ভেনিজুৱেলাত অতৰ্কিত সামৰিক আক্ৰমণ চলাই দেশখনৰ ৰাষ্ট্ৰপতি নিকোলাছ মাদুৰোক পত্নীসহ আমেৰিকালৈ ধৰি লৈ যোৱাৰ ঘটনাই সমগ্ৰ বিশ্বতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। এই কাৰ্যক লৈ বিশ্বজুৰি মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প তীব্ৰ সমালোচনাৰ সন্মুখীন হৈছে। কিন্তু এনে নিন্দা-সমালোচনাক ভ্ৰূক্ষেপ নকৰি ট্ৰাম্পে এইবাৰ পুনৰ ভাৰতক লক্ষ্য কৰি বাণিজ্যিক শুল্ক বৃদ্ধিৰ ভাবুকি প্ৰদান কৰিছে।
ট্ৰাম্পৰ এই ভাবুকিৰ মূল কাৰণ হৈছে ৰাছিয়াৰ সৈতে ভাৰতৰ বৰ্ধিত বাণিজ্যিক সম্পৰ্ক, বিশেষকৈ খাৰুৱা তেলৰ আমদানি। শেহতীয়াকৈ এক বক্তব্যত ট্ৰাম্পে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক এজন “অতি দক্ষ আৰু ভাল ব্যক্তি” বুলি অভিহিত কৰিলেও ভাৰতৰ বাণিজ্যিক নীতিৰ ওপৰত অসন্তুষ্টি প্ৰকাশ কৰিছে। তেওঁ কয় যে মোদীয়ে ভালকৈ জানে যে ৰাছিয়াৰ পৰা তেল আমদানি কৰা বিষয়টোত তেওঁ সুখী নহয়। ট্ৰাম্পৰ মতে, যিহেতু ভাৰতে আমেৰিকাৰ সৈতে বৃহৎ পৰিমাণৰ ব্যৱসায় কৰে, সেয়েহে আমেৰিকাই বিচাৰিলে অতি সোনকালেই ভাৰতীয় সামগ্ৰীৰ ওপৰত শুল্ক বৃদ্ধি কৰি মোদী চৰকাৰক চাপত পেলাব পাৰে।
চৰকাৰী তথ্য অনুসৰি, ২০২৫ চনৰ নৱেম্বৰ মাহত ভাৰতে ৰাছিয়াৰ পৰা কৰা তেল আমদানি যোৱা ছয় মাহৰ ভিতৰত সৰ্বোচ্চ স্তৰত উপনীত হৈছে। বৰ্তমান ভাৰতৰ মুঠ তেল আমদানিৰ প্ৰায় ৩৫ শতাংশই আহে ৰাছিয়াৰ পৰা। নৱেম্বৰ মাহত ভাৰতে ৰাছিয়াৰ পৰা প্ৰায় ৭.৭ নিযুত টন খাৰুৱা তেল ক্ৰয় কৰিছে। আৰু এই তেলৰ বাণিজ্যিক মূল্য প্ৰায় ৩.৭ বিলিয়ন আমেৰিকান ডলাৰ।
উল্লেখ্য যে, ২০২৫ চনৰ আগষ্ট মাহতে আমেৰিকাই ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰাৰ শাস্তিস্বৰূপে ভাৰতীয় সামগ্ৰীৰ ওপৰত আমদানি শুল্ক ২৫ শতাংশৰ পৰা বৃদ্ধি কৰি ৫০ শতাংশ কৰিছিল। এই কঠোৰ সিদ্ধান্তই দুই দেশৰ বাণিজ্যিক সম্পৰ্কত তিক্ততাৰ সৃষ্টি কৰিছে।
আমেৰিকাৰ এনে হেঁচা সত্ত্বেও ভাৰতে এক অতি চতুৰ আৰু সন্তুলিত কূটনৈতিক কৌশল অৱলম্বন কৰি আহিছে। চৰকাৰী তথ্যই দেখুৱাইছে যে ভাৰতে কেৱল ৰাছিয়াই নহয়, আমেৰিকাৰ পৰাও তেল আমদানি উল্লেখনীয়ভাৱে বৃদ্ধি কৰিছে।
২০২৫ চনৰ নৱেম্বৰ মাহত আমেৰিকাৰ পৰা ভাৰতৰ তেল আমদানি যোৱা সাত মাহৰ ভিতৰত সৰ্বোচ্চ স্তৰত, অৰ্থাৎ প্ৰায় ২.৮ নিযুত টনত উপনীত হৈছে।
ইয়াৰ ফলত ভাৰতৰ তেল বজাৰত আমেৰিকাৰ অংশীদাৰিত্ব ৪.২ শতাংশৰ পৰা বৃদ্ধি পাই ১২.৬ শতাংশলৈ উন্নীত হৈছে।
এই পৰিসংখ্যাই প্ৰমাণ কৰে যে ভাৰতে নিজৰ শক্তিৰ প্ৰয়োজন পূৰণ কৰিবলৈ কোনো এখন নিৰ্দিষ্ট দেশৰ ওপৰত নিৰ্ভৰ নকৰি গোলকীয় শক্তিৰ মাজত এক ভাৰসাম্য ৰক্ষা কৰিবলৈ চেষ্টা চলাইছে। অৱশ্যে ট্ৰাম্পৰ শেহতীয়া হুংকাৰে আগন্তুক দিনত ভাৰত-আমেৰিকাৰ বাণিজ্যিক সম্পৰ্ক কোন দিশে লৈ যায়, সেয়া লক্ষ্যণীয় হ’ব।





