NORTHEAST NOW (Assamese)

বিধানসভাতে চলিল যুদ্ধ: তৃণমূল কংগ্ৰেছ আৰু বিজেপি বিধায়কৰ মাজত লাগিল মাৰ-পিট

March 28, 2022 2:58 pm · এন ই নাও নিউজ, গুৱাহাটী

পশ্চিম বংগ বিধানসভাৰ মজিয়াত আজি সৃষ্টি হ’ল এক অনাকাঙ্ক্ষিত পৰিস্থিতি। ৰাজ্যৰ আইন-শৃংখলাৰ লৈ চিন্তিত জনপ্ৰতিনিয়ে নিজেই বিধানসভাৰ মজিয়াক ৰূপ দিলে যুদ্ধস্থলীৰ।

ৰাজ্যখনৰ আইন-শৃংখলা পৰিস্থিতিক লৈ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে সদনত বক্তব্য ৰাখিব লাগে বুলি বিজেপিয়ে দাবী কৰাৰ পিছতে আজি শাসকীয় তৃণমূল কংগ্ৰেছ আৰু বিৰোধী বিজেপিৰ বিধায়কসকলৰ মাজত চলিল প্ৰচণ্ড মাৰ-পিট।

জন প্ৰতিনিধিৰ এই মাৰ-পিট বন্ধ কৰি পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ যথেষ্ট কষ্ট কৰিবলগীয়া হয় মাৰ্শ্বেল আৰু আৰক্ষী বিষয়াসকলে।

বিজেপিৰ আইটি চেলৰ মুৰব্বী অমিত মালৱ্য আৰু মুখপাত্ৰ শ্বেহজাদ জয় হিন্দকে ধৰি বিজেপি নেতাসকলে শ্বেয়াৰ কৰা এটা ভিডিঅ’ত কেইবাজনো বিধায়কে সদনৰ মজিয়াতে এনেদৰ মাৰপিটত লিপ্ত হোৱা দেখিবলৈ পোৱা গৈছে।

 

আনহাতে এই যুঁজত নাকত আঘাত প্ৰাপ্ত হৈ ততাতৈয়াকৈ চিকিৎসালয়ত ভৰ্তি হ’বলগীয়া হয় তৃণমূল বিধায়ক অসিত মজুমদাৰ।

বিৰোধী বিজেপিৰ নেতা সুভেন্দু অধিকাৰীয়ে তেওঁক আঘাত কৰিছিল বুলি অভিযোগ কৰিছে মজুমদাৰে।

সুভেন্দু অধিকাৰীৰ লগতে আন চাৰিজন বিজেপি বিধায়কক চলিত বছৰৰ বাবে বিধানসভাৰ পৰা নিলম্বিত কৰা হৈছে।

“বিৰোধীয়ে আইন-শৃংখলাৰ ওপৰত আলোচনাৰ দাবী জনাইছিল। কিন্তু চৰকাৰে এই দাবী অস্বীকাৰ কৰিছিল।”— নিলম্বিত বিধায়ক সুভেন্দু অধিকাৰীয়ে কয়।

তেওঁ লগতে বিজেপি বিধায়কসকলৰ সৈতে কাজিয়া কৰিবলৈ তৃণমূলে অসামৰিক পোছাক পৰিহিত কলকাতা আৰক্ষীৰ কৰ্মীক লৈ আহিছিল বুলিও চাঞ্চল্যকৰ অভিযোগ কৰিছে।

“বিধায়কসকল বিধানসভাৰ ভিতৰতো সুৰক্ষিত নহয়। টিএমচিৰ কেইজনমান বিধায়কে মুখ্য হুইপ মনোজ টিগ্গাকে ধৰি আমাৰ কমেও ৮-১০ জন বিধায়কক প্ৰহাৰ কৰিছিল।” তেওঁ লগতে কয়।

আনহাতে তৃণমূল নেতা তথা ৰাজ্যিক মন্ত্ৰী ফিৰহাদ হাকিমে এই ঘটনাৰ বাবে বিজেপিক দোষাৰোপ কৰে।

“আমাৰ কেইজনমান বিধায়ক সদনৰ ভিতৰত আঘাতপ্ৰাপ্ত হৈছে। আমি বিজেপিৰ আচৰণক গৰিহণা দিছো।” তেওঁ কয়।

Related News