বঙাইগাঁৱত এখন অটো আৰু ট্ৰাকৰ মাজত সংঘটিত ভয়ংকৰ মুখামুখি সংঘৰ্ষত থিতাতে নিহত হয় অটোখনত থকা ছয়জন আৰোহীৰ। দুৰ্ঘটনাত নিহত লোককেইজন বঙাইগাঁও জিলাৰ ব্যাসবাৰীৰ নিবাসী বুলি চিনাক্ত কৰা হৈছে। বাতৰি সংগ্ৰহ কৰাৰ সময়লৈ নিহত লোকসকলৰ পৰিচয় জানিব পৰা হোৱা নাই।
প্ৰত্যক্ষদৰ্শীৰ ভাষ্য মতে, বঙাইগাঁও জিলাৰ বিজনী গৰাইমাৰিৰ ৰাষ্ট্ৰীয় ঘাইপথত এখন দ্ৰুতবেগী ট্ৰাক(এ এছ-২৬-১২৬৩) আৰু বিপৰীত দিশৰ পৰা আহি থকা এখন অটো (এ এছ-২৬-১২৬৩) ৰ মাজত মুখামুখি সংঘৰ্ষ সংঘটিত হয় আৰু এই সংঘৰ্ষত অটোখনত আহি থকা ছয়জন লোকৰ থিতাতে মৃত্যু হয়।
দুৰ্ঘটনাক কেন্দ্ৰ কৰি ঘটনাস্থলত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। প্ৰতিবাদকাৰী সকলে ঘটনাস্থলত টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে ৰাষ্ট্ৰীয় ঘাইপথ অবৰোধ কৰে। ঘটনাস্থলত আৰক্ষী বাহিনী আৰু অগ্নিনিৰ্বাপক বাহিনী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে।