দীৰ্ঘদিনৰ পৰা ৰাজ্যৰ বিভিন্ন ঠাইৰ পৰা মটৰচাইকেল চুৰ কৰি অহা এটা বৃহৎ চক্ৰৰ দুজনক আজি ওদালগুৰি জিলাৰ আৰক্ষীয়ে চুৰি মটৰচাইকেলৰ সৈতে আটক কৰিছে।
জানিব পৰামতে, বিশেষ সূত্ৰৰ পম খেদি ওদালগুৰি জিলাৰ উপ আৰক্ষী অধীক্ষক মইদুল ইচলামৰ নিৰ্দেশত উপ পৰিদৰ্শক মুনাফ আলীৰ নেতৃত্বত যোৱা এটা দলে অভিযান চলাই এই বাইক চোৰ দুজনক আটক কৰে। অভিযানৰ সময়ত আৰক্ষীয়ে তেওঁলোকৰ পৰা ৫খনকৈ চুৰি মটৰচাইকেল উদ্ধাৰ কৰিছে। ইয়াৰে ৪খনেই বাবাজ পালছাৰ আৰু আনখন টি ভি এছ ষ্টাৰ চিটি বাইক।
আটক কৰা দুজন ক্ৰমে ৰাজদীপ ব্ৰহ্ম (১৯) আৰু নাথুৰাম নাৰ্জাৰী (১৮) বুলি আৰক্ষীয়ে জানিবলৈ দিছে। দুয়োজনৰ ঘৰ ওদালগুৰি থানাৰ অধীনৰ কাজিমাটি গাৱঁত।
“দুয়োজনকে জেৰা কৰি থকা হৈছে। তেওঁলোকৰ পৰা আন কেইজনমানৰ নামো পোৱা গৈছে।” ওদালগুৰি থানাৰ ভাৰপ্ৰাপ্ত বিষয়া নাৰায়ণ পটংগীয়াই কয়।
আৰক্ষীয়ে এই মটৰচাইকেল চুৰি চক্ৰটোৰ সৈতে আন্তঃৰাজ্যিক চক্ৰৰ সংযোগ থাকিব পাৰে বুলি সন্দেহ কৰিছে, যিহেতু এই চুৰি বাইকেকেইখন ৰাজ্যখনৰ ভিন্ন ঠাইৰ বুলি আৰক্ষী ইতিমধ্যে নিশ্চিত হৈছে।