• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, August 22, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

লৰেন্স বিষ্ণোইক ভাৰতৰ পৰা প্ৰত্যাৰ্পণৰ পথত আমেৰিকা? নিজ্জৰ হত্যাকাণ্ডত বৃহৎ পদক্ষেপৰ প্ৰস্তুতি

অভিযোগনামাত দাবী কৰা হৈছে যে ভাৰতত জেলত থকা অৱস্থাতেই বিষ্ণোইয়ে চুৰি মোবাইল ফোন ব্যৱহাৰ কৰি সমগ্ৰ অভিযান চলাইছিল আৰু উত্তৰ আমেৰিকাত সক্ৰিয় গেঙৰ সদস্যসকলক নিৰ্দেশ দিছিল।

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 9, 2026 6:19 pm
14
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কাৰাগাৰত বন্দী গেংষ্টাৰ লৰেন্স বিষ্ণোইক ভাৰতৰ পৰা প্ৰত্যাৰ্পণৰ বাবে আনুষ্ঠানিকভাৱে অনুৰোধ কৰিব পাৰে আমেৰিকাই। একে সময়তে আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমে দাবী কৰিছে যে বিষ্ণই গেঙৰ আৰু দুজন সদস্যক বিচাৰৰ বাবে আমেৰিকালৈ নিয়াৰ প্ৰস্তুতি চলি আছে। এই পদক্ষেপ কাৰ্যকৰী হ’লে বিষ্ণোয়ৰ গোচৰ ভাৰত-আমেৰিকাৰ মাজত অপৰাধী প্ৰত্যাৰ্পণৰ অন্যতম গুৰুত্বপূৰ্ণ গোচৰত পৰিণত হ’ব।

কানাডাত খালিস্তানী নেতা হৰদীপ সিং নিজ্জৰৰ হত্যাকাণ্ডত লৰেন্স বিষ্ণোই, তেওঁৰ ঘনিষ্ঠ সতীন্দৰজিৎ সিং ওৰফে গোল্ডি ব্ৰাৰ আৰু আন এজন সহযোগীয়ে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰা বুলি আমেৰিকাৰ ন্যায় বিভাগে অভিযোগ উত্থাপন কৰিছে।

Apply Now

অভিযোগনামাত দাবী কৰা হৈছে যে ভাৰতত জেলত থকা অৱস্থাতেই বিষ্ণোইয়ে চুৰি মোবাইল ফোন ব্যৱহাৰ কৰি সমগ্ৰ অভিযান চলাইছিল আৰু উত্তৰ আমেৰিকাত সক্ৰিয় গেঙৰ সদস্যসকলক নিৰ্দেশ দিছিল। তদন্তকাৰীয়ে দাবী কৰা মতে, ভাৰতত বহি থাকিয়েই বিষ্ণোইয়ে নিজ্জৰৰ ফটো প্ৰেৰণ কৰি কেতিয়া আৰু কেনেকৈ এই অভিযান চলোৱা হ’ব সেই সন্দৰ্ভত সমগ্ৰ নিৰ্দেশ দিছিল।

আমেৰিকাৰ তদন্তকাৰীয়ে দাবী কৰিছে যে অভিযুক্তসকল কেৱল নিজ্জৰ হত্যাকাণ্ডৰ লগতে জড়িত নহয়, উত্তৰ আমেৰিকাত ধন দাবী, ভীতি প্ৰদৰ্শন আৰু সংগঠিত অপৰাধ চক্ৰ চলোৱাৰ লগতো জড়িত। এই কাৰণেই তেওঁলোকৰ বিৰুদ্ধে আমেৰিকাৰ আদালতত গোচৰ ৰুজু কৰা হৈছে।

আমেৰিকাৰ প্ৰথম চৰকাৰী অধিবক্তা বিল এছেই দাবী কৰিছে যে কেৱল বিষ্ণোইয়েই নহয়, অভিযোগনামাত উল্লেখ কৰা ৰবিন্দৰ ধান্দা আৰু জগ্গু ভগৱনপুৰীয়াকো প্ৰত্যাৰ্পণৰ বাবে আবেদন জনোৱা হ’ব।

১৯৯৭ চনত ভাৰত আৰু আমেৰিকাৰ মাজত প্ৰত্যাৰ্পণ চুক্তি স্বাক্ষৰিত হয়, যিখন ১৯৯৯ চনৰ পৰা কাৰ্যকৰী হয়। সেই চুক্তিৰ অধীনত লৰেন্স বিষ্ণোই আৰু তেওঁৰ দুই সহযোগীক আমেৰিকালৈ নিয়াৰ আবেদন জনাব পাৰে। অৱশ্যে প্ৰত্যাৰ্পণ হ’ব নে নহয় সেয়া শেষত ভাৰত চৰকাৰৰ আইনী আৰু কূটনৈতিক সিদ্ধান্তৰ ওপৰত নিৰ্ভৰ কৰিব।

মন কৰিবলগীয়া যে লৰেন্স বিষ্ণোই বৰ্তমান ভাৰতত একাধিক গোচৰত কাৰাগাৰত বন্দী হৈ আছে। তেওঁৰ বিৰুদ্ধে হত্যা, ধন দাবী, সংগঠিত অপৰাধৰ চক্ৰ চলোৱাকে ধৰি কেইবাটাও গুৰুতৰ অভিযোগ আছে। আনহাতে, তদন্তকাৰী সংস্থাৰ মতে, গোল্ডি ব্ৰাৰ এতিয়াও পলাতক হৈ আছে আৰু বিদেশত আত্মগোপন কৰি আছে।

আমেৰিকাৰ আদালতত দাখিল কৰা অভিযোগনামাত ভাৰত চৰকাৰৰ বিৰুদ্ধে কোনো অভিযোগ উত্থাপন হোৱা নাই যদিও এই গোচৰটো সম্পূৰ্ণৰূপে অভিযুক্ত গেং সদস্যৰ অপৰাধমূলক কাৰ্যকলাপৰ ওপৰত কেন্দ্ৰ কৰিয়েই আগবাঢ়িছে। এই স্থিতিয়ে ভাৰত-কানাডাৰ সম্পৰ্কতো এক নতুন মাত্ৰা সংযোজন কৰিছে। এতিয়া আমেৰিকাই কেতিয়া আনুষ্ঠানিকভাৱে প্ৰত্যাৰ্পণৰ অনুৰোধ কৰে আৰু সেই অনুৰোধৰ ওপৰত ভাৰতে কি সিদ্ধান্ত লয় সেয়া লক্ষ্যনীয় হ’ব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

হায়দৰাবাদত অবৈধ নিৰ্মাণৰ কৰুণ পৰিণতি! ৭ মহলীয়া ভৱন খহি ২ জনৰ প্ৰাণহানি, কেইবাজনো আহত

হায়দৰাবাদত অবৈধ নিৰ্মাণৰ কৰুণ পৰিণতি! ৭ মহলীয়া ভৱন খহি ২ জনৰ প্ৰাণহানি, কেইবাজনো আহত

August 22, 2026 9:46 pm
সুধাকণ্ঠৰ গীত কেৱল সুৰ নহয়, সমাজৰ দাপোণ! জন্ম শতবাৰ্ষিকীত উৎপল বৰপূজাৰীৰ বিশেষ তথ্যচিত্ৰ “মানুহৰ গান”

সুধাকণ্ঠৰ গীত কেৱল সুৰ নহয়, সমাজৰ দাপোণ! জন্ম শতবাৰ্ষিকীত উৎপল বৰপূজাৰীৰ বিশেষ তথ্যচিত্ৰ “মানুহৰ গান”

August 22, 2026 7:51 pm
১১৭ বছৰত ভৰি দিলে বিশ্বৰ আটাইতকৈ বয়সীয়াল ব্যক্তি ইথেল কেটাৰহামে

১১৭ বছৰত ভৰি দিলে বিশ্বৰ আটাইতকৈ বয়সীয়াল ব্যক্তি ইথেল কেটাৰহামে

August 22, 2026 6:13 pm
আধাৰ কাৰ্ডৰ ফটো সলনি কৰিব বিচাৰে নেকি? জানক ইয়াৰ সহজ নিয়ম আৰু সবিশেষ

আধাৰ কাৰ্ডৰ ফটো সলনি কৰিব বিচাৰে নেকি? জানক ইয়াৰ সহজ নিয়ম আৰু সবিশেষ

August 22, 2026 5:12 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

হায়দৰাবাদত অবৈধ নিৰ্মাণৰ কৰুণ পৰিণতি! ৭ মহলীয়া ভৱন খহি ২ জনৰ প্ৰাণহানি, কেইবাজনো আহত

হায়দৰাবাদত অবৈধ নিৰ্মাণৰ কৰুণ পৰিণতি! ৭ মহলীয়া ভৱন খহি ২ জনৰ প্ৰাণহানি, কেইবাজনো আহত

August 22, 2026 9:46 pm
সুধাকণ্ঠৰ গীত কেৱল সুৰ নহয়, সমাজৰ দাপোণ! জন্ম শতবাৰ্ষিকীত উৎপল বৰপূজাৰীৰ বিশেষ তথ্যচিত্ৰ “মানুহৰ গান”

সুধাকণ্ঠৰ গীত কেৱল সুৰ নহয়, সমাজৰ দাপোণ! জন্ম শতবাৰ্ষিকীত উৎপল বৰপূজাৰীৰ বিশেষ তথ্যচিত্ৰ “মানুহৰ গান”

August 22, 2026 7:51 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd