DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, January 31, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home আন্ত: ৰাষ্ট্ৰীয়

ইউক্ৰেইন যুদ্ধ : আলোচনাৰ পূৰ্বে দখলকৃত ভূমিক স্বীকৃতি দিয়াৰ দাবী ৰাছিয়াৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 2, 2022 8:19 pm
108
VIEWS
Share on FacebookShare on Twitter

ইউক্ৰেইন আক্ৰমণ কৰা ৰাছিয়াই এক অদ্ভূত দাবী কৰিছে। ৰাছিয়াই দাবী কৰিছে শান্তি আলোচনা হোৱাৰ পূৰ্বে দেশখনে যুদ্ধত ইউক্ৰেইনৰ পৰা দখল কৰা ভুখণ্ডক ৰাছিয়াৰ বুলি স্বীকৃতি প্ৰদান কৰিব লাগিব।

মাৰ্কিন ৰাষ্ট্ৰপতি জ’ বাইডেনে ৰুছ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনক সাক্ষাৎ কৰিব বুলি ইংগিত দিয়াৰ পিছতে ৰাছিয়াই অভিযোগ কৰিছে ইউৰোপীয় দেশসমূহে ৰাছিয়াই দখল কৰা ইউক্ৰেইনৰ ‘নতুন ভুখণ্ড’ক স্বীকৃতি নিদি আলোচনাৰ পথ কঠিন কৰি তুলিছে।

ক্ৰেমলিনে কয় যে আলোচনাৰ বাবে ৰাছিয়াই পথ মুকলি ৰাখিছে, কিন্তু পশ্চিমীয়া ৰাষ্ট্ৰবোৰে দাবী কৰা  ইউক্ৰেইন আক্ৰমণৰ বন্ধ কৰি তাৰ পৰা সৈন্য বাহিনী উলিয়াই অনাৰ বিষয়ে আলোচনা কৰিবলৈ তেওঁলোক আগ্ৰহী নহয়।

উল্লেখ্য, ৰাছিয়াই ছেপ্টেম্বৰৰ শেষৰ ফালে ইউক্ৰেইনৰ চাৰিটা অঞ্চল অবৈধভাৱে দখল কৰি নিজৰ বুলি দাবী কৰি আহিছে। ইফালে ৰাছিয়াৰ ৯ মহীয়া আক্ৰমণত ইউক্ৰেইনে আধাতকৈ অধিক ভূখণ্ড হেৰুওৱাইছে বুলি প্ৰকাশ পাইছে।

 

লগতে  পঢ়ক সাৱধান! ‘চীনে বৃদ্ধি কৰিছে পাৰমাণৱিক অস্ত্ৰৰ ভাণ্ডাৰ!’

ইয়াৰ মাজতে মাৰ্কিন ৰাষ্ট্ৰপতি বাইডেনে বৃহস্পতিবাৰে নিশা সাংবাদিকৰ আগত কয় যে তেওঁ ৰাছিয়াৰ ৰাষ্ট্ৰপতিগৰাকীক সাক্ষাৎ কৰিবলৈ সাজু হৈছে। “যদি সঁচাকৈয়ে তেওঁ (ভ্লাদিমিৰ পুতিন) যুদ্ধৰ অন্ত পেলোৱাৰ কথা চিন্তা কৰিছে তেন্তে তেওঁ নিজেই ইয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিব লাগিব।” মাৰ্কিন ৰাষ্ট্ৰপিতগৰাকীয়ে সাংবাদিকৰ আগত কয়।

হোৱাইট হাউছত মাৰ্কিন ৰাষ্ট্ৰপতি বাইডেনৰ কাষতে ৰৈ ফ্ৰান্সৰ ইমানুৱেল মেক্ৰনেও স্পষ্ট কৰি দিয়ে যে তেওঁলোক দুয়োজনে ইউক্ৰেইনীয়সকলক কেতিয়াও আপোচ কৰাটো নিবিচাৰে।

কূটনৈতিক হেঁচাত মাহৰ পিছত মাহ ধৰি ৰাছিয়াই আলোচনাৰ প্ৰতি কোনো উৎসাহ প্ৰদৰ্শন কৰা নাই। ইফালে অসামৰিক অঞ্চলত ব্যাপক আক্ৰমণ চলোৱাৰ পাছতো দক্ষিণ ইউক্ৰেইনত ৰাছিয়ান সেনাই পিছুৱাই যাবলৈ বাধ্য হৈছে।

ইফালে, শুকুৰবাৰে জাৰ্মানীৰ চ্যান্সেলৰ অলাফ শ্বলজে ছেপ্টেম্বৰৰ পিছত প্ৰথমবাৰৰ বাবে ৰুছ ৰাষ্ট্ৰপতি পুটিনৰ সৈতে বাৰ্তালাপ কৰে। এঘণ্টাজোৰা বাৰ্তালাপত জাৰ্মান নেতাগৰাকীয়ে ৰাছিয়াক কূটনৈতিক সমাধান বিচাৰিবলৈ আহ্বান জনাইছে। লগতে তেওঁ ইউক্ৰেইনৰ পৰা ৰাছিয়াৰ সৈন্যক যথাসম্ভৱ সোনকালে উলিয়াই আনিবলৈ আহ্বান জনায়।

 

লগতে পঢ়ক চূণশিল খনিত ভয়ংকৰ স্খলন, মহিলাসহ ৭ শ্ৰমিকৰ মৃত্যু, বহু শ্ৰমিক আৱদ্ধ

এই সন্দৰ্ভত ক্ৰেমলিনে কয় যে জাৰ্মানীৰ এই আহ্বানৰ বিপৰীতে ৰুছ ৰাষ্ট্ৰপতি পুটিনে বাৰ্লিনকো ইউক্ৰেইনৰ পৰিঘটনাৰ প্ৰেক্ষাপটত নিজৰ স্থিতি পুনৰ বিবেচনা কৰিবলৈহে আহ্বান জনাইছে। ৰাষ্ট্ৰপতি পুটিনে জাৰ্মানীকে ধৰি পশ্চিমীয়া ৰাষ্ট্ৰসমূহৰ ভূমিকাত অসন্তুষ্ট আৰু কিয়েভেৰে আলোচনাৰ ধাৰণাটো সম্পূৰ্ণৰূপে নাকচ কৰিছিল।

মুখপাত্ৰ ডিমিট্ৰি পেস্কোভে ইয়াৰ পূৰ্বে সাংবাদিকৰ আগত কয় যে মিষ্টাৰ পুটিনে “আমাৰ স্বাৰ্থ নিশ্চিত” কৰাৰ লক্ষ্যৰে আলোচনাৰ পথ মুকলি কৰি ৰাখিছে। কিন্তু মস্কো নিশ্চিতভাৱে আমেৰিকাৰ চৰ্ত মানি ল’বলৈ সাজু নহয়।” উল্লেখ্য, মাৰ্কিন ৰাষ্ট্ৰপতি বাইডেনে কৈছিল যে ৰাছিয়াই ইউক্ৰেইনৰ পৰা সৈন্য বাহিনী উলিয়াই অনাৰ পিছতহে আলোচনা সম্ভৱপৰ।

ক্ৰেমলিনে ৰাষ্ট্ৰপতি পুতিনৰ নিজৰ স্থিতি স্পষ্টকৈ ঘোষণা কৰাৰ পাছত ইউক্ৰেইন যুদ্ধৰ অৱসান সম্পৰ্কীয় আলোচনাৰ কোনো গতি লাভ নকৰাটো প্ৰায়ে স্পষ্ট হৈ পৰিছে।

Recent News

বিবিচিৰ মোডী তথ্যচিত্ৰ: কেন্দ্ৰৰ নিষেধাজ্ঞাক লৈ উচ্চতম ন্যায়ালয়ত আবেদনৰ শুনানি অহা সোমবাৰে

বিবিচিৰ মোডী তথ্যচিত্ৰ: কেন্দ্ৰৰ নিষেধাজ্ঞাক লৈ উচ্চতম ন্যায়ালয়ত আবেদনৰ শুনানি অহা সোমবাৰে

মহাত্মা স্মৰণ! জাতিৰ পিতাৰ মৃত্যু বাৰ্ষিকীত জীৱনক অনুপ্ৰাণিত কৰা তেওঁৰ কিছু বিশেষ উদ্ধৃতি

মহাত্মা স্মৰণ! জাতিৰ পিতাৰ মৃত্যু বাৰ্ষিকীত জীৱনক অনুপ্ৰাণিত কৰা তেওঁৰ কিছু বিশেষ উদ্ধৃতি

কণ্ঠশিল্পী অলকা য়াগনিকৰ বিশ্ব ৰেকৰ্ড; পিছ পৰিল বিটিএছ-টেইলৰ চুইফ্ট!

কণ্ঠশিল্পী অলকা য়াগনিকৰ বিশ্ব ৰেকৰ্ড; পিছ পৰিল বিটিএছ-টেইলৰ চুইফ্ট!

পাকিস্তানৰ মছজিদত ভয়ংকৰ বিস্ফোৰণ; নিহত ২৮ জন, ১৫০ জন আহত

পাকিস্তানৰ মছজিদত ভয়ংকৰ বিস্ফোৰণ; নিহত ২৮ জন, ১৫০ জন আহত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd