• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

‘ৰাতিটোৰ ভিতৰতে শেষ হৈ যাব পাৰে গোটেই ইৰাণ’; হৰমুজক লৈ ট্ৰাম্পৰ চূড়ান্ত সকীয়নি

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 21, 2026 11:31 am
46
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আমেৰিকাই এজন পাইলট উদ্ধাৰ কৰিবলৈ গৈ দুখন চি-১৩০ সামৰিক বিমান আৰু কেইবাখনো হেলিকপ্টাৰ হেৰুৱাইছে। এই পৰিস্থিতিত জল্পনা-কল্পনাৰ সৃষ্টি হৈছে যে আমেৰিকাই কেৱল পাইলটজনক উদ্ধাৰৰ বাবেই এই বিশাল অভিযান চলাইছিল নে ইয়াৰ উদ্দেশ্য আছিল ইৰাণৰ ইউৰেনিয়াম চুৰি কৰা?

এই সকলোবোৰ জল্পনা-কল্পনাৰ মাজতে ড’নাল্ড ট্ৰাম্পে পুনৰবাৰ ইৰাণক কঠোৰ সকীয়নি দিলে। তেওঁ কয় যে যদিহে হৰমুজ প্ৰণালী মুকলি নহয় তেন্তে ইৰাণ ৰাতিটোৰ ভিতৰতে ধ্বংস হ’ব পাৰে। সোমবাৰে হোৱাইট হাউছত অনুষ্ঠিত হোৱা এক প্ৰেছ ব্রিফিঙত ট্ৰাম্পে কয় যে গোটেই ইৰাণ ৰাতিটোৰ ভিতৰতে শেষ হৈ যাব পাৰে আৰু সেই নিশা কাইলৈ ​​অৰ্থাৎ মঙলবাৰো হ’ব পাৰে।

Apply Now

ট্ৰাম্পে ইৰাণক মঙলবাৰে নিশা ৮ বজালৈকে সময় দিছে হৰমুজ প্ৰণালী মুকলি কৰিবলৈ। মন কৰিবলগীয়া যে ট্ৰাম্পে বিগত সময়ত ইৰাণৰ বাবে এনে কেইবাটাও সময়সীমা নিৰ্ধাৰণ কৰিছিল। অৱশ্যে ইৰাণে তেওঁলোকক কোনো গুৰুত্ব দিয়া নাই।

ইয়াৰ মাজতে ছ’চিয়েল মিডিয়া পোষ্টৰ জৰিয়তে ইৰাণলৈ নতুন ভাবুকি দিছে ট্ৰাম্পে। তাত তেওঁ লিখিছে, ‘মঙলবাৰ হ’ব বিদ্যুৎ কেন্দ্ৰ দিৱস আৰু দলং দিৱস। ইৰাণৰ শক্তি আৰু অসামৰিক আন্তঃগাঁথনি সম্পূৰ্ণৰূপে ধ্বংস হ’ব।’

ইয়াৰ পূৰ্বে মাৰ্চ মাহৰ শেষৰ ফালে ট্ৰাম্পে ইৰাণক হৰমুজৰ বিষয়ে আলোচনা কৰিবলৈ ১০ দিনৰ বাবে সময়সীমা দিছিল। পিছত সেই সময়সীমা আৰু ১০ দিন বৃদ্ধি কৰে। সেই সময় ৬ এপ্ৰিলত শেষ হৈছে।

ইয়াৰ পূৰ্বে ৫ এপ্ৰিলত ট্ৰাম্পে ইৰাণক ৪৮ ঘণ্টাৰ সময়সীমা দি কৈছিল, ‘৪৮ ঘণ্টাৰ ভিতৰত যদি কোনো চুক্তি নহয় তেন্তে নৰকৰ বৰষুণ হ’ব।’ সেই পোষ্টটোত তেওঁ ইৰাণক পাগল বুলি অভিহিত কৰিছিল আৰু কুৎসিত ভাষা ব্যৱহাৰ কৰিছিল।

মন কৰিবলগীয়া যে হৰমুজ প্ৰণালী বন্ধ হোৱাৰ বাবে দেশ-বিদেশ উভয়তে হেঁচাত পৰিছে ট্ৰাম্প। যুদ্ধৰ আগতে এই প্ৰণালীৰ মাজেৰে জাহাজ শান্তিপূৰ্ণভাৱে পাৰ হৈ গৈছিল। কিন্তু এতিয়া ইৰাণে আমেৰিকাৰ বা আমেৰিকাৰ সৈতে জড়িত কোনো দেশৰ জাহাজক এই প্ৰণালীৰ মাজেৰে পাৰ হ’বলৈ দিয়া নাই। এই পৰিস্থিতিত ঘৰুৱা ৰাজনীতিত ট্ৰাম্প সমালোচিত হৈছে। আকৌ, ট্ৰাম্পে হৰমুজক মুকলি কৰি ৰাখিবলৈ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত মিত্ৰতা গঠনৰ কথা কৈছে যদিও কোনো দেশেই ইয়াৰ প্ৰতি সঁহাৰি জনোৱা নাই।

হৰমুজ প্ৰণালী কি? হৰমুজ প্ৰণালীয়ে পাৰস্য উপসাগৰ আৰু ওমান উপসাগৰক সংযোগ কৰে। ফলত পাৰ্চী উপসাগৰৰ সীমান্তৱৰ্তী বিশ্বৰ আগশাৰীৰ তেল উৎপাদনকাৰী দেশ যেনে ইৰাণ, চৌদি আৰব, সংযুক্ত আৰব আমিৰশ্বাহী দেশসমূহে তেল যোগানৰ বাবে হৰমুজ প্ৰণালীৰ ওপৰত নিৰ্ভৰশীল। হৰমুজ প্ৰণালী বৰ বহল নহয়। ইয়াৰ আটাইতকৈ সংকীৰ্ণ বিন্দুত ইয়াৰ বহল মাত্ৰ ৩৩ কিলোমিটাৰ। ফলত প্ৰণালীটো বন্ধ কৰি ৰখাটো সহজ হৈ পৰে।

প্ৰসংগক্ৰমে ২৮ ফেব্ৰুৱাৰীৰ পৰা পশ্চিম এছিয়াত সংঘাত আৰম্ভ হোৱাৰ পৰাই ইৰাণে প্ৰথমে ১০ মাৰ্চলৈকে ৯খন টেংকাৰ আক্ৰমণ কৰিছিল।এই সকলো ৯খন জাহাজতে ভাৰতীয় ক্ৰু আছিল বুলি জনা যায়। তাৰ পিছত ১১ মাৰ্চত ইৰাণে মালবাহী জাহাজত আক্ৰমণৰ সংখ্যা বৃদ্ধি কৰে। গভীৰ নিশা কমেও ৫-৬ খন জাহাজত আক্ৰমণ কৰে।

 এই পৰ্যন্ত ১ মাৰ্চত ওমানৰ খাছাব বন্দৰত তেল টেংকাৰ এম টি স্কাইলাইটত সংঘটিত হোৱা আক্ৰমণত কেপ্তেইন আশীষ কুমাৰ আৰু অইলৰ দিলীপ সিঙে প্ৰাণ হেৰুৱাইছিল।ইফালে ওমানৰ মাস্কাটৰ পৰা ৭০ নটিকেল মাইল দূৰত থকা টেংকাৰ এম কে ডি বায়মক আক্ৰমণৰ ফলত অইলৰ দীক্ষিত অমৃতলাল সোলংকিয়ে প্ৰাণ হেৰুৱাইছিল। ইৰাকৰ জলসীমাত আমেৰিকাৰ ছেফ-ছি বিষ্ণু জাহাজত প্ৰাণ হেৰুৱালে দেৱানন্দন প্ৰসাদ সিঙে। জনা যায় যে ইৰাণ যুদ্ধৰ সময়ত সাগৰত প্ৰাণ হেৰুওৱা সকলো নাৱিক ভাৰতীয়। ইয়াকে লৈ ভাৰতেও শেহতীয়াকৈ ক্ষোভ প্ৰকাশ কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘মনত ভক্তি নাই বাবেই দান চুৰি হোৱা বুলি কৈছে’- ৰাম মন্দিৰৰ ধন লুণ্ঠন সন্দৰ্ভত উত্তৰ প্ৰদেশ বিধানসভাৰ অধ্যক্ষৰ বিস্ফোৰক মন্তব্য

‘মনত ভক্তি নাই বাবেই দান চুৰি হোৱা বুলি কৈছে’- ৰাম মন্দিৰৰ ধন লুণ্ঠন সন্দৰ্ভত উত্তৰ প্ৰদেশ বিধানসভাৰ অধ্যক্ষৰ বিস্ফোৰক মন্তব্য

July 15, 2026 9:16 pm
ভক্তই শুদ্ধ চিত্তে দান নকৰা বাবেই চুৰি হ’ল প্ৰণামীৰ ধন : ৰাম মন্দিৰ কাণ্ডত উত্তৰ প্ৰদেশৰ অধ্যক্ষৰ বিতৰ্কিত মন্তব্য

ভক্তই শুদ্ধ চিত্তে দান নকৰা বাবেই চুৰি হ’ল প্ৰণামীৰ ধন : ৰাম মন্দিৰ কাণ্ডত উত্তৰ প্ৰদেশৰ অধ্যক্ষৰ বিতৰ্কিত মন্তব্য

July 15, 2026 8:54 pm
ভূমি আন্দোলনৰ নেতা আদিত চন্দ্র ৰাভা, প্ৰণৱ দলেসহ সতীৰ্থৰ মুক্তিৰ দাবীত প্ৰতিবাদ অব্যাহত

ভূমি আন্দোলনৰ নেতা আদিত চন্দ্র ৰাভা, প্ৰণৱ দলেসহ সতীৰ্থৰ মুক্তিৰ দাবীত প্ৰতিবাদ অব্যাহত

July 15, 2026 6:54 pm
কাপোৰ খোলা বা বুকুত হাত দিলেই ধৰ্ষণৰ চেষ্টা নহয় : শ্লীলতাহানিৰ পাৰ্থক্য বুজাই গুৰুত্বপূৰ্ণ ৰায় পাটনা উচ্চ ন্যায়ালয়ৰ

কাপোৰ খোলা বা বুকুত হাত দিলেই ধৰ্ষণৰ চেষ্টা নহয় : শ্লীলতাহানিৰ পাৰ্থক্য বুজাই গুৰুত্বপূৰ্ণ ৰায় পাটনা উচ্চ ন্যায়ালয়ৰ

July 15, 2026 6:32 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘মনত ভক্তি নাই বাবেই দান চুৰি হোৱা বুলি কৈছে’- ৰাম মন্দিৰৰ ধন লুণ্ঠন সন্দৰ্ভত উত্তৰ প্ৰদেশ বিধানসভাৰ অধ্যক্ষৰ বিস্ফোৰক মন্তব্য

‘মনত ভক্তি নাই বাবেই দান চুৰি হোৱা বুলি কৈছে’- ৰাম মন্দিৰৰ ধন লুণ্ঠন সন্দৰ্ভত উত্তৰ প্ৰদেশ বিধানসভাৰ অধ্যক্ষৰ বিস্ফোৰক মন্তব্য

July 15, 2026 9:16 pm
ভক্তই শুদ্ধ চিত্তে দান নকৰা বাবেই চুৰি হ’ল প্ৰণামীৰ ধন : ৰাম মন্দিৰ কাণ্ডত উত্তৰ প্ৰদেশৰ অধ্যক্ষৰ বিতৰ্কিত মন্তব্য

ভক্তই শুদ্ধ চিত্তে দান নকৰা বাবেই চুৰি হ’ল প্ৰণামীৰ ধন : ৰাম মন্দিৰ কাণ্ডত উত্তৰ প্ৰদেশৰ অধ্যক্ষৰ বিতৰ্কিত মন্তব্য

July 15, 2026 8:54 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd