• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ষ্টেটবেংকৰ কলিয়াবৰ শাখাত শিক্ষয়িত্ৰীৰ একাউণ্টৰ পৰা হৰলুকী ৪ লক্ষাধিক টকা

ৰিদিপ শৰ্মা by ৰিদিপ শৰ্মা
November 20, 2018 9:39 am
Capture
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বৰ্তমান বেংকতো সুৰক্ষিত নোহোৱা হৈছে গ্ৰাহকৰ জমা ধন। চাইবাৰ অপৰাধীৰ গ্ৰাসত এইবাৰ পৰিছে ভাৰতীয় ষ্টেট বেংকৰ কলিয়াবৰ শাখা। কলিয়াবৰত থকা ষ্টেট বেংকৰ শাখাটোত থকা গ্ৰাহকৰ বেংক একাউণ্টৰ পৰা জমা ধন হৰলুকি হোৱাৰ ইটোৰ পিচত আনটো ঘটনা পোহৰলৈ আহিছে। হেকাৰে বিশেষকৈ লক্ষ্য কৰিছে চৰকাৰী বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰীসকলক। বেংক একাউণ্টৰ পৰা ধন হৰলুকী হোৱাৰ ঘটনা সঘনাই সংঘটিত হৈ আহিছে কলিয়াবৰৰ ষ্টেট বেংকত।

কলিয়াবৰৰ নলতলিৰ ‘ন-পূৱথৰীয়া’ গাঁৱৰ ৰঞ্জুমাই বৰা নামৰ শিক্ষয়িত্ৰী গৰাকীৰ SBI  কলিয়াবৰ শাখাৰ 11656847405 নম্বৰ একাউণ্টৰ পৰা চাৰি লাখ দহ হাজাৰ টকা স্বয়ংক্ৰিয়ভাৱে অন্তৰ্ধান হ’ল। বেংকলৈ আহি শিক্ষয়িত্ৰী গৰাকীয়ে ধন উলিয়াব ধৰোঁতে পোহৰলৈ আহে ধন অন্তৰ্ধানৰ এই ঘটনা।

Apply Now

চলিত মাহৰ ১১ তাৰিখৰ পৰা ১৪ তাৰিখৰ ভিতৰত চাৰিদিনত মুঠ ২৮ বাৰত নোহোৱা হয় চাৰি লাখ দহ হাজাৰ টকাৰ এই বুজন পৰিমাণৰ ধনৰাশি। বিগত ২০ অক্টোবৰলৈকে শিক্ষয়িত্ৰী গৰাকী একাউণ্টত জমা আছিল ৩ লাখ ৭০ হাজাৰ ৭২৭ টকা। ১১ আৰু ১৩ নবেম্বৰৰ ভিতৰত এই ধনৰাশি চাইবাৰ অপৰাধীয়ে হৰলুকী কৰাৰ পিচত ১৪ নবেম্বৰত শিক্ষয়িত্ৰী গৰাকীৰ একাউণ্টত জমা হোৱা বেতনৰ ধনসহ চল্লিশ হাজাৰ পাঁচশ টকা উলিয়াই নিয়ে হেকাৰে।

আনহাতে  ভুক্তভোগী  শিক্ষয়িত্ৰী গৰাকীয়ে কলিয়াবৰৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰাৰ পিচতে কলিয়াবৰ ষ্টেট বেংকত উপস্থিত হয় আৰক্ষীৰ দল। কিন্তু ভুক্তভোগী শিক্ষয়িত্ৰীগৰাকীৰ পৰিয়ালৰ প্ৰশ্ন, কেনেকৈ গ্ৰাহক ইচ্ছাৰ বিপৰীতে বেংক একাউণ্টৰ পৰা অন্তৰ্ধান হ’ল নিজৰ সাচতীয়া ধন?

বিগত ৯ নবেম্বৰত শিক্ষয়িত্ৰীগৰাকীলৈ অচিনাকী লোকৰ এটা ফোনকল আহিছিল। অচিনাকী লোকজনে শিক্ষয়িত্ৰী গৰাকীৰ ভোটকেন্দ্ৰ নাম সোধাৰ লগতে কিছুসময় নানাধৰণৰ কথা পাতি কাটি দিছিল ফোনকলটো। তাৰ কিছু সময়ৰ পিচৰে পৰা বৰ্তমানলৈ বিকল হৈ আছে শিক্ষয়িত্ৰী গৰাকীৰ ফোন নম্বৰটো। তাৰ দুদিন পিচৰে পৰা চাইবাৰ অপৰাধীয়ে লুটি নিছে শিক্ষয়িত্ৰী গৰাকীৰ একাউণ্টৰ জমা ধন।

সম্প্ৰতি কলিয়াবৰ আৰক্ষীয়ে সমগ্ৰ ঘটনাটো তদন্তৰ বাবে নগাঁও আৰক্ষীৰ চাইবাৰ ক্ৰাইম চেললৈ প্ৰেৰণ কৰিছে।

ৰিদিপ শৰ্মা

ৰিদিপ শৰ্মা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পাকিস্তানত কয়লা খনিত ভয়ংকৰ বিস্ফোৰণ! কমেও ৩২জনৰ মৃত্যু, মাটিৰ তলত আবদ্ধ বহু শ্ৰমিক

পাকিস্তানত কয়লা খনিত ভয়ংকৰ বিস্ফোৰণ! কমেও ৩২জনৰ মৃত্যু, মাটিৰ তলত আবদ্ধ বহু শ্ৰমিক

July 31, 2026 8:36 am
কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

July 31, 2026 7:46 am
ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

July 31, 2026 6:30 am
লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পাকিস্তানত কয়লা খনিত ভয়ংকৰ বিস্ফোৰণ! কমেও ৩২জনৰ মৃত্যু, মাটিৰ তলত আবদ্ধ বহু শ্ৰমিক

পাকিস্তানত কয়লা খনিত ভয়ংকৰ বিস্ফোৰণ! কমেও ৩২জনৰ মৃত্যু, মাটিৰ তলত আবদ্ধ বহু শ্ৰমিক

July 31, 2026 8:36 am
কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

July 31, 2026 7:46 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd