ৰাছিয়াৰ মধ্যস্থতাত কালি আজাৰবাইজান আৰু আৰ্মেনিয়াই যুদ্ধবিৰতিত সন্মতি জনাইছিল যদিও যুদ্ধবিৰতি ঘোষণাৰ মাত্ৰ কেই ঘণ্টামানৰ ভিতৰতে পুনৰ যুদ্ধ ক্ষেত্ৰলৈ পৰ্যবসিত হয় বিবদমান নাগৰ্নো-কাৰবাখ অঞ্চল।
নাগৰ্নো-কাৰবাখ অঞ্চলকলৈ আৰ্মেনিয়াৰ বিদ্ৰোহীয়ে ঘোষণা কৰা ৰাষ্ট্ৰ ৰিপাব্লিক অৱ আৰ্টচাকৰ স্ব-ঘোষিত ৰাষ্ট্ৰপতি আৰাইক হাৰুতুনিয়ানৰ মুখপাত্ৰ ভাহৰাম ফগচিয়ানে প্ৰকাশ কৰা অনুসৰি আৰ্টচাকৰ ছুচি আৰু মাৰতুনি চহৰত যোৱা নিশাৰে পৰা আজাৰবাইজানৰ সেনাই ধাৰাসাৰ বোমা নিক্ষেপ কৰিছে।
আৰ্টচাকৰ ৰাজধানী স্তেপানকাৰ্টত আজাৰবাইজানে দুটাকৈ মিছাইল নিক্ষেপ কৰা বুলি তেওঁ অভিযোগ কৰে।
এতিয়ালৈকে এই যুদ্ধত ৩৭৬ জন সেনা আৰু ২৭ জন অসামৰিক লোকৰ মৃত্যু ঘটিছে।
ইপিনে ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনে আজাৰবাইজান আৰু আৰ্মেনিয়াক মস্কোত শান্তি আলোচনাত বহাৰ বাবে আজি আহ্বান জনাইছে।
উল্লেখ্য কালি নাগৰ্নো-কাৰবাখ অঞ্চলকলৈ যোৱা ২৭ ছেপ্তেম্বৰৰ পৰা ভয়ংকৰ যুদ্ধত লিপ্ত হোৱা আজাৰবাইজান আৰু আৰ্মেনিয়াই যুদ্ধবিৰতি ঘোষণা কৰিবলৈ সন্মত হৈছিল।
ৰাছিয়াৰ বিদেশ মন্ত্ৰী ছাৰ্গে লাভৰভে এই কথা প্ৰকাশ কৰি কৈছিল যে ১০ ঘণ্টা ধৰি চলা আলোচনাৰ অন্তত দুয়ো পক্ষই যুদ্ধবিৰতিৰ বাবে সন্মতি প্ৰদান কৰিছে।
কালি মাজ নিশাৰ পৰাই নাগৰ্নো-কাৰবাখ অঞ্চলত যুদ্ধবিৰতি প্ৰযোজ্য হ’ব বুলি ৰাছিয়াৰ মন্ত্ৰী গৰাকীয়ে কৈছিল।কিন্তু কাৰ্যতঃ দুয়ো পক্ষই সেই সিদ্ধান্ত উলংঘা কৰি পুনৰ যুদ্ধতহে লিপ্ত হৈছে।