• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, October 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ভাৰতত নিৰ্মিত আইফোন আমেৰিকাত বিক্ৰী কৰিলে ২৫ শতাংশ শুল্ক আৰোপ; এপলক সকীয়ালে ট্ৰাম্পে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 24, 2025 11:20 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আমেৰিকাত নিৰ্মিত আইফোনহে কেৱল আমেৰিকাতহে বিক্ৰী কৰিব পাৰিব। অন্যথা অতিৰিক্ত শুল্ক পৰিশোধ কৰিব লাগিব। নতুন ফতোৱা জাৰি কৰিছে ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে। আমেৰিকাত বিক্ৰী হোৱা আন দেশত নিৰ্মিত আইফোনৰ ওপৰত ২৫ শতাংশ শুল্ক আৰোপ কৰা হ’ব। আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে এপলক এইদৰে সকীয়াই দিছে।

ট্ৰুথ ছ’চিয়েলত এটা পোষ্টত আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে, “মই বহুদিনৰ পৰা এপলৰ টিম কুকক কৈ আহিছো যে তেওঁলোকে আমেৰিকাত বিক্ৰী কৰা আইফোনসমূহ ভাৰত বা আন কোনো ঠাইত নহয়, আমেৰিকাত নিৰ্মাণ কৰিব লাগিব। যদি সেয়া নহয়, তেন্তে এপলে আমেৰিকাক কমেও ২৫ শতাংশ শুল্ক দিব লাগিব।”

Apply Now

ৰাষ্ট্ৰপতি ট্ৰাম্পৰ সতৰ্কবাণীৰ পিছত প্ৰিমাৰ্কেট ট্ৰেডিঙত এপলৰ শ্বেয়াৰৰ মূল্য ২.৫ শতাংশ হ্ৰাস পায়। ফলত আমেৰিকাৰ ষ্টক ইনডেক্স ফিউচাৰৰ মূল্য হ্ৰাস পাইছে।

আমেৰিকা প্ৰশাসনে ব্যক্তিগত কোম্পানী এটাৰ ওপৰত এনেদৰে শুল্ক আৰোপ কৰিব পাৰে নেকি সেয়া স্পষ্ট নহয়। ট্ৰাম্পৰ এই ঘোষণাৰ পিছতে সংবাদ সংস্থা ৰয়টাৰে এপলৰ পৰা সঁহাৰি বিচাৰিছিল যদিও কোম্পানীটোৱে কোনো সঁহাৰি নিদিলে।

যোৱা মাহত প্ৰকাশ পোৱা বাতৰি অনুসৰি ট্ৰাম্পে চীনৰ ওপৰত অতিৰিক্ত শুল্ক আৰোপ কৰাৰ ফলত আইফোনৰ মূল্য বৃদ্ধিৰ আশংকা বৃদ্ধি পাইছে। এপলে ভাৰতক বিকল্প উৎপাদন কেন্দ্ৰ হিচাপে স্থান দিছে।

আইফোন নিৰ্মাতা কোম্পানীটোৱে লগতে জনায় যে জুন মাহত আমেৰিকাত বিক্ৰী হোৱা তেওঁলোকৰ অধিকাংশ স্মাৰ্টফোন ভাৰতৰ পৰা আহিব।

আমেৰিকাৰ বহুজাতিক সংস্থা এপলে ইয়াৰ বেছিভাগ সামগ্ৰী আমেৰিকাৰ বাহিৰত নিৰ্মাণ কৰে। এই কোম্পানীটোৰ ৮০ শতাংশতকৈ অধিক সামগ্ৰী চীনত নিৰ্মিত। প্ৰায় ২০ শতাংশ এপল আইফোন ভাৰতত নিৰ্মিত। ভাৰতত নিৰ্মিত আইফোনৰ বিপুল সংখ্যক আমেৰিকাৰ বজাৰত বিক্ৰী হয়।

এপলে ভাৰতকে ধৰি অন্য দেশত সামগ্ৰী নিৰ্মাণ বন্ধ কৰিব লাগে। ৰাষ্ট্ৰপতি ট্ৰাম্পে এইটোৱেই বিচাৰে। চলিত বৰ্ষৰ এপ্ৰিল মাহত হোৱাইট হাউছে এই কথা স্পষ্ট কৰি দিছিল। শেহতীয়াকৈ ট্ৰাম্পে এপলৰ চিইঅ’ কুককো সকীয়াই দিছিল, “আমি আপোনাৰ লগত ভাল কাম কৰি আহিছো। আপুনি চীনত নিৰ্মাণ কৰা উৎপাদন প্লাণ্টবোৰ আমি বছৰ বছৰ ধৰি সহ্য কৰি আহিছো। কিন্তু আপুনি ভাৰতত কাৰখানাবোৰ নিৰ্মাণ কৰা আমি পছন্দ নকৰো। ভাৰতে নিজৰ যত্ন ল’ব পাৰে আৰু তেওঁলোকে যথেষ্ট ভালদৰে চলি আছে।”

তেতিয়াও এপলে এই বিষয়ত সেই ধৰণে মাত মতা দেখা পোৱা নগ’ল। অৱশেষত আহিল ট্ৰাম্পৰ সতৰ্কবাণী।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত চচলত শতাধিক লোকৰ প্ৰতিবাদ : পথলৈ ওলাই অহাত বাধা আৰক্ষীৰ

জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত চচলত শতাধিক লোকৰ প্ৰতিবাদ : পথলৈ ওলাই অহাত বাধা আৰক্ষীৰ

October 10, 2026 6:30 pm
বন্ধ হ’ব কহিনুৰ থিয়েটাৰ! অন্ত পৰিব নেকি পাঁচ দশৰ নাট্য ইতিহাস?

বন্ধ হ’ব কহিনুৰ থিয়েটাৰ! অন্ত পৰিব নেকি পাঁচ দশৰ নাট্য ইতিহাস?

October 10, 2026 5:28 pm
১১ গৰাকী ছাত্ৰীক যৌন নিৰ্যাতনৰ অভিযোগত JNU-ৰ পৰা বৰ্খাস্ত মণিপুৰৰ সাংসদ-অধ্যাপকক

১১ গৰাকী ছাত্ৰীক যৌন নিৰ্যাতনৰ অভিযোগত JNU-ৰ পৰা বৰ্খাস্ত মণিপুৰৰ সাংসদ-অধ্যাপকক

October 10, 2026 2:48 pm
‘ভাৰত এতিয়া আৰু উপনিবেশ নহয়’, ষ্টাৰলিংক বিতৰ্কত ‘স্বাৰ্থপৰ’ ইলন মাস্কক এশিকনি কমল হাছানৰ

‘ভাৰত এতিয়া আৰু উপনিবেশ নহয়’, ষ্টাৰলিংক বিতৰ্কত ‘স্বাৰ্থপৰ’ ইলন মাস্কক এশিকনি কমল হাছানৰ

October 10, 2026 1:08 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত চচলত শতাধিক লোকৰ প্ৰতিবাদ : পথলৈ ওলাই অহাত বাধা আৰক্ষীৰ

জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত চচলত শতাধিক লোকৰ প্ৰতিবাদ : পথলৈ ওলাই অহাত বাধা আৰক্ষীৰ

October 10, 2026 6:30 pm
বন্ধ হ’ব কহিনুৰ থিয়েটাৰ! অন্ত পৰিব নেকি পাঁচ দশৰ নাট্য ইতিহাস?

বন্ধ হ’ব কহিনুৰ থিয়েটাৰ! অন্ত পৰিব নেকি পাঁচ দশৰ নাট্য ইতিহাস?

October 10, 2026 5:28 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd