• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, June 24, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

‘১০৭ বিধায়কে একেলগে পদত্যাগ কৰিব’, চৰকাৰ গঠনক লৈ নিমিলা অংকৰ মাজতে টিভিকেৰ সকীয়নি, হঠাতে কি ঘটিল?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 8, 2026 8:30 am
1.1k
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

তামিলনাডুৰ নিৰ্বাচনৰ পিছৰ ৰাজনীতিত চৰম অস্থিৰতাৰ সৃষ্টি হৈছে। অভিনেতা বিজয়ৰ দল তামিলাগা ভেত্ৰী কাঝাগামে স্পষ্ট কৰি দিছে যে যদি ডি এম কে বা এ আই এ ডি এম কেয়ে চৰকাৰ গঠন কৰিবলৈ চেষ্টা কৰে তেন্তে তেওঁলোকৰ দলৰ সকলো বিধায়কে একেলগে পদত্যাগ কৰিব।

এফালে বিজয়ে যেতিয়া কংগ্ৰেছ আৰু অন্যান্য ৰাজনৈতিক দলৰ সমৰ্থনত চৰকাৰ গঠনৰ চেষ্টা চলাইছে, সেই সময়তে তেওঁলোকৰ এই ঘোষণাই তামিলনাডুৰ ৰাজনীতিত আলোড়নৰ সৃষ্টি কৰিছে।

Apply Now

টিভিকেই অভিযোগ কৰিছে যে তামিলনাডুৰ পৰম্পৰাগত দ্ৰাবিড় দল দুটা – ডিএমকে আৰু এআইএডিএমকেয়ে ‘গোপনে’ চৰকাৰ গঠনৰ চেষ্টা চলাইছে। ইয়াৰ দ্বাৰা ৰাজ্যবাসীয়ে দিয়া জনসমৰ্থনক অসন্মান কৰা হৈছে বুলি দাবী কৰে।

নির্বাচনত টিভিকে ১০৮খন আসন লাভ কৰাৰ বিপৰীতে বিজয়ে নিজেই দুখন আসন লাভ কৰে৷ এতিয়া দলটোৰ ১০৭ জন বিধায়ক। সংখ্যাগৰিষ্ঠতা পাবলৈ ১১৮খন আসনৰ প্ৰয়োজন। ফলত টিভিকেক চৰকাৰ গঠন কৰিবলৈ এতিয়াও ১০খন আসনৰ প্ৰয়োজন। ইতিমধ্যে কংগ্ৰেছে সমৰ্থন প্ৰকাশ কৰিছে, কংগ্ৰেছৰ পাঁচজন বিধায়ক। টিভিকেই বাওঁ শিবিৰ আৰু আন কেইবাটাও সৰু সৰু দলৰ সৈতে আলোচনা অব্যাহত ৰাখিছে।

এনে পৰিস্থিতিত নতুন অচলাৱস্থাৰ সৃষ্টি হৈছে। বুধবাৰে পুৱা বিজয়ে ৰাজ্যপাল আৰ ভি আৰ্লেকাৰক সাক্ষাৎ কৰি চৰকাৰ গঠনৰ দাবী জনায়। কিন্তু ৰাজ্যপালে স্পষ্টকৈ উল্লেখ কৰে যে টিভিকেৰ প্ৰয়োজনীয় সংখ্যাগৰিষ্ঠতা নাই। বিজয়ে সংখ্যাগৰিষ্ঠতাত উপনীত হ’বলৈ যি পৰিকল্পনা ৰূপৰেখা দাঙি ধৰিছিল, সেই পৰিকল্পনাতো তেওঁ সন্মতি প্ৰকাশ কৰা নাছিল।

ৰাজভৱনে জনোৱা মতে, “প্ৰত্যাশিত সংখ্যাগৰিষ্ঠতাৰ কোনো প্ৰমাণ নাই, গতিকে চৰকাৰ গঠনৰ দাবী মানি ল’ব নোৱাৰি।” ১১৮জন বিধায়কৰ স্বাক্ষৰসহ এখন পত্ৰ দাখিল কৰিব লাগিব বুলিও ৰাজ্যপালগৰাকীয়ে জানিবলৈ দিয়ে।

ইফালে ডি এম কেৰ ভিতৰতো কাৰ্যকলাপ বৃদ্ধি পাইছে। দলৰ বৈঠকত চাৰিটা প্ৰস্তাৱ গৃহীত হয়। ইয়াৰে এটা হৈছে দলৰ নেতা এম কে ষ্টেলিনক ‘জৰুৰীকালীন পৰিস্থিতিত সিদ্ধান্ত’ ল’বলৈ সম্পূৰ্ণ ক্ষমতা দিয়া। ডি এম কেয়ে কয় যে তেওঁলোকৰ মূল লক্ষ্য হৈছে নতুন নিৰ্বাচন এৰাই চলি ৰাজ্যখনত এখন সুস্থিৰ চৰকাৰ গঠন কৰা, যাতে ‘সাম্প্ৰদায়িক শক্তি’য়ে সুযোগ নাপায়। লগতে ডি এম কেৰ সকলো বিধায়কক চেন্নাইত থাকিবলৈ নিৰ্দেশ দিছে।

মুঠতে ৰাজনৈতিক সমীকৰণৰ এক আকৰ্ষণীয় হিচাপ-নিকাচ এতিয়া তামিলনাডুত চলি আছে। কোনে চৰকাৰ গঠন কৰিব, সংখ্যাগৰিষ্ঠতা কেনেকৈ প্ৰমাণিত হ’ব—ৰাজ্যৰ জনসাধাৰণে তালৈকে চাই আছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জুন মাহত সমগ্ৰ ভাৰতত বৰষুণৰ পৰিমাণ ৪২ শতাংশ হ্ৰাস, বতৰ বিজ্ঞান কেন্দ্ৰৰ উদ্বেগ

জুন মাহত সমগ্ৰ ভাৰতত বৰষুণৰ পৰিমাণ ৪২ শতাংশ হ্ৰাস, বতৰ বিজ্ঞান কেন্দ্ৰৰ উদ্বেগ

June 24, 2026 8:45 am
বিয়াৰ প্ৰতিশ্ৰুতি দি প্ৰতাৰণা আৰু মাৰপিট : দিল্লী কেপিটেলছৰ ক্ৰিকেটাৰ অভিষেক পোৰেলৰ বিৰুদ্ধে গোচৰ

বিয়াৰ প্ৰতিশ্ৰুতি দি প্ৰতাৰণা আৰু মাৰপিট : দিল্লী কেপিটেলছৰ ক্ৰিকেটাৰ অভিষেক পোৰেলৰ বিৰুদ্ধে গোচৰ

June 24, 2026 7:45 am
ইউটিউব চাই হঠাৎ যোগাসন কৰিছে নেকি? বিপদত পৰাৰ পূৰ্বেই জানি লওক সঠিক নিয়ম

ইউটিউব চাই হঠাৎ যোগাসন কৰিছে নেকি? বিপদত পৰাৰ পূৰ্বেই জানি লওক সঠিক নিয়ম

June 24, 2026 6:50 am
কংগোৰ বিৰুদ্ধে ব্যৰ্থতাৰ পাছত উজবেকিস্তানৰ বিৰুদ্ধে প্ৰথম একাদশত থাকিবনে ৰোনাল্ডো? প্ৰশিক্ষক মাৰ্টিনেজে দিলে ডাঙৰ ইংগিত

কংগোৰ বিৰুদ্ধে ব্যৰ্থতাৰ পাছত উজবেকিস্তানৰ বিৰুদ্ধে প্ৰথম একাদশত থাকিবনে ৰোনাল্ডো? প্ৰশিক্ষক মাৰ্টিনেজে দিলে ডাঙৰ ইংগিত

June 23, 2026 9:33 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জুন মাহত সমগ্ৰ ভাৰতত বৰষুণৰ পৰিমাণ ৪২ শতাংশ হ্ৰাস, বতৰ বিজ্ঞান কেন্দ্ৰৰ উদ্বেগ

জুন মাহত সমগ্ৰ ভাৰতত বৰষুণৰ পৰিমাণ ৪২ শতাংশ হ্ৰাস, বতৰ বিজ্ঞান কেন্দ্ৰৰ উদ্বেগ

June 24, 2026 8:45 am
বিয়াৰ প্ৰতিশ্ৰুতি দি প্ৰতাৰণা আৰু মাৰপিট : দিল্লী কেপিটেলছৰ ক্ৰিকেটাৰ অভিষেক পোৰেলৰ বিৰুদ্ধে গোচৰ

বিয়াৰ প্ৰতিশ্ৰুতি দি প্ৰতাৰণা আৰু মাৰপিট : দিল্লী কেপিটেলছৰ ক্ৰিকেটাৰ অভিষেক পোৰেলৰ বিৰুদ্ধে গোচৰ

June 24, 2026 7:45 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd