• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অৰুণাচল

জল্পনা কল্পনাৰ অন্ত : অৱশেষত তিনি মাহৰ অন্তত কুইপ’ৰ দুই বিষয়াক মুকলি কৰি দিলে আলফা(স্বা)এ

অভীক চক্ৰৱৰ্তী, প্ৰাঞ্জল দেউৰী by অভীক চক্ৰৱৰ্তী, প্ৰাঞ্জল দেউৰী
April 3, 2021 2:33 pm
index-1.jpgaaaaaaaaa-1
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শনিবাৰে আলফা(স্বা)এ অপহৰণ কৰি নিয়া তৈল খননকাৰী প্ৰতিষ্ঠান কুইপ’ৰ দুই বিষয়াক মুকলি কৰি দিছে।

১১৫ দিন আলফা(স্বা)ৰ শিবিৰত বন্দী কৰি ৰখাৰ পিছত শনিবাৰে দুপৰীয়া প্ৰায় ১২.২০ বজাত অৰুণাচল প্ৰদেশৰ চাংলাং জিলাৰ নামপঙৰ লুমিবস্তিত বিষয়া দুগৰাকীক মুকলি কৰি দিয়া বুলি ঘোষণা কৰিছে কুইপ’ৰ নতুন দিল্লীস্থিত কাৰ্যালয়ে।

Apply Now

উল্লেখ্য যে যোৱা ২১ ডিচেম্বৰত অৰুণাচল প্ৰদেশৰ চাংলাং জিলাৰ দায়ুনৰ পৰা আলফা(স্বা) আৰু এনএছচিএনৰ সদস্যই প্ৰতিষ্ঠানটোৰ দুই বিষয়া অসমৰ শিৱসাগৰৰ প্ৰণৱ কুমাৰ গগৈ আৰু বিহাৰৰ ৰাম কুমাৰক অপহৰণ কৰি মুক্তিপণ হিচাপে কেবাকোটি টকাও ধন দাবী কৰা বুলি বাতৰি প্ৰকাশ পাইছিল।

ইফালে কুইপ’ৰ সৈতে আলোচনা ব্যৰ্থ হোৱাৰ পিছতে প্ৰতিষ্ঠানটোৰ দুই অপহৃত বিষয়াক চৰম শাস্তি বিহাৰ দিন ঘোষণা কৰিছিল বিদ্ৰোহী সংগঠনটোৱে।

আলফা(স্বা)ৰ এই ঘোষণাৰ পিছতে ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাৰ লগতে ৰাজ্য বিভিন্ন মহলে আফলা(স্বা)ক এই সিদ্ধান্ত পুনৰ বিবেচনা কৰাৰ বাবে আহ্বান জনাইছিল।

ইয়াৰ পিছতে আফলা(স্বা)এ বিষয়টো পুনৰ বিবেচনা কৰি মধ্যস্থতাকাৰী কৌশিক ফুকনৰ যোগে কুইপ’ৰ সৈতে পুনৰ আলোচনা আৰম্ভ কৰা হয়। এই আলোচনা ফলপ্ৰসূভাৱে আগবাঢ়ে আৰু কুইপ’ই অসমত ৫০০০ গৰাকী থলুৱা অৰ্হতাসম্পন্ন যুৱকক সংস্থাপন দিবলৈ সন্মত হয়।

কুইপ’ৰ এই সন্মতিৰ পিছতে আলফা(স্বা)এ প্ৰতিষ্ঠানটোৰ দুই বিষয়াক মুকলি কৰি দিয়া হ’ব বুলি ঘোষণা কৰে।

এই ঘোষণাৰ লগে লগে উৎকণ্ঠিত ৰাজ্যবাসীয়ে সকাহ অনুভৱ কৰিছিল যদিও হঠাতে তেনে সময়তে সমগ্ৰ ঘটনাক্ৰমত পুনৰ পট পৰিৱৰ্তন ঘটে।

ৰাজ্যৰ এটা ৱেপ পৰ্টেলৰ দুই সাংবাদিকে এই সমগ্ৰ বিষয়টোৰ সন্দৰ্ভত ভুৱা বাতৰি পৰিৱেশন কৰাৰ অভিযোগ তুলি আফলা(স্বা)এ অপহৃত দুই বিষয়াক মুক্তি দিয়াৰ সিদ্ধান্তত স্থগিতাদেশ জাৰি কৰে।

আলফা(স্বা)এ সংবাদ মাধ্যমলৈ বিবৃতি প্ৰেৰণ কৰি জনাই যে ৱেপ পৰ্টেলটোৰ দুই সাংবাদিকে ৰাজহুৱাকৈ ক্ষমা নুখুজিলে অপহৃত দুই বিষয়াক মুকলি কৰাৰ সিদ্ধান্ত বাতিল কৰিব। আলফা(স্বা)ৰ এই ঘোষণাৰ পিছতে পুনৰ ৰাজ্যবাসীৰ মাজত উৎকণ্ঠাৰ সৃষ্টি হয়।

এই উৎকণ্ঠাৰ মাজতে সকলো জল্পনা কল্পনাৰ অন্ত পেলাই আলফা(স্বা)এ শনিবাৰে কুইপ’ৰ দুই অপহৃত বিষয়াক মুকলি কৰি দিয়ে।

অভীক চক্ৰৱৰ্তী, প্ৰাঞ্জল দেউৰী

অভীক চক্ৰৱৰ্তী, প্ৰাঞ্জল দেউৰী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পাহাৰৰ পৰা নামি আহিল মাটি-শিলৰ ঢল; ধ্বংস একাধিক ঘৰ-বাৰী! ছিকিমত ভয়াৱহ ভূমিস্খলন

পাহাৰৰ পৰা নামি আহিল মাটি-শিলৰ ঢল; ধ্বংস একাধিক ঘৰ-বাৰী! ছিকিমত ভয়াৱহ ভূমিস্খলন

September 25, 2026 1:35 pm
বিশ্ব দৰবাৰত উত্তৰ-পূবৰ চলচ্চিত্ৰৰ জয়যাত্ৰা: অস্কাৰৰ দৌৰত নাগালেণ্ডৰ পৰিচালক থেজা ৰিঅ’ৰ ‘আং’

বিশ্ব দৰবাৰত উত্তৰ-পূবৰ চলচ্চিত্ৰৰ জয়যাত্ৰা: অস্কাৰৰ দৌৰত নাগালেণ্ডৰ পৰিচালক থেজা ৰিঅ’ৰ ‘আং’

September 25, 2026 12:55 pm
২৪৯০ কোটি টকা হেৰুৱাইও ভাৰতৰ শীৰ্ষ ধনী অভিনেতা শ্বাহৰুখ খান; দ্বিতীয় স্থানত কোন?

২৪৯০ কোটি টকা হেৰুৱাইও ভাৰতৰ শীৰ্ষ ধনী অভিনেতা শ্বাহৰুখ খান; দ্বিতীয় স্থানত কোন?

September 25, 2026 12:46 pm
এছিয়ান গেমছত ভাৰতৰ দ্বিতীয়টো সোণ! ১০ মিটাৰ এয়াৰ পিষ্টলত ইতিহাস ৰচিলে সুৰুচি আৰু কমলজিতে

এছিয়ান গেমছত ভাৰতৰ দ্বিতীয়টো সোণ! ১০ মিটাৰ এয়াৰ পিষ্টলত ইতিহাস ৰচিলে সুৰুচি আৰু কমলজিতে

September 25, 2026 11:42 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পাহাৰৰ পৰা নামি আহিল মাটি-শিলৰ ঢল; ধ্বংস একাধিক ঘৰ-বাৰী! ছিকিমত ভয়াৱহ ভূমিস্খলন

পাহাৰৰ পৰা নামি আহিল মাটি-শিলৰ ঢল; ধ্বংস একাধিক ঘৰ-বাৰী! ছিকিমত ভয়াৱহ ভূমিস্খলন

September 25, 2026 1:35 pm
বিশ্ব দৰবাৰত উত্তৰ-পূবৰ চলচ্চিত্ৰৰ জয়যাত্ৰা: অস্কাৰৰ দৌৰত নাগালেণ্ডৰ পৰিচালক থেজা ৰিঅ’ৰ ‘আং’

বিশ্ব দৰবাৰত উত্তৰ-পূবৰ চলচ্চিত্ৰৰ জয়যাত্ৰা: অস্কাৰৰ দৌৰত নাগালেণ্ডৰ পৰিচালক থেজা ৰিঅ’ৰ ‘আং’

September 25, 2026 12:55 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd