• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 21, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

হাউলীত ভয়াৱহ পথ দুৰ্ঘটনা : অগপ নেত্ৰীসহ দুজন নিহত

NE NOW NEWS এন ই নাও নিউজ
হাউলী , January 30, 2019 2:05 pm

2 min read

Accident

ফটো : নৰ্থ-ইষ্ট নাও

1.8k
VIEWS
Share on FacebookShare on Twitter

বৰপেটাৰ হাউলীত সংঘটিত হৈছে এক ভয়াৱহ পথ দুৰ্ঘটনা। বৰপেটা-হাউলী পথৰ কদমগুৰিত ডাম্পাৰ আৰু মাৰুতি 800ৰ মাজত হোৱা মুখামুখি সংঘৰ্ষত দুজন লোক থিতাতে নিহত হোৱাৰ ঘটনাই জিলাখনতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

জানিব পৰা মতে নিহত দুজনৰ ভিতৰত এজন পুৰুষ আৰু আনগৰাকী মহিলা। নিহত লোকজন বৰপেটা নিৰ্বাচনী বিষষা কাৰ্যালয়ৰ কৰ্মচাৰী তথা বৰপেটাৰোডৰ নিবাসী জিতেন বৰ্মন বুলি চিনাক্ত কৰিছে। আনহাতে এই কৰুণ দুৰ্ঘটনাটোত নিহত হোৱা মহিলাগৰাকী গীতাঞ্জলী দাস বুলি জানিব পৰা গৈছে। গীতাঞ্জলী দাসৰো ঘৰ বৰপেটাৰোডত।

fda4895e-ed22-40c9-852f-96f266c41b01
দুৰ্ঘটনাটোত নিহত হোৱা অগপ নেত্ৰী গীতাঞ্জলি দাস

মন কৰিবলগীয়া যে দুৰ্ঘটনাটোত নিহত হোৱা মহিলাগৰাকী বৰপেটা জিলা অগপৰ এগৰাকী সক্ৰিয় মহিলা নেত্ৰী। বৰপেটা জিলা অগপই আয়োজন কৰা নাগৰিকত্ব সংশোধনী বিধেয়ক বিৰোধী প্ৰতিবাদী সমদলত অংশগ্ৰহনৰ বাবে আহিয়েই এইদৰে মৃত্যুক আকোঁৱালি লয় নেত্ৰীগৰাকীয়ে।

আজি ৰাতিপুৱা বৰপেটা ৰোডৰ নিজ গৃহৰ পৰা গীতাঞ্জলী দাসে অগপৰ প্ৰতিবাদী কাৰ্যসূচীত অংশলোৱাৰ বাবে বৰপেটা চহৰলৈ আহি থকাৰ সময়ত নিজ কাৰ্যালয়লৈ আহি থকা জিতেন বৰ্মনে নেত্ৰীগৰাকীকো নিজ গাড়ীত উঠাই বৰপেটা অভিমুখী আহিছিল।

এনেদৰে আহি থকা অৱস্থাতে কদমগুৰিত উক্ত ভয়ংকৰ দুৰ্ঘটনাটো সংঘটিত হয় আৰু দুয়োজনৰে ঘটনাস্থলতে মৃত্যু হয়।

উল্লেখ্য যে জিতেন বৰ্মনে অইন দিনাৰ দৰে আজিও নিজৰ AS 15 B 8686 নম্বৰৰ মাৰুতি 800 গাড়ী খনেৰে কাৰ্যালয়লৈ আহি থকা অৱস্থাতে নম্বৰপ্লেট বিহীন ডাম্পাৰৰ লগত সংঘৰ্ষ হয়। এই দুৰ্ঘটনাক লৈ জিলাখনত শোকৰ ছাঁ পৰিছে।

Recent News

আজিৰ পৰা গোভা দেওৰজাৰ ঐতিহাসিক জোনবিল মেলা

আজিৰ পৰা গোভা দেওৰজাৰ ঐতিহাসিক জোনবিল মেলা

ইংলেণ্ডৰ বিৰুদ্ধে ঘৰুৱা টেষ্ট শৃংখলাৰ পৰা বাহিৰ অনুভৱী অলৰাউণ্ডাৰ ৰবীন্দ্ৰ জাদেজা

ইংলেণ্ডৰ বিৰুদ্ধে ঘৰুৱা টেষ্ট শৃংখলাৰ পৰা বাহিৰ অনুভৱী অলৰাউণ্ডাৰ ৰবীন্দ্ৰ জাদেজা

পুনৰ মুম্বাই আৰক্ষীৰ সন্মুখত হাজিৰ হ’ব লাগিব অভিনেত্ৰী কংগনা ৰানাৱট

পুনৰ মুম্বাই আৰক্ষীৰ সন্মুখত হাজিৰ হ’ব লাগিব অভিনেত্ৰী কংগনা ৰানাৱট

টীয়কত গৃহ প্ৰৱেশ সমাৰোহৰ শুভাৰম্ভ কৰিলে সাংসদ তপন গগৈয়ে

টীয়কত গৃহ প্ৰৱেশ সমাৰোহৰ শুভাৰম্ভ কৰিলে সাংসদ তপন গগৈয়ে

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd