• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

৬ নং দফাৰ প্ৰতিবেদনক লৈ জীয়া ফাঁকি দিয়াৰ পাছতো সোণোৱালৰ আহ্বান : ‘সকলোৱে আমাৰ ওপৰত আস্থা ৰাখক’

ৰাইজ, সঁচাকৈ সৰ্বানন্দ সোণোৱালক আকৌ আস্থাত ল’ব নে?

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
September 16, 2020 8:35 pm
9d86a20e-15fa-4b20-a04d-b035704c4e9f (1)
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসম চুক্তিৰ ছয় নং দফাৰ উচ্চ-স্তৰীয় কমিটিৰ প্ৰতিবেদন কেন্দ্ৰক অৰ্পণ কৰাৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰৰ জীয়া ফাঁকি ধৰা পৰিছে সংসদৰ ৰাজ্যসভাৰ মজিয়াত।

যোৱা ফেব্ৰুৱাৰী মাহতে ৰাজ্যৰ মুখ্যমন্ত্ৰী, বিত্ত, অসম চুক্তি ৰূপায়ণ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু কেবিনেট মন্ত্ৰীৰ উপস্থিতিত ৬ নং দফা ৰূপায়ণৰ বাবে কেন্দ্ৰীয় চৰকাৰে গঠন কৰি দিয়া উচ্চ-স্তৰীয় কমিটিয়ে প্ৰতিবেদন দাখিল কৰিছিল যদিও বৰ্তমানলৈকে দিছপুৰৰ আলমিৰাতে আৱদ্ধ হৈ আছে সেই প্ৰতিবেদন।

Apply Now

তাৰ পাছতো অসমৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ অসমৰ জনসাধাৰণৰ প্ৰতি আহ্বান জনায় কয় ‘‘সকলোৱে আমাৰ ওপৰত আস্থা ৰাখক”।

‘উচ্চ-স্তৰীয় কমিটিয়ে চৰকাৰৰ হাতত প্ৰতিবেদন অৰ্পণ কৰিলে। চৰকাৰৰ হাতত অৰ্পণ কৰাৰ লগে লগে আমাৰ যিটো প্ৰতিশ্ৰুতি আমি দায়ৱদ্ধতাৰে পালন কৰিম।‘ সোণোৱালে সংবাদ মাধ্যমৰ আগত এইদৰে কয়।

লগতে পঢ়ক : ৰাজ্য চৰকাৰৰ জীয়া ফাঁকি! : কেন্দ্ৰক অৰ্পণ কৰাই নাই অসম চুক্তিৰ ছয় নং দফাৰ উচ্চস্তৰীয় কমিটিৰ প্ৰতিবেদন

ইপিনে, ৬ নং দফা কমিটিয়ে যিখিনি পৰামৰ্শ দিছে সেয়া পৰীক্ষা নীৰিক্ষা কৰি চৰকাৰে কাৰ্য ব্যৱস্থা হাতত ল’ব বুলি সোণোৱালে দাবী কৰে।

প্ৰশ্ন হয় ৰাইজে এতিয়া সোণোৱালে জনোৱা আহ্বানৰ প্ৰতি সঁহাৰি জনাই তেওঁক আস্থাত ল’ব নে?

যোৱা ৬ মাহ ধৰি কেন্দ্ৰীয় চৰকাৰৰ হাতত অসম চুক্তিৰ ৬ নং দফা সন্দৰ্ভত গঠন কৰি দিয়া উচ্চ-স্তৰীয় কমিটিৰ পৰামৰ্শৰ প্ৰতিবেদনখন কেন্দ্ৰীয় চৰকাৰৰ হাতত অৰ্পণ কৰিব নোৱাৰিলে সোণোৱাল নেতৃত্বাধীন বিজেপি চৰকাৰে।

তেনে পৰিপ্ৰেক্ষিতত কেনেকৈ মুখ্যমন্ত্ৰীগৰাকীৰ আহ্বানৰ প্ৰতি ৰাইজে সঁহাৰি জনাব বুলিও এক প্ৰশ্ন উত্থাপিত হৈছে।

উল্লেখযোগ্য যে, ৰাজ্য চৰকাৰৰ তৰফৰ পৰা জনোৱা হৈছিল যে অসম চুক্তিৰ ছয় নং দফা কাৰ্যকৰীকৰণৰ বাবে কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে গঠন কৰি দিয়া উচ্চ-স্তৰীয় কমিটিয়ে আগবঢ়োৱা প্ৰতিবেদন কেন্দ্ৰীয় গৃহ দপ্তৰক অৰ্পণ কৰা হৈছিল।

কিন্তু ৰাজ্যসভাত এগৰাকী সাংসদৰ প্ৰশ্নৰ লিখিত প্ৰশ্নোত্তৰত কেন্দ্ৰীয় গৃহ ৰাজ্যমন্ত্ৰীয়ে জনায় যে কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে গঠন কৰি দিয়া অসম চুক্তিৰ ছয় নং দফাৰ উচ্চ-স্তৰীয় কমিটিয়ে আগবঢ়োৱা প্ৰতিবেদন এতিয়াও ৰাজ্য চৰকাৰে ‘পৰীক্ষা’ কৰি আছে।

বিশেষকৈ ৰাজ্য চৰকাৰে কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ নকৰাৰ অভিযোগ তুলি সদৌ অসম ছাত্ৰ সন্থাই প্ৰতিবেদনখন সংবাদ মাধ্যমৰ যোগে ৰাজহুৱা কৰাৰ পাছতে তুমুল প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল ৰাজ্যৰ ৰাজনীতিত। ইয়াকে লৈ মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই তীৰ্যক মন্তব্য কৰাও পৰিলিক্ষিত হৈছিল।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

বাংলাদেশত হৈ গ’ল প্ৰথম সমকামী বিবাহ! ঢাকেশ্বৰী মন্দিৰত সাতপাক ঘূৰি ইতিহাস ৰচিলে এই প্ৰেমিক যুগলে

বাংলাদেশত হৈ গ’ল প্ৰথম সমকামী বিবাহ! ঢাকেশ্বৰী মন্দিৰত সাতপাক ঘূৰি ইতিহাস ৰচিলে এই প্ৰেমিক যুগলে

July 30, 2026 6:40 pm
নিৰ্বাচনত জয়ী নোহোৱাকৈয়ে ছমাহতকৈ অধিক সময় মন্ত্ৰী! চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

নিৰ্বাচনত জয়ী নোহোৱাকৈয়ে ছমাহতকৈ অধিক সময় মন্ত্ৰী! চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

July 30, 2026 5:57 pm
সংসদত হাঁহি হাঁহি ইতিহাসৰ পাঠ পঢ়ালে প্ৰিয়ংকাই : দুষাৰ কথা ক’বলৈ গৈ বিপদত পৰিল নেকি এইগৰাকী নেতা?

সংসদত হাঁহি হাঁহি ইতিহাসৰ পাঠ পঢ়ালে প্ৰিয়ংকাই : দুষাৰ কথা ক’বলৈ গৈ বিপদত পৰিল নেকি এইগৰাকী নেতা?

July 30, 2026 5:42 pm
“ৰে’লৰ দৰে শিক্ষা ব্যৱস্থাও উন্নত হওক”, আওপকীয়াকৈ চৰকাৰক প্ৰশংসা সোণম ৱাংচুকৰ

“ৰে’লৰ দৰে শিক্ষা ব্যৱস্থাও উন্নত হওক”, আওপকীয়াকৈ চৰকাৰক প্ৰশংসা সোণম ৱাংচুকৰ

July 30, 2026 4:24 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বাংলাদেশত হৈ গ’ল প্ৰথম সমকামী বিবাহ! ঢাকেশ্বৰী মন্দিৰত সাতপাক ঘূৰি ইতিহাস ৰচিলে এই প্ৰেমিক যুগলে

বাংলাদেশত হৈ গ’ল প্ৰথম সমকামী বিবাহ! ঢাকেশ্বৰী মন্দিৰত সাতপাক ঘূৰি ইতিহাস ৰচিলে এই প্ৰেমিক যুগলে

July 30, 2026 6:40 pm
নিৰ্বাচনত জয়ী নোহোৱাকৈয়ে ছমাহতকৈ অধিক সময় মন্ত্ৰী! চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

নিৰ্বাচনত জয়ী নোহোৱাকৈয়ে ছমাহতকৈ অধিক সময় মন্ত্ৰী! চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

July 30, 2026 5:57 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd