বিষাক্ত ধুতুৰা ফল আৰু বীজ মানুহৰ খাদ্য হিচাপে অনলাইনত বিক্ৰী কৰাৰ অভিযোগত আমাজন, বিগ বাস্কেট আৰু ইনষ্টামাৰ্টৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে কৰ্ণাটক চৰকাৰে। কৰ্ণাটক খাদ্য সুৰক্ষা আৰু ঔষধ প্ৰশাসনে তিনিওটা সংস্থাৰ খাদ্য সম্পৰ্কীয় লাইচেন্স পৰৱৰ্তী নিৰ্দেশ নিদিয়া পৰ্যন্ত স্থগিত কৰিছে।
কিছুদিন পূৰ্বে কৰ্তৃপক্ষই ধুতুৰা জাতীয় সামগ্ৰী অনলাইনত তালিকাভুক্ত কৰা আৰু বিক্ৰী কৰাৰ বিষয়তো তদন্তৰ নিৰ্দেশ দিছিল। তদন্তত পোহৰলৈ আহে যে বিভিন্ন ই-কমাৰ্চ আৰু কুইক কমাৰ্চ প্লেটফৰ্মত ধুতুৰাৰ ফল আৰু বীজ বিক্ৰীৰ বাবে তালিকাভুক্ত কৰা হৈছিল। কিছুমান ক্ষেত্ৰত এই সামগ্ৰীৰ সৈতে খাদ্য সুৰক্ষা লাইচেন্স বা পঞ্জীয়ন নম্বৰো উল্লেখ কৰা হৈছিল।
কিন্তু ধুতুৰা এবিধ বিষাক্ত উদ্ভিদ। ইয়াৰ ফল আৰু বীজ মানুহে সেৱন কৰিলে গুৰুতৰ স্বাস্থ্য সমস্যাৰ সৃষ্টি হ’ব পাৰে। এই কাৰণতে খাদ্য হিচাপে এনে সামগ্ৰী মজুত ৰখা, বিক্ৰী কৰা বা বিতৰণ কৰাটো বেআইনী বুলি কৰ্ণাটক খাদ্য সুৰক্ষা বিভাগে স্পষ্ট কৰিছে।
ঘটনাটোৰ পিছত খাদ্য সুৰক্ষা বিভাগে আমাজন, ইনষ্টামাৰ্ট আৰু বিগ বাস্কেটলৈ জাননী প্ৰেৰণ কৰে। আমাজনে কোনো উত্তৰ নিদিলে। ইনষ্টামাৰ্টে নিজৰ পদক্ষেপৰ নথি দাখিল কৰিবলৈ অধিক সময় বিচাৰিলে। আনহাতে, বিগ বাস্কেটে জানিবলৈ দিয়ে যে তেওঁলোকে ধুতুৰাৰ ফল আৰু বীজৰ অনলাইন বিক্ৰী বন্ধ কৰিছে আৰু ভৱিষ্যতে এনে পেকেটত স্পষ্টকৈ “মানুহৰ খোৱাৰ উপযোগী নহয়” বুলি লিখা থাকিব।
অৱশ্যে তিনিওটা সংস্থাৰ ব্যাখ্যাত কৰ্ণাটক খাদ্য সুৰক্ষা বিভাগ সন্তুষ্ট নহ’ল। সেয়ে পৰৱৰ্তী নিৰ্দেশ নিদিয়া পৰ্যন্ত আমাজন, ইনষ্টামাৰ্ট আৰু বিগ বাস্কেটৰ খাদ্য সম্পৰ্কীয় লাইচেন্স স্থগিত ৰখা হৈছে। বিভাগটোৱে জনোৱা মতে, সংস্থাসমূহে নিজ নিজ জবাবদিহি দাখিল কৰাৰ পিছত শুনানি অনুষ্ঠিত হ’ব আৰু তাৰ পিছতহে লাইচেন্স স্থগিতাদেশ উঠাই লোৱাৰ সিদ্ধান্ত লোৱা হ’ব।





