• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 11, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

দুই মহাৰথীৰ যুঁজত কম্পন আমেৰিকাত! ট্ৰাম্পেতো কৈয়েই দিলে ‘মাস্কৰ সৈতে সম্পৰ্ক শেষ’

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 8, 2025 9:54 am
119
VIEWS
Share on FacebookShare on Twitter

বিশ্বৰ ধনীতম ব্যক্তি ইলন মাস্কৰ সৈতে তেওঁৰ সম্পৰ্ক শেষ হোৱা বুলি প্ৰকাশ কৰিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে। তেওঁ সম্পৰ্কটো আৰু পুনৰ জোৰা লগাব নিবিচাৰে।

শনিবাৰে এনবিচি নিউজৰ সৈতে হোৱা এক সাক্ষাৎকাৰত ট্ৰাম্পে এই কথা কয়। তেওঁক সোধা হৈছিল যে তেওঁলোকৰ ঘনিষ্ঠ সম্পৰ্ক শেষ হৈছে নেকি? তেওঁ উত্তৰ দিলে, “হয়, মই সেইটোৱে ধৰি লৈছো।”

মাস্কৰ সৈতে সম্পৰ্ক পুনৰ গঢ়িব বিচাৰে নেকি সেই প্ৰশ্নৰ উত্তৰত ট্ৰাম্পে স্পষ্টভাৱে কয় যে “নাই”। এই মন্তব্য ছ’চিয়েল মিডিয়াত মাস্কৰ সৈতে তেওঁৰ ৰাজহুৱা সংঘাতৰ শেহতীয়া বহিৰ্প্ৰকাশ।

টেছলা আৰু স্পেচএক্সৰ চিইঅ’ মাস্কে ট্ৰাম্পৰ আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ প্ৰচাৰত কোটি কোটি টকাৰ অনুদান আগবঢ়ায়। ট্ৰাম্প ৰাষ্ট্ৰপতি হোৱাৰ পিছত তেওঁ হোৱাইট হাউছৰ উপদেষ্টা হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। শেহতীয়াকৈ তেওঁ ট্ৰাম্পৰ কৰ আৰু ব্যয়ৰ বিলক তীব্ৰ সমালোচনা কৰে।

শেহতীয়াকৈ মাস্কে ট্ৰাম্পৰ কৰ আৰু ব্যয়ৰ বিলক “নিকৃষ্ট” বুলি সমালোচনা কৰিছে। তেওঁৰ মন্তব্যৰ উত্তৰত ট্ৰাম্পে অ’ভেল অফিচত সাংবাদিকৰ আগত কয়, “চাওক, ইলনৰ সৈতে মোৰ বহুত ভাল সম্পৰ্ক আছিল। সেইটো থাকিব নে নাথাকিব মই নাজানো।’

মাস্ক সন্দৰ্ভত এক প্ৰশ্নৰ উত্তৰত ট্ৰাম্পে কয়, ‘মই বহুত হতাশ। কাৰণ এই বিলখনৰ ভিতৰৰ কথা তেওঁ ইয়াত থকা আন সকলোতকৈ ভালকৈ জানিছিল। হঠাতে তেওঁৰ ইয়াক লৈ সমস্যা হৈছে।’ অৱশ্যে মাস্কে ট্ৰাম্পৰ এই দাবীক মিছা বুলি খাৰিজ কৰে।

ট্ৰাম্পৰ এই বক্তব্যৰ পিছত মাস্কে ছ’চিয়েল মিডিয়া এক্সত কেইবাটাও পোষ্ট কৰিছিল।এই পোষ্টবোৰত তেওঁ ব্যক্তিগতভাৱে ট্ৰাম্পক আক্ৰমণ কৰিবলৈ কুণ্ঠাবোধ কৰা নাছিল। যদিও তেওঁ প্ৰমাণ নিদিলে, মাস্কে দাবী কৰে যে ট্ৰাম্প ‘এপষ্টেইন ফাইল’তো আছে।

শনিবাৰে এনবিচিৰ সৈতে হোৱা এক সাক্ষাৎকাৰত ট্ৰাম্পে কয় যে মাস্কে ৰাষ্ট্ৰপতিৰ কাৰ্যালয়ৰ প্ৰতি অসন্মানজনক আচৰণ কৰিছে।

Recent News

টাৰ্গেট প্ৰধানমন্ত্ৰী পদ? পুনৰ বয়স সীমা ৭৫ৰ নিদান সংঘৰ; নতুনক সুযোগ দিয়াৰ পক্ষত সৰৱ ভাগৱত

টাৰ্গেট প্ৰধানমন্ত্ৰী পদ? পুনৰ বয়স সীমা ৭৫ৰ নিদান সংঘৰ; নতুনক সুযোগ দিয়াৰ পক্ষত সৰৱ ভাগৱত

বিল পৰিশোধ নকৰাৰ বাবে চিকিৎসালয়সমূহে মৃতদেহ ৰখাই থোৱাত নিষেধাজ্ঞা অসম চৰকাৰৰ

বিল পৰিশোধ নকৰাৰ বাবে চিকিৎসালয়সমূহে মৃতদেহ ৰখাই থোৱাত নিষেধাজ্ঞা অসম চৰকাৰৰ

লৰ্ডছত প্ৰথম দিনা ৪ উইকেটত ২৫১ৰান ইংলেণ্ডৰ; ক্ৰীজত ৯৯ ৰানত ৰুট! বুমৰাহৰ চিকাৰ ব্ৰুক

লৰ্ডছত প্ৰথম দিনা ৪ উইকেটত ২৫১ৰান ইংলেণ্ডৰ; ক্ৰীজত ৯৯ ৰানত ৰুট! বুমৰাহৰ চিকাৰ ব্ৰুক

বাৰিষাৰ সময়ত শিশুক সুৰক্ষা দিবলৈ অভিভাৱকৰ বাবে ৬টা গুৰুত্বপূৰ্ণ পৰামৰ্শ

বাৰিষাৰ সময়ত শিশুক সুৰক্ষা দিবলৈ অভিভাৱকৰ বাবে ৬টা গুৰুত্বপূৰ্ণ পৰামৰ্শ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd