• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ইটালীৰ লুকাৰ্নিয়া চলচ্চিত্ৰ মহোৎসৱত অসম সন্তানৰ জয়যাত্ৰা: মহৰ্ষি তুহীন কাশ্যপলৈ সন্মানীয় ‘ফেলিনি’ বঁটা

আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মঞ্চত পুনৰ উজলি উঠিল অসমৰ যুৱ চলচ্চিত্ৰ নিৰ্মাতা মহৰ্ষি তুহীন কাশ্যপ। ইটালীৰ বাচিলিকাটাৰ পিষ্টিচিত অনুষ্ঠিত ২৭ সংখ্যক লুকাৰ্নিয়া চলচ্চিত্ৰ মহোৎসৱত তেওঁৰ প্ৰথম পূৰ্ণদৈৰ্ঘ্যৰ ছবি 'কক কক ক'ক'ক'ৰ (Kok Kok Kokoook) বাবে লাভ কৰিছে সন্মানীয় ‘ছিক্ৰেট প্ৰগ্ৰেম ফেলিনি বঁটা’ (Secret Program Fellini) বঁটা। ইটালীৰ কিংবদন্তি চলচ্চিত্ৰ নিৰ্মাতা ফেডেৰিকো ফেলিনিৰ স্মৃতিত আৰু বিশ্ব চলচ্চিত্ৰলৈ তেওঁৰ চিৰস্থায়ী অৱদানৰ প্ৰতি শ্ৰদ্ধা জনাই এই বঁটা প্ৰদান কৰা হয়।

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 17, 2026 9:05 pm
23
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মঞ্চত পুনৰ উজলি উঠিল অসমৰ যুৱ চলচ্চিত্ৰ নিৰ্মাতা মহৰ্ষি তুহীন কাশ্যপ। ইটালীৰ বাচিলিকাটাৰ পিষ্টিচিত অনুষ্ঠিত ২৭ সংখ্যক লুকাৰ্নিয়া চলচ্চিত্ৰ মহোৎসৱত তেওঁৰ প্ৰথম পূৰ্ণদৈৰ্ঘ্যৰ ছবি ‘কক কক ক’ক’ক’ৰ (Kok Kok Kokoook) বাবে লাভ কৰিছে সন্মানীয় ‘ছিক্ৰেট প্ৰগ্ৰেম ফেলিনি বঁটা’ (Secret Program Fellini) বঁটা। ইটালীৰ কিংবদন্তি চলচ্চিত্ৰ নিৰ্মাতা ফেডেৰিকো ফেলিনিৰ স্মৃতিত আৰু বিশ্ব চলচ্চিত্ৰলৈ তেওঁৰ চিৰস্থায়ী অৱদানৰ প্ৰতি শ্ৰদ্ধা জনাই এই বঁটা প্ৰদান কৰা হয়।

 

Apply Now

এই ছবিখন মহোৎসৱৰ ‘ছিক্ৰেট প্ৰগ্ৰেম’ৰ বাবে নিৰ্বাচিত হৈছিল, যাৰ নিৰ্বাচক আছিল আন্তঃৰাষ্ট্ৰীয়ভাৱে সমাদৃত ইৰাণী চলচ্চিত্ৰ নিৰ্মাতা মহচেন মখমলবাফ। ছবিখন প্ৰদৰ্শনৰ অন্তত মহচেন মখমলবাফে নিজেই কাশ্যপক এই বঁটা প্ৰদান কৰে। উল্লেখযোগ্য যে, লুকাৰ্নিয়া চলচ্চিত্ৰ মহোৎসৱৰ জৰিয়তেই এই ছবিখনে ইউৰোপত আত্মপ্ৰকাশ কৰে। ইয়াৰ পূৰ্বে ছবিখনৰ ৱৰ্ল্ড প্ৰিমিয়াৰ বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত অনুষ্ঠিত হোৱাৰ লগতে কেৰালা আৰু ঢাকা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱতো প্ৰদৰ্শিত হৈছিল।

 

সত্যজিৎ ৰায় ফিল্ম এণ্ড টেলিভিছন ইনষ্টিটিউটৰ (SRFTI) স্নাতক প্ৰকল্প হিচাপে নিৰ্মাণ কৰা এই ছবিখন চিকেন নামৰ এজন প্ৰব্ৰজিত কুকুৰা বিক্ৰেতাৰ কাহিনীক লৈ আধাৰিত। ঘটনাচক্ৰত চিকেনৰ প্ৰিয় আৰ এক্স ১০০ বাইকখন হেৰাই যায় আৰু ভুৱা আৰক্ষীৰ গোচৰত সাঙোৰ খাই পৰাৰ ভয়ত হতাশ হৈ পৰা চিকেনৰ যাত্ৰাই এনে এটা অদ্ভুত দিশ লয় য’ত তেওঁ নিজেই বাইকলৈ ৰূপান্তৰিত হয়। যাদু বাস্তৱবাদ আৰু সামাজিক বাৰ্তাৰ এক সুন্দৰ সংমিশ্ৰণেৰে নিৰ্মিত এই ছবিখনে অসম তথা ভাৰতৰ সমসাময়িক ৰাজনীতিৰ লগতে প্ৰব্ৰজিত শ্ৰমিকসকলৰ দুৰ্বলতা আৰু বাস্তৱ অভিজ্ঞতাক দাঙি ধৰিছে।

 

এই সাফল্য সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত তুহীন কাশ্যপে কয়, “কিংবদন্তি চলচ্চিত্ৰ নিৰ্মাতা মহচেন মখমলবাফৰ দ্বাৰা আমাৰ ছবিখন নিৰ্বাচিত হোৱা আৰু তেওঁৰ হাতৰ পৰাই বঁটা গ্ৰহণ কৰাটো সঁচাকৈয়ে এক সপোন যেন অনুভৱ হৈছে। তেওঁৰ চলচ্চিত্ৰই মোক সদায় গভীৰভাৱে প্ৰভাৱিত আৰু অনুপ্ৰাণিত কৰি আহিছে।” তেওঁ এই বঁটাৰ শ্ৰেয় ছবিখনৰ সমগ্ৰ অভিনেতা-অভিনেত্ৰী আৰু কলা-কুশলীসকলক অৰ্পণ কৰে।

 

উল্লেখ্য যে, ‘কক কক ক’ক’ক’ কাশ্যপৰ প্ৰথম পূৰ্ণদৈৰ্ঘ্যৰ ছবি। ইয়াৰ পূৰ্বে তেওঁৰ চুটি ছবি ‘দ্য হৰ্ছ ফ্ৰম হেভেন’ ২০২৩ চনৰ অস্কাৰৰ অফিচিয়েল এণ্ট্ৰি হিচাপে নিৰ্বাচিত হোৱাৰ লগতে ভিজিআইকে চলচ্চিত্ৰ মহোৎসৱ, গোল্ডেন ৰেভেন চলচ্চিত্ৰ মহোৎসৱ আৰু বেংগালুৰু আন্তঃৰাষ্ট্ৰীয় চুটি চলচ্চিত্ৰ মহোৎসৱত শ্ৰেষ্ঠ ছবিৰ বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল। ইয়াৰ উপৰি তেওঁৰ নন-ফিকচন ছবি ‘ফ্লাৱাৰ্ছ ইন এ হেইলষ্টৰ্ম’ জাপানৰ নাৰা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শিত হৈছিল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ইন্দোৰত জঘন্য হত্যাকাণ্ড! সামান্য কথা কটা-কটি, ননদৰ আক্ৰোশত শেষ হ’ল নৱবিবাহিতা যুৱতীৰ জীৱন

ইন্দোৰত জঘন্য হত্যাকাণ্ড! সামান্য কথা কটা-কটি, ননদৰ আক্ৰোশত শেষ হ’ল নৱবিবাহিতা যুৱতীৰ জীৱন

September 6, 2026 9:47 pm
সমগ্ৰ দেশৰ উচ্চ শিক্ষানুষ্ঠানত কিয় জ্বলিছে প্ৰতিবাদৰ জুই? এয়া দেশজুৰি বৃহৎ ছাত্ৰ আন্দোলনৰ ইংগিত নেকি?

সমগ্ৰ দেশৰ উচ্চ শিক্ষানুষ্ঠানত কিয় জ্বলিছে প্ৰতিবাদৰ জুই? এয়া দেশজুৰি বৃহৎ ছাত্ৰ আন্দোলনৰ ইংগিত নেকি?

September 6, 2026 8:05 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd