বিশ্বকাপ ২০২৫ৰ খিতাপ জয় কৰি বৃহস্পতিবাৰে অসমত উপস্থিত হয় ক্ৰিকেটাৰ উমা চেত্ৰী। কিন্তু গৃহভূমিত উপযুক্ত আদৰণি লাভ নকৰিলে ক্ৰিকেটাৰগৰাকীয়ে। বিমানবন্দৰত তেওঁক আদৰণি জনাবলৈ কেৱল গোৰ্খা ছাত্ৰ সন্থাৰ বিষয়ববীয়াসকলহে উপস্থিত আছিল। বিশ্বজয়ী খেলুৱৈগৰাকীক আদৰণি জনাবলৈ অসম ক্ৰিকেট সন্থাৰ (ACA) বিষয়ববীয়াসকলো বিমান বন্দৰত উপস্থিত নাছিল বুলি অভিযোগ উত্থাপন হোৱাৰ পিছতে এই বিষয়টোক লৈ সামাজিক মাধ্যমত তীব্ৰ চৰ্চা আৰম্ভ হয়।
ইয়াৰ মাজতে আজি বৰ্ষাপাৰাত এখন সংবাদমেল সম্বোধন কৰি ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব‘ৰ্ডৰ (BCCI) সচিব দেৱজিৎ শইকীয়াই কয় যে, উমা চেত্ৰী অসমলৈ অহাটো সেইদিনা শেষ মুহূৰ্ততহে চূড়ান্ত হৈছিল। কাৰণ এদিন প্ৰধানমন্ত্ৰীৰ অনুষ্ঠান আৰু আন এদিন ৰাষ্ট্ৰপতিৰ অনুষ্ঠান আছিল। তেওঁলোকৰ অনুষ্ঠান অবিহনে ভাৰতীয় দলৰ খেলুৱৈসকলক উভতাই পঠোৱা সম্ভৱ নাছিল। তেওঁ লগতে কয়, “আমি BCCIৰ তৰফৰ পৰা ঘৰলৈ যোৱাৰ সম্পূৰ্ণ ব্যৱস্থা কৰি দিছোঁ। আমি আমাৰ দায়িত্ব সম্পূৰ্ণ পালন কৰিছোঁ।”
শইকীয়াই লগতে কয়, “জুবিন গাৰ্গৰ মৃত্যুৰ শোকৰ পৰা এতিয়াও কোনো সহজ হ’ব পৰা নাই। সেয়ে অসম ক্ৰিকেট সন্থাই সেইদিনা কোনো বিশেষ অনুষ্ঠানৰ আয়োজন কৰা নাছিল। মই ভাবো ইয়াত অসম ক্ৰিকেট সন্থাৰ কোনো ভুল নাই। গোৰ্খা ছাত্ৰ সন্থাই যে অভিযোগ কৰিছে যে কোনো অহা নাই বুলি, তেওঁলোকে কিয় চাৰি-পাঁচজন লোকহে আহিলে? তেওঁলোকে নিজে কিয় ২০০ মানুহ আনিব নোৱাৰিলে?”
ইয়াৰ উপৰিও নিৰ্বাচনৰ পূৰ্বে উমা চেত্ৰীক লৈ ৰাজনীতি নকৰিবলৈ আহ্বান জনায় দেৱজিৎ শইকীয়াই। তেওঁ কয়, “উমাক ৰাজনীতিৰ মাজলৈ নানিবলৈ মই সকলোকে অনুৰোধ কৰিছোঁ। অসমৰ খেলুৱৈক জাতি-ধৰ্ম-সম্প্ৰদায়ৰ মাজত ভাগ ভাগ কৰিব নালাগে। মই সুধিব বিচাৰিছোঁ, যিবোৰ ৰাজনৈতিক দল আৰু সংগঠনে মানুহ নাই অহা বুলি কৈছে, তেওঁলোকে কিয় সেইদিনা যোৱা নাছিল?” দেওবাৰে অসম ক্ৰিকেট সন্থাৰ ফালৰ পৰা উমা চেত্ৰীক বিশেষ সম্বৰ্ধনা জনোৱা হ’ব বুলিও BCCIৰ সচিবগৰাকীয়ে উল্লেখ কৰে।
এছিয়া কাপ ট্ৰফী সন্দৰ্ভত মন্তব্য
ইফালে এছিয়া কাপৰ ট্ৰফী ভাৰতলৈ উভতাই অনা সন্দৰ্ভতো প্ৰতিক্ৰিয়া ব্যক্ত কৰে BCCIৰ সচিব দেৱজিৎ শইকীয়াই। তেওঁ কয়, “তাত এছিয়া কাপৰ ট্ৰফী বিতৰ্কৰ বিষয়টো কাৰ্যসূচীত নাছিল। তথাপিও আমাৰ অনুৰোধত ভাৰত আৰু পাকিস্তানৰ মাজত আলোচনাৰ ব্যৱস্থা কৰি দিছিল।”
শইকীয়াই উল্লেখ কৰে যে, ৭ নৱেম্বৰত দুয়ো পক্ষ আলোচনাত মিলিত হৈছিল। তেওঁ মত প্ৰকাশ কৰে যে আলোচনা সৌহাদ্যপূৰ্ণ আছিল আৰু দুয়ো পক্ষ আশাবাদী যে অতি সোনকালে এই বিষয়টো সমাধান হ’ব। শীঘ্ৰেই এছিয়া কাপৰ ট্ৰফী ভাৰতলৈ অনা হ’ব বুলি তেওঁ নিশ্চিতি দিয়ে আৰু কয় যে দুয়ো পক্ষই সোনকালে বিতৰ্কটো সমাপ্ত হোৱাটো বিচাৰে।
উল্লেখ্য যে, ৪ নৱেম্বৰৰ পৰা ডুবাইত অনুষ্ঠিত ICCৰ সন্মিলনত ভাৰতৰ প্ৰতিনিধি হিচাপে দেৱজিৎ শইকীয়া আৰু পাকিস্তানৰ প্ৰতিনিধি হিচাপে মহচিন নাকভি উপস্থিত আছিল।




