• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, January 26, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

সদ্ভাৱনা যাত্ৰাৰে নগাঁও ৰাজীৱ ভৱনত উপস্থিত তৰুণ গগৈৰ চিতাভষ্ম; অজস্ৰ গুণমুগন্ধৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন

NE NOW NEWS মুৰুলী বৰুৱা
নগাঁও , December 8, 2020 8:25 pm

2 min read

সদ্ভাৱনা যাত্ৰাৰে নগাঁও ৰাজীৱ ভৱনত উপস্থিত তৰুণ গগৈৰ চিতাভষ্ম; অজস্ৰ গুণমুগন্ধৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন
2.4k
VIEWS
Share on FacebookShare on Twitter

প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈৰ  চিতাভষ্ম লৈ এখন সুসজ্জিত বাহনেৰে  আজি গুৱাহাটীৰ পৰা আৰম্ভ হৈছে শান্তি সদ্ভাৱনা যাত্ৰা।

১২ ডিচেম্বৰ পৰ্যন্ত ৰাজ্যৰ বিভিন্ন প্ৰান্ত ভ্ৰমণ কৰিবলগীয়া এই যাত্ৰা পথত আজি বিয়লি প্ৰাক্তন মুখ্য মন্ত্ৰীগৰাকীৰ পত্নী ডলি গগৈ, সাংসদ পুত্ৰ গৌৰৱ গগৈ, জীয়ৰী চন্দিমা গগৈ সহ পৰিয়ালবৰ্গ আৰু কংগ্ৰেছৰ বহুসংখ্যক নেতা-কৰ্মীৰ এটা সজাতি দলে নগাঁও চহৰৰ ৰাজীৱ ভৱনত উপস্থিত হয়।

জিলা ৰাজীৱ ভৱনলৈ এই সজাতি দলটোক গায়ন বায়নেৰে আদৰণি জনোৱা হয়। পিছত জিলা কংগ্ৰেছৰ উদ্যোগত অনুষ্ঠিত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান।

সজাতি দলটোৰ লগতে দলীয় নেতা-কৰ্মীসকলকে ধৰি অজস্ৰ লোকে প্ৰয়াত মুখ্যমন্ত্ৰী গৰাকীলৈ শ্ৰদ্ধা জ্ঞাপন কৰে।

উক্ত অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ পিছত প্ৰাক্তন সাংসদ গৌৰৱ গগৈয়ে সংবাদ মাধ্যমৰ আগত কয়, “জননেতা তৰুণ গগৈৰ স্মৃতিত ৰাজ্যজুৰি শান্তি আৰু সদভাৱনা অনুষ্ঠানৰ আয়োজন কৰা হৈছে। তৰুণ গগৈ যদিও আমাৰ মাজত শাৰীৰিক ভাৱে নাই, তথাপিও আমি চৌদিশে তেওঁৰ হাহি দেখা পাও। সাধাৰণ ৰাইজৰ তেওঁৰ প্ৰতি থকা শ্ৰদ্ধা আৰু মৰমৰ পৰিৱেশ আজিও দেখা গৈছে।”

জিলা কংগ্ৰেছ ভৱনত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান উপলক্ষে সৰ্বধৰ্ম প্ৰাৰ্থনা সভা অনুষ্ঠিত হয়।

তদুপৰি, তৰুণ গগৈ ছবি সম্বলিত এখন চিত্ৰ প্ৰদৰ্শনী মুকলি কৰে কবি ডাঃ প্ৰয়াগ শ‌ইকীয়াই। লগতে প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনৰ সম্পাদিত “শ্ৰদ্ধাৰ পৰা শ্ৰদ্ধাঞ্জলি : ফটোৱে কথা কয়”- শীৰ্ষক এক গ্ৰন্থ উন্মোচন কৰা হয়।

গ্ৰন্থখন উন্মোচন কৰে শিক্ষাবিদ ডঃ খৰ্গেশ্বৰ ভূঞাই।

ইয়াৰ পিছতে তৰুণ গগৈৰ তিনিখন তথ্যচিত্ৰ ক্ৰমে “জন্মৰ পৰা মৃত্যুলৈ” মুকলি কৰে ডলি গগৈয়ে, “২০১১ৰ পৰা ২০১৬লৈ গগৈৰ কৰ্মৰাজি” মুকলি কৰে চন্দিমা গগৈয়ে আৰু “২০১৬ৰ পৰা মৃত্যুলৈকৈ বিৰোধীৰ ভুমিকাত গগৈ” মুকলি কৰে গৌৰৱ গগৈয়ে।

জিলা কংগ্ৰেছৰ সভাপতি তপন কুমাৰ শৰ্মাই আঁত ধৰা  অনুষ্ঠানত সাংসদ প্ৰদ্যুৎ বৰদলৈ, বিধায়ক নুৰুল হুদা, প্ৰাক্তন বিধায়ক ডাঃ দুৰ্লভ চমুৱা, কংগ্ৰেছ নেতা ক্ৰমে সুৰেশ বৰা, শান্তনু শৰ্মাকে ধৰি সহস্ৰাধিক কংগ্ৰেছ নেতা-কৰ্মীয়ে অংশগ্ৰহণ কৰে।

ইপিনে, জিলাখনৰ বিভিন্ন স্থানত তৰুণ গগৈৰ স্মৃতিত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত হয়‌।

সন্ধিয়াৰ ভাগত সজাতি দলটোক তিতাবৰ অভিমুখী যাত্ৰা পথত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ উৰিয়াগাঁও বাইপাছ চকৰ ওচৰতো  বঢ়মপুৰ যুৱ কংগ্ৰেছৰ তৰফৰ পৰা আদৰণি জনোৱাৰ লগতে কংগ্ৰেছৰ শতাধিক সদস্যই প্ৰয়াত তৰুণ গগৈক গভীৰ শ্ৰদ্ধাঞ্জলি জনায়।

Recent News

ঐতিহাসিক লাল কিল্লাত প্ৰৱেশ প্ৰতিবাদী কৃষকৰ; উৰুৱালে নিজৰ পতাকা

ঐতিহাসিক লাল কিল্লাত প্ৰৱেশ প্ৰতিবাদী কৃষকৰ; উৰুৱালে নিজৰ পতাকা

কোকিলা গাঁও পঞ্চায়তৰ সভাপতিৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ

কোকিলা গাঁও পঞ্চায়তৰ সভাপতিৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ

Bokakhat republic day

ৰাষ্ট্ৰৰ লগতে বোকাখাততো ৭২ সংখ্যক গণৰাজ্য দিৱস উদযাপন; বিভিন্ন জনক সম্বৰ্ধনা

বেৰিকেড ভাঙি দিল্লীত প্ৰৱেশ কৃষকৰ, প্ৰতিবাদকাৰীৰ ওপৰত আৰক্ষীৰ কন্দুৱা গেছ, লাঠীচালনা

বেৰিকেড ভাঙি দিল্লীত প্ৰৱেশ কৃষকৰ, প্ৰতিবাদকাৰীৰ ওপৰত আৰক্ষীৰ কন্দুৱা গেছ, লাঠীচালনা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd