ্ভুক্ত কৰা হ’ব বুলি জানিবলৈ দিছিল।

মন কৰিব লগীয়া যে অসমৰ বিভিন্ন দল-সংগঠনৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ সতোখন ৰাজ্যৰ ছাত্ৰ সংগঠনৰ উমৈহতীয়া মঞ্চ উত্তৰ-পূৰ্বাঞ্চল ছাত্ৰ সংগঠন (চমুকৈ নেছ’) নাগৰিকত্ব সংশোধনী বিধেয়কখনৰ বিৰোধিতা কৰি বিভিন্ন সময়ত প্ৰতিবাদী কাৰ্য্যসূচী লৈ আহিছে।

নেছ’ৰ অধ্যক্ষ ছেমুৱেল জেৰয়া, সম্পাদক প্ৰধান নাম প্ৰকাশে সংবাদ মাধ্যমৰ আগত কয় যে কোনো পৰিস্থিতিত এই  জাতিধ্বংসী বিলখন মানি লোৱা নহ’ব।

নেছ’ৰ নেতৃত্বই স্পষ্টকৈ কয় যে বিধেয়কখন আনিলে উত্তৰ-পূৰ্বাঞ্চলৰ খিলঞ্জীয়া মানুহৰ স্বকীয় পৰিচয় আৰু অস্তিত্ব নিঃশেষ হ’ব।

“অঞ্চলটোৰ জনসাধাৰণৰ ওপৰত জাপি দিয়া বিদেশী (সংশোধনী) নিৰ্দেশ ২০১৫, পাৰপত্ৰ নীতি ২০১৫, নাগৰিকত্ব (সংশোধনী) বিল ২০১৬, দীৰ্ঘম্যাদী ভিছা বাতিল হ’বই লাগিব।” এইদৰে কয় প্ৰতিনিধিকেইজনে।

আনহাতে, নেছ’ই অহা ৩০ নৱেম্বৰত উত্তৰ-পূৰ্বাঞ্চলৰ সতোখন ৰাজ্যৰ ৰাজধানীত সুকীয়া সুকীয়াকৈ প্ৰতিবাদ সাব্যস্ত কৰা হ’ব বুলিও প্ৰতিনিধিকেইজনে জানিবলৈ দিয়ে।

Recent News

অসমৰ বানপানী আৰু ডিমা হাচাও: বিভীষিকাৰ কাৰণ আৰু সমাধান সূত্ৰ কি?

অসমৰ বানপানী আৰু ডিমা হাচাও: বিভীষিকাৰ কাৰণ আৰু সমাধান সূত্ৰ কি?

অৱশেষত শাস্তি ঘোষণা: জম্মু-কাশ্মীৰৰ বিচ্ছিন্নতাবাদী নেতা য়াছিন মালিকক যাৱজ্জীৱন কাৰাদণ্ড

অৱশেষত শাস্তি ঘোষণা: জম্মু-কাশ্মীৰৰ বিচ্ছিন্নতাবাদী নেতা য়াছিন মালিকক যাৱজ্জীৱন কাৰাদণ্ড

SEBA-HSLC-Matric-students

HSLC Result শীঘ্ৰে ঘোষণা হ’ব হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল: কেতিয়া হ’ব পাৰে ঘোষণা, কিদৰে চাব ?

তিনিটাকৈ মিছাইলৰ পৰীক্ষণেৰে বিদেনক শক্তিৰ উমান দিলে কিম জঙে

তিনিটাকৈ মিছাইলৰ পৰীক্ষণেৰে বিদেনক শক্তিৰ উমান দিলে কিম জঙে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd