• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, January 26, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

চামগুৰিত ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে দুজন নিহত, আহত দুজন

NE NOW NEWS বিদ্যুৎ জ্যোতি বৰা
চামগুৰি , October 31, 2018 10:00 pm

1 min read

Accident-750x375-1

প্ৰতিনিধিত্বমূলক ফটো

194
VIEWS
Share on FacebookShare on Twitter

নগাওঁ জিলাৰ চামগুৰি আৰক্ষী থানাৰ অন্তৰ্গত ডিজু বস্তিৰ ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত আজি সন্ধিয়া সংঘটিত হোৱা ভয়ংকৰ এক পথ দুৰ্ঘটনাত দুজন লোক থিতাতে নিহত হোৱাৰ লগতে আন দুজন লোক গুৰুতৰভাৱে আহত হয়।

ঘটনা সন্দৰ্ভত জানিব পৰা মতে চামগুৰি আৰক্ষী থানাৰ অন্তৰ্গত আমনি ডিজু বস্তিৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত আজি সন্ধিয়া প্ৰায় ৫.৩০ বজাত কলিয়াবৰ দিশৰ পৰা নগাওঁ অভিমুখে আহি থকা এ এছ ০১ এ চি ৬৯২৩ নম্বৰৰ ট্ৰাকখনত একে দিশৰ পৰা আহি থকা এ এছ ০২ ডি ৯৬৪১ নম্বৰৰ বাইকখনে প্ৰচণ্ড জোৰত খুন্দা মাৰে।

ফলত বাইক আৰোহী দুজন ছিটিকি পৰে আৰু সেই একে দিশতে আহি থকা এ এছ ২৫ চি চি ৩৯৬৫ নম্বৰৰ আন এখন ট্ৰাকে বাইকআৰোহী দুজনক মহতিয়াই নিয়ে। ফলত বাইক আৰোহী দুজন থিতাতে নিহত হয়।

নিহত যুৱক দুজনক মিছা ১৪ নম্বৰ লাইনৰ মাইনুছ এক্কা (২৯) আৰু দীপু লোহাৰ (২৮) বুলি চিনাক্ত কৰা হৈছে।

আনহাতে সেই একে সময়তে একে দিশৰ পৰা অহা আন এখন বাইকে উক্ত ট্ৰাকখনত খুন্দা মৰা ফলত বাইক আৰোহী দুজন ক্ৰমে আমনিৰ নিবাসী ৰাহুল ওৰাং আৰু মিছা অঞ্চলৰ বিছু লোহাৰ নামৰ আন দুজন লোক গুৰুতৰভাৱে আহত হয় বুলি জানিব পৰা গৈছে।

পাছত ঘটনাস্থলীত চামগুৰি আৰক্ষী উপস্থিত হৈ মৃতদেহ দুটা উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে নগাওঁ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰাৰ লগতে গুৰুতৰভাৱে আহত হোৱা লোক দুজনক চিকিৎসাৰ বাবে স্থানীয় লোকে জখলাবন্ধা চিকিৎসালয়লৈ প্ৰেৰণ কৰে।

Recent News

760672-traffic-08-dna-750x375

পুৰণি গাড়ী পুহি ৰখাসকলৰ বাবে নতুন ‘বোজা’ৰ সংকেত! ‘সেউজ কৰ’ লগাব চৰকাৰে

santosh babu

গণতন্ত্ৰ দিৱসত মহাবীৰ চক্ৰৰে সন্মানিত কৰা হ’ব গালৱানৰ শ্বহীদ কৰ্ণেল সন্তোষ বাবুক

tarun-gogoi-1200x600-750x375

প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈলৈ মৰণোত্তৰভাৱে পদ্মভূষণ; আন ৮গৰাকী ব্যক্তিলৈ পদ্মশ্ৰী সন্মান

অসমত বিজেপিক ৰুধিবলৈ সাজু কংগ্ৰেছ; ছোনিয়া গান্ধীয়ে গঠন কৰি দিলে কেইবাখনো সমিতি

অসমত বিজেপিক ৰুধিবলৈ সাজু কংগ্ৰেছ; ছোনিয়া গান্ধীয়ে গঠন কৰি দিলে কেইবাখনো সমিতি

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd