• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, August 24, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

প্ৰেমত আপত্তি, ৩০ লাখৰ ঋণ! প্ৰেমিকৰ সৈতে মিলি পিতৃ-মাতৃ আৰু ভগ্নীক হত্যা কৰি পলায়ন যুৱতীৰ

এই ঘটনাত এজন ব্যক্তিক গ্ৰেপ্তাৰ কৰা হৈছে বুলি জানিব পৰা গৈছে যদিও তেওঁৰ পৰিচয় বা ভূমিকা সম্পৰ্কে কোনো সবিশেষ জানিব পৰা হোৱা নাই

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 23, 2026 1:43 pm
95
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

তেওঁলোকৰ প্ৰেমৰ সম্পৰ্কত পৰিয়ালৰ আপত্তি আছিল। পিতৃ-মাতৃ আৰু ভনীয়েকে প্ৰেমিকক মানি লোৱা নাছিল। বেংগালুৰুত সেই প্ৰেমিকৰ সৈতে মিলি যুৱতীগৰাকীয়ে পিতৃ-মাতৃ আৰু ভগ্নীক হত্যা কৰিলে। এই নৃশংস হত্যাকাণ্ড দেখি সকলোৱে স্তম্ভিত হৈ পৰে।

সোমাসুন্দৰ (৫৫), পত্নী মুথুলক্ষ্মী (৪৮), জ্যেষ্ঠ কন্যা শ্বেতা আৰু কনিষ্ঠ কন্যা সুপ্ৰিয়া (২০) বেংগালুৰুৰ চিঘহল্লীৰ ধমণিকা লেআউটৰ ছাই গ্ৰীণ এপাৰ্টমেণ্টত বাস কৰিছিল। কিছুদিন পূৰ্বে তাতেই আৰক্ষীয়ে শ্বেতাৰ বাহিৰে বাকীসকলৰ ৰক্তাক্ত মৃতদেহ উদ্ধাৰ কৰিছিল। তিনিওজনৰ মৃতদেহত চোকা অস্ত্ৰৰে আঘাত কৰাৰ চিন দেখা গৈছিল।

Apply Now

ঘটনাৰ তদন্তৰ সময়ত শ্বেতাৰ নাম পোহৰলৈ আহে। আৰক্ষীয়ে শ্বেতা আৰু তেওঁৰ প্ৰেমিক কেনেথক সন্দেহ কৰিবলৈ আৰম্ভ কৰে। বৰ্তমান দুয়ো পলাতক। তদন্তকাৰীৰ মতে এই হত্যাকাণ্ডৰ কাৰণ হ’ল এই প্ৰেমৰ সম্পৰ্কত পৰিয়ালটোৰ আপত্তি।

তেওঁলোকে কয় যে বজাৰত শ্বেতাৰ প্ৰায় ৩০ লাখ টকাৰ ঋণ আছিল। সেই ঋণক লৈ তেওঁৰ মাক-দেউতাকৰ লগত প্ৰায়ে বিবাদ হৈছিল। আৰক্ষীৰ সূত্ৰ অনুসৰি সোমবাৰে ঘৰত আছিল কেৱল মাতৃ মুথুলক্ষ্মী। সেই সময়ত শ্বেতা আৰু কেনেথ তাত উপস্থিত হ’ল। কিবা এটাক লৈ হোৱা কাজিয়াত চোকা অস্ত্ৰৰে আঘাত কৰি হত্যা কৰা হৈছিল মুথুলক্ষ্মীক।

হত্যাকাণ্ডৰ পিছত বাথৰুমত থকা তেজৰ দাগবোৰ ধুবলৈ চেষ্টা কৰা হয়। তাৰ পিছত, সৰু ছোৱালী সুপ্ৰিয়া ঘৰলৈ উভতি আহিল। অভিযোগ অনুসৰি শ্বেতাই তাইক ধৰি ৰাখিছিল আৰু কেনেথে তাইক চোকা অস্ত্ৰৰে আক্ৰমণ কৰিছিল। থিতাতে মৃত্যু হয় সুপ্ৰিয়াৰ।

কিছু সময়ৰ পাছত সোমাসুন্দৰো ঘৰলৈ উভতি আহিল। যাতে এই ঘটনাৰ বিষয়ে কোনেও নাজানে, সেয়ে তেওঁকো একেটা অস্ত্ৰৰে আক্ৰমণ কৰা হ’ল। তেওঁ কেনেবাকৈ ঘৰৰ পৰা ওলাই আহি গুৰুতৰ অৱস্থাত সহায় বিচাৰিবলৈ চেষ্টা কৰিছিল। পিছত চিকিৎসালয়তে তেওঁৰ মৃত্যু হয়।

ঘটনাৰ খবৰ পোৱাৰ পিছতে কে আৰ পুৰম আৰক্ষী থানাৰ বিষয়াসকল সেই স্থানত উপস্থিত হৈ তদন্ত আৰম্ভ কৰে। মৃতদেহ দুটা মৰণোত্তৰ পৰীক্ষাৰ বাবে ইষ্ট পইণ্ট হাস্পতাললৈ প্ৰেৰণ কৰা হয়। সমগ্ৰ ঘটনাটো পৰিকল্পিতভাৱে হৈছিল নেকি আৰু শ্বেতা আৰু কেনেথে যৌথভাৱে হত্যাকাণ্ড সংঘটিত কৰিছিল নেকি সেই বিষয়ে আৰক্ষীয়ে তদন্ত কৰি আছে।

ইফালে, আৰক্ষীয়ে অভিযুক্তৰ সন্ধানত অভিযান আৰম্ভ কৰিছে। এই ঘটনাত এজন ব্যক্তিক গ্ৰেপ্তাৰ কৰা হৈছে বুলি জানিব পৰা গৈছে যদিও তেওঁৰ পৰিচয় বা ভূমিকা সম্পৰ্কে কোনো সবিশেষ জানিব পৰা হোৱা নাই। সমগ্ৰ ঘটনাৰ আঁৰৰ প্ৰকৃত কাৰণ আৰু হত্যাকাণ্ডৰ ক্ৰম জানিবলৈ তদন্ত অব্যাহত আছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ইষ্টবেংগলৰ বিধ্বংসী ৰূপৰ সন্মুখত হাৰ মানিলে মোহনবাগানে; এডমাণ্ডৰ চমকপ্ৰদ হেটট্ৰিক আৰু ৪-১ গ’লৰ জয়েৰে ওৰ পৰিল ২২ বছৰীয়া অপেক্ষাৰ

ইষ্টবেংগলৰ বিধ্বংসী ৰূপৰ সন্মুখত হাৰ মানিলে মোহনবাগানে; এডমাণ্ডৰ চমকপ্ৰদ হেটট্ৰিক আৰু ৪-১ গ’লৰ জয়েৰে ওৰ পৰিল ২২ বছৰীয়া অপেক্ষাৰ

August 23, 2026 9:55 pm
কাৰ্যালয়ত ৭ মাহে অনুপস্থিত উপাচাৰ্য, তথাপিও পাই আছে দৰমহা! তদন্তৰ চূড়ান্ত সিদ্ধান্ত বিচাৰি চৰকাৰলৈ আহ্বান তেজপুৰ বিশ্ববিদ্যালয় শিক্ষক সন্থাৰ

কাৰ্যালয়ত ৭ মাহে অনুপস্থিত উপাচাৰ্য, তথাপিও পাই আছে দৰমহা! তদন্তৰ চূড়ান্ত সিদ্ধান্ত বিচাৰি চৰকাৰলৈ আহ্বান তেজপুৰ বিশ্ববিদ্যালয় শিক্ষক সন্থাৰ

August 23, 2026 8:45 pm
নিৰ্বাচন আয়োগৰ আজৱ কাণ্ড! ৩ খন দেশত ভাৰতক প্ৰতিনিধিত্ব কৰা প্ৰাক্তন ৰাষ্ট্ৰদূতক বিচাৰিলে নাগৰিকত্বৰ প্ৰমাণ

নিৰ্বাচন আয়োগৰ আজৱ কাণ্ড! ৩ খন দেশত ভাৰতক প্ৰতিনিধিত্ব কৰা প্ৰাক্তন ৰাষ্ট্ৰদূতক বিচাৰিলে নাগৰিকত্বৰ প্ৰমাণ

August 23, 2026 7:36 pm
কাজিৰঙালৈ অশনি সংকেত: সংবেদনশীল এলেকা সংকোচন আৰু উদ্যোগীকৰণক লৈ আন্তঃৰাষ্ট্ৰীয় প্ৰকৃতি সংৰক্ষণ সংস্থাৰ সকীয়নি

কাজিৰঙালৈ অশনি সংকেত: সংবেদনশীল এলেকা সংকোচন আৰু উদ্যোগীকৰণক লৈ আন্তঃৰাষ্ট্ৰীয় প্ৰকৃতি সংৰক্ষণ সংস্থাৰ সকীয়নি

August 23, 2026 5:54 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ইষ্টবেংগলৰ বিধ্বংসী ৰূপৰ সন্মুখত হাৰ মানিলে মোহনবাগানে; এডমাণ্ডৰ চমকপ্ৰদ হেটট্ৰিক আৰু ৪-১ গ’লৰ জয়েৰে ওৰ পৰিল ২২ বছৰীয়া অপেক্ষাৰ

ইষ্টবেংগলৰ বিধ্বংসী ৰূপৰ সন্মুখত হাৰ মানিলে মোহনবাগানে; এডমাণ্ডৰ চমকপ্ৰদ হেটট্ৰিক আৰু ৪-১ গ’লৰ জয়েৰে ওৰ পৰিল ২২ বছৰীয়া অপেক্ষাৰ

August 23, 2026 9:55 pm
কাৰ্যালয়ত ৭ মাহে অনুপস্থিত উপাচাৰ্য, তথাপিও পাই আছে দৰমহা! তদন্তৰ চূড়ান্ত সিদ্ধান্ত বিচাৰি চৰকাৰলৈ আহ্বান তেজপুৰ বিশ্ববিদ্যালয় শিক্ষক সন্থাৰ

কাৰ্যালয়ত ৭ মাহে অনুপস্থিত উপাচাৰ্য, তথাপিও পাই আছে দৰমহা! তদন্তৰ চূড়ান্ত সিদ্ধান্ত বিচাৰি চৰকাৰলৈ আহ্বান তেজপুৰ বিশ্ববিদ্যালয় শিক্ষক সন্থাৰ

August 23, 2026 8:45 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd