• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

নগাঁৱত প্রার্থিত্বক লৈ বিজেপিত অথন্তৰ : অনিশ্চয়তাত মন্ত্ৰী ৰাজেন গোহাঁইৰ প্ৰাৰ্থিত্ব

এন ই নাও নিউজ by এন ই নাও নিউজ
March 16, 2019 9:02 am
Rajen-Gohain-....

মন্ত্রী ৰাজেন গোহাঁই। ফাইল ফটো

641
VIEWS
Share on FacebookShare on Twitter

লোকসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজনৈতিক দলবোৰত প্ৰাৰ্থিত্বকেন্দ্ৰিক তৎপৰতাৰ লগতে সংঘাতৰ পৰিৱেশ এটাও সৃষ্টি হোৱাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে। শেহতীয়াকৈ আন কিছুমান সমষ্টিৰ দৰে নগাঁৱতো বিজেপিত প্ৰাৰ্থিত্বকেন্দ্ৰিক সংঘাতৰ সম্ভাৱনা বৃদ্ধি পাইছে।

কেন্দ্ৰীয় ৰে’ল ৰাজ্য মন্ত্ৰী ৰাজেন গোহাঁইয়ে প্ৰতিনিধিত্ব কৰা নগাঁও লোকসভা সমষ্টিৰ ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থী তালিকাত বিধায়ক ৰূপক শৰ্মাৰ লগতে বিধায়িকা আঙুৰলতা ডেকাৰ নামো অন্তৰ্ভুক্ত হৈছে।

ইপিনে, বিধায়ক ৰূপক শৰ্মাৰ নাম প্ৰাৰ্থী তালিকাত নাম অন্তৰ্ভুক্ত হোৱাত একাংশ দলীয় কৰ্মী উৎফুল্লিত হৈ পৰিলেও এই সন্দৰ্ভত তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰিছে মন্ত্ৰী ৰাজেন গোহাঁয়ে।

তাৎপৰ্যপূৰ্ণভাৱে, ৰাজেন গোহাঁইয়ে সংবাদ মাধ্যমৰ আগত ৰূপক শৰ্মাক ৰাস্তাৰ পৰা ৰাজনীতিলৈ অনা বুলি মন্তব্য কৰে। তদুপৰি, মন্ত্ৰী গোহাঁইয়ে তেওঁ প্ৰাৰ্থিত্বৰ পৰা বঞ্চিত হ’লে আন কোনো প্ৰাৰ্থী নগাঁৱৰ পৰা জয়ী হ’ব নোৱাৰে বুলিও স্পষ্ট মন্তব্য দাঙি ধৰে।

আনহাতে, গোহাঁইৰ এনে মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি বিধায়ক শৰ্মাই ৰাজেন গোহাঁই বিজেপিৰ বহু পুৰণি আৰু দলটোৰ বাবে ত্যাগ কৰা নেতা বুলি মন্তব্য কৰে। কিন্তু শৰ্মাই এই মুহূৰ্তত নৰেন্দ্ৰ মোডীক প্ৰধান মন্ত্ৰী পদত অধিস্থিত কৰাটোৱে প্ৰধান লক্ষ্য বুলি সোঁৱৰাই দিয়ে।

তদুপৰি, ৰূপক শৰ্মাই বিধায়ক নিৰ্বাচিত হোৱাৰ আগৰে পৰা সামাজিক আৰু সাংস্কৃতিক জগতখনৰ বাবে কাম কৰি প্ৰতিষ্ঠা লাভ কৰা বুলি ব্যক্ত কৰে। শৰ্মাই নিজে সংসদীয় সমষ্টিৰ বাবে প্ৰাৰ্থিত্ব বিচৰা নাই বুলিও স্পষ্ট কৰি দিয়ে।

নগাঁৱত বিজেপিৰ প্ৰাৰ্থিত্বকেন্দ্ৰিক সংঘাতৰ ফলত দলটো যে প্ৰত্যাহ্বানৰ সন্মুখীন হ’ব সেয়া প্ৰায় নিশ্চিত হৈ পৰিছে। ৰাজেন গোঁহাইৰ টিকটকলৈ অনিশ্চয়তাৰ সৃষ্টি হোৱাৰ পাছতে নগাঁৱত বিজেপি কৰ্মীসকলৰ মাজত মিশ্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। গোহাঁইৰ বিৰুদ্ধে যৌন কেলেংকাৰিকে ধৰি বিভিন্ন অভিযোগৰ বাবে ভিতৰি অসন্তুষ্ট হৈ থকা দলীয় কৰ্মীসকলে এইবাৰ পৰিৱৰ্তনৰ সপক্ষে মত ব্যক্ত কৰিছে।

ইপিনে, ৰূপক শৰ্মা আৰু ৰাজেন গোঁহাইৰ মাজত চলি থকা শীতল যুঁজখন পোহৰলৈ অহাৰ পাছতে আনগৰাকী প্ৰাৰ্থীত্ব প্ৰত্যাশী আঙুৰলতা ডেকাই অৱশেষত প্ৰাৰ্থিত্ব লাভ কৰাৰ সম্ভাৱনাও নুই কৰা নাই দলৰ এক বিশ্বস্ত সূত্ৰই।

Recent News

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত অসমত উচ্ছেদ কৰা হৈছে ১২ হাজাৰ হেক্টৰৰো অধিক ভূমি

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত অসমত উচ্ছেদ কৰা হৈছে ১২ হাজাৰ হেক্টৰৰো অধিক ভূমি

প্ৰেমৰ প্ৰতি সমৰ্পণ! প্ৰেমিকাৰ IPS হোৱাৰ স্বপ্ন পূৰণৰ বাবে ১২১ লিটাৰ গংগাজল লৈ ২২০ কিলোমিটাৰ খোজ কাঢ়িলে প্ৰেমিকে

প্ৰেমৰ প্ৰতি সমৰ্পণ! প্ৰেমিকাৰ IPS হোৱাৰ স্বপ্ন পূৰণৰ বাবে ১২১ লিটাৰ গংগাজল লৈ ২২০ কিলোমিটাৰ খোজ কাঢ়িলে প্ৰেমিকে

১৭ জুলাইত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে প্ৰদান কৰিব ২০২৫ত সন্মানীয় স্বচ্ছ সৰ্বেক্ষণ ২০২৪-২৫ বঁটা

১৭ জুলাইত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে প্ৰদান কৰিব ২০২৫ত সন্মানীয় স্বচ্ছ সৰ্বেক্ষণ ২০২৪-২৫ বঁটা

জাপানীজ এনকেফেলাইটিছ ৰোগ নিয়ন্ত্ৰণত চৰকাৰ ব্যৰ্থ হৈছে, স্বাস্থ্য মন্ত্ৰীয়ে পদত্যাগ কৰক : আপ

জাপানীজ এনকেফেলাইটিছ ৰোগ নিয়ন্ত্ৰণত চৰকাৰ ব্যৰ্থ হৈছে, স্বাস্থ্য মন্ত্ৰীয়ে পদত্যাগ কৰক : আপ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd