আজি চিলাপথাৰৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত এক পথ দুৰ্ঘটনাত দুগৰাকী কয়দীয়ে প্ৰাণ হেৰুৱাব লগীয়া হয়।
প্ৰাপ্ত তথ্য মতে অৰুণাচল প্ৰদেশৰ নাহৰলগুনৰ পৰা পাচিঘাট অভিমুখী আহি থকা অৰুণাচল আৰক্ষীৰ এ আৰ ০১৪-৫২১১ নম্বৰৰ টাটা চুম’খন দুৰ্ভাগ্যবশত চকা ফুটি ৰাস্তাৰ ওপৰতে বাগৰি পৰে।
ফলত দুৰ্ঘটনাটোত ঘটনাস্থলীতে নিহত হয় টাটা চুমুখনৰ ভিতৰত থকা কয়দী দুগৰাকী। আনহাতে চুম’খনত থকা বাকী ৬ জনকৈ আৰক্ষীক সংকটজনক অৱস্থাত উদ্ধাৰ কৰা হয়।
দুৰ্ঘটনাটোত আহত আৰক্ষী বিষয়াকেইজনক তাৎক্ষণিকভাৱে চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হয়। ইফালে দুৰ্ঘটনাটোত নিহত কয়দীকেইজনৰ নাম বাতৰি সংগ্ৰহ কৰা সময়লৈকে জানিব পৰা হোৱা নাই।