DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, May 23, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

কণ্ঠশিল্পী নাহিদ আফ্রিনক ইউনিচেফৰ ‘যুৱ অধিবক্তা’ নিযুক্তি

এন ই নাও নিউজ by এন ই নাও নিউজ
November 23, 2018 3:02 pm
n-4-750x375

নাহিদ আফ্ৰিন। ফাইল ফটো

341
VIEWS
Share on FacebookShare on Twitter

অসমৰ কণ্ঠশিল্পী নাহিদ আফ্ৰিনক ইউনিচেফে আনুষ্ঠানিকভাৱে বৃহস্পতিবাৰে প্ৰথমবাৰৰ বাবে ইয়াৰ ‘যুৱ অধিবক্তা’ হিচাপে নিযুক্তি দিছে।

ভাৰতৰ ২৫৩ নিযুত যুৱ শক্তিক শিশু তথা যুৱ সমাজৰ সমস্যাৰ প্ৰতি সহমৰ্মী তথা অনুপ্ৰাণিত কৰি তোলাৰ লক্ষ্যৰে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে।

ইউনিচেফৰ সৈতে নাহিদৰ সহযোগ উত্তৰ-পূৰ্বাঞ্চলৰ শিশুৰ অধিকাৰ সম্পৰ্কত সচেতনতা গঢ়াৰ উদ্দেশ্যে এক অংশ বিশেষ।

বিশ্বনাথ চাৰিআলিৰ নাহিদে ২০১৬ চনত সোণাক্ষী সিনহা অভিনীত বলীউদৰ আকিৰা ছবিত কণ্ঠদানেৰে পাৰ্শ্ব গায়িকা হিচাপে ভূমুকি মাৰিছিল।

২০১৭ চনত ‘ধুনীয়া জোন’ গানটোৰ বাবে তেওঁ শ্ৰেষ্ঠ মহিলা কণ্ঠশিল্পীৰ বঁটা লাভ কৰিছিল। তেওঁ লগতে ২০১৮ বৰ্ষত অসম ৰাজ্যিক চলচ্চিত্ৰ বঁটাও লাভ কৰিছিল।

এগৰাকী যুৱ অধিবক্তা হিচাপে নাহিদে শিশুৰ অধিকাৰ তথা সন্মান নিশ্চিত কৰি পৃথিৱীখনক এখন উন্নত স্থান হিচাপে গঢ়ি তোলাৰ দিশত শিশু আৰু যুৱসকলক অনুপ্ৰাণিত কৰাৰ ক্ষেত্ৰত আদৰ্শ ব্যক্তি (role model) হিচাপে কাম কৰিব।

যুৱ অধিবক্তাই গুণগত শিক্ষা আহৰণ, বুনিয়াদী স্বাস্থ্যসেৱা, শিশুৰ বিৰুদ্ধে হিংসাৰ অৱসান আদিকে ধৰি ইতিবাচক পৰিৱৰ্তনৰ ব্যৱস্থাসমূহত সহযোগ কৰিব।

‘’ মই ইউনিচেফৰ যুৱ অধিবক্তা হিচাপে নিযুক্তি লাভ কৰি সন্মানিত বোধ কৰিছো। মই আশাবাদী যে মই অধিক শিশুক তেওঁলোকৰ সপোন পূৰণ কৰাৰ দিশত অনুপ্ৰাণিত তথা উৎসাহিত কৰি তুলিবলৈ সক্ষম হ’ম। গান গোৱাটো মোৰ চখ আৰু ভৱিষ্যতে মই এগৰাকী সফল কণ্ঠশিল্পী হ’ব বিচাৰো। মই মোৰ সংগীতৰ অনুৰাগীসকলে দেখুওৱা সহযোগিতাৰ প্ৰতি কৃতজ্ঞ। তেওঁলোকে দিয়া মৰমৰ বাবে মই আজিৰ অৱস্থাত উপনীত হৈছো। মোৰ অনুৰাগীসকলক শিশুৰ অধিকাৰৰ বাবে যুঁজ দিয়াৰ ক্ষেত্ৰত সহযোগিতা আগবঢ়াবলৈ বিনম্ৰভাৱে আহ্বান জনাইছো,‘’ নাহিদে এক বিবৃতিত এইদৰে কয়।

সংবাদ মাধ্যমৰ আগত ইউনিচেফৰ ভাৰতৰ প্ৰতিনিধি ড০ য়াছমিন আলী হকে কয় যে নাহিদৰ নিযুত নিযুত যুৱ সম্প্ৰদায়ক তেওঁলোকৰ সপোন তথা হেঁপাহ সম্পৰ্কে উদ্বুদ্ধ কৰাৰ প্ৰতিভা আছে।

Recent News

অসমত আম আদমী পাৰ্টিৰ শক্তি প্ৰদৰ্শন; ডিব্ৰুগড়ত ৫০০০ৰো অধিকৰ আপত যোগদান

অসমত আম আদমী পাৰ্টিৰ শক্তি প্ৰদৰ্শন; ডিব্ৰুগড়ত ৫০০০ৰো অধিকৰ আপত যোগদান

ৰাহুলৰ নেতৃত্বত ভাৰতৰ টী-২০ দলত উমৰান-অৰ্শদ্বীপ, উভতিল কাৰ্তিকো; আৰু কোন কোন?

ৰাহুলৰ নেতৃত্বত ভাৰতৰ টী-২০ দলত উমৰান-অৰ্শদ্বীপ, উভতিল কাৰ্তিকো; আৰু কোন কোন?

গেৰুৱা শিবিৰত জোকাৰণি: বিজেপি ত্যাগ কৰি তৃণমূল কংগ্ৰেছলৈ উভতি আহিল সাংসদ অৰ্জুন সিং

গেৰুৱা শিবিৰত জোকাৰণি: বিজেপি ত্যাগ কৰি তৃণমূল কংগ্ৰেছলৈ উভতি আহিল সাংসদ অৰ্জুন সিং

নিৰাপত্তা নোলোৱাকৈ ঘূৰিম কোৱা হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীয়ে জেহাদীৰ গোন্ধ পোৱাটো চিন্তনীয় : ভূপেন বৰা

নিৰাপত্তা নোলোৱাকৈ ঘূৰিম কোৱা হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীয়ে জেহাদীৰ গোন্ধ পোৱাটো চিন্তনীয় : ভূপেন বৰা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd