• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, June 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

‘CAA কেতিয়াও ঘূৰাই লোৱা নহ’ব, বিজেপি চৰকাৰে কেতিয়াও ইয়াক লৈ আপোচ নকৰে’: অমিত শ্বাহ

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
March 14, 2024 10:53 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নাগৰিকত্ব সংশোধনী আইন (CAA) কেতিয়াও ঘূৰাই লোৱা নহ’ব বুলি উল্লেখ কৰি গৃহমন্ত্ৰী অমিত শ্বাহে কয় যে দেশত ভাৰতীয় নাগৰিকত্ব নিশ্চিত কৰাটো বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰৰ ‘সাৰ্বভৌম সিদ্ধান্ত’।

সংবাদ সংস্থা এএনআইৰ সৈতে হোৱা এক সাক্ষাৎকাৰত কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা ভাৰতীয় জনতা পাৰ্টিৰ নেতা অমিত শ্বাহে কয় যে `আমি কেতিয়াও ইয়াৰ সৈতে আপোচ নকৰো’।

কেন্দ্ৰই সোমবাৰে নাগৰিকত্ব (সংশোধনী) আইন, ২০১৯ কাৰ্যকৰী কৰাৰ কথা ঘোষণা কৰে। এই বিতৰ্কিত আইনখন গৃহীত হোৱাৰ চাৰি বছৰৰ পাছত এই পদক্ষেপে গ্ৰহণ কৰা হৈছে। ই পাকিস্তান, বাংলাদেশ আৰু আফগানিস্তানৰ পৰা নথি-পত্ৰবিহীন অমুছলমান প্ৰব্ৰজনকাৰীসকলৰ নাগৰিকত্বৰ পথ মুকলি কৰিছে।

Apply Now

লগতে পঢ়কঃ শ্বেয়াৰ বজাৰত বৃহৎ পতন; আদানীৰ ৬৬ হাজাৰ কোটি, আম্বানীৰ ৩০ হাজাৰ কোটিৰ লোকচান!

‘মুছলমানক লক্ষ্য কৰা’ বুলি অভিযোগ উত্থাপন কৰা একাংশ লোকৰ সমালোচনাৰ সন্মুখীন হৈছে CAA, যিটো অভিযোগ কেন্দ্ৰই নাকচ কৰিছে।

যিহেতু লোকসভা নিৰ্বাচনৰ সম্ভাৱ্য ঘোষণাৰ কিছুদিন পূৰ্বে CAAৰ নিয়মসমূহ অধিসূচনা কৰা হৈছে, সেয়েহে বিৰোধীয়ে বিজেপি নেতৃত্বাধীন কেন্দ্ৰৰ এই পদক্ষেপক “ভোট বেংকৰ ৰাজনীতি” বুলিও অভিহিত কৰিছে।

গৃহমন্ত্ৰী অমিত শ্বাহে এএনআইৰ সৈতে হোৱা সাক্ষাৎকাৰত বিৰোধীৰ আন কোনো কাম নাই বুলি উল্লেখ কৰি কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে যি কয় সেয়া শিলৰ ৰেখাত পৰিণত হয়।

অমিত শ্বাহে কয়, “বিৰোধীৰ আন কোনো কাম নাই, আনকি তেওঁলোকে কৈছিল যে চাৰ্জিকেল ষ্ট্ৰাইক আৰু এয়াৰ ষ্ট্ৰাইকত ৰাজনৈতিক লাভ আছে, গতিকে আমি সন্ত্ৰাসবাদৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব নালাগেনে? তেওঁলোকে লগতে কৈছিল যে ৩৭০ অনুচ্ছেদ বাতিল কৰাটোও আমাৰ ৰাজনৈতিক লাভালাভৰ বাবে। আমি ১৯৫০ চনৰ পৰাই কৈ আহিছে যে আমি ৩৭০ অনুচ্ছেদ আঁতৰাই দিম।’

অসমত CAA ৰূপায়ণ আৰু CAA আৰু এনআৰচি (NRC)ৰ সংযোগ সন্দৰ্ভত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কয় যে NRCৰ CAAৰ লগত কোনো সম্পৰ্ক নাই।

লগতে পঢ়কঃ কুকুৰৰ পৰা সাৱধান! ভাৰতত নিষিদ্ধ হ’ল পিটবুলকে ধৰি হিংস্ৰ কুকুৰ বিক্ৰী; আপোনাৰো আছে নেকি?

অমিত শ্বাহে কয় যে, “অসমৰ লগতে দেশৰ অন্যান্য প্ৰান্তত CAA কাৰ্যকৰী হ’ব। উত্তৰ-পূৰ্বাঞ্চলৰ যিবোৰ ৰাজ্যত দুই ধৰণৰ বিশেষ অধিকাৰ প্ৰদান কৰা হৈছে, সেইবোৰ ৰাজ্যতহে CAA কাৰ্যকৰী নহ’ব।”

ইয়াৰ ভিতৰত ইনাৰ লাইন পাৰ্মিট (আই এল পি)ৰ ব্যৱস্থা থকা ক্ষেত্ৰসমূহ আৰু সংবিধানৰ ষষ্ঠ অনুসূচীৰ অধীনত বিশেষ মৰ্যাদা প্ৰদান কৰা অঞ্চলসমূহ অন্তৰ্ভুক্ত বুলিও তেওঁ লগতে কয়।

কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ৰাহুল গান্ধী আৰু তেওঁৰ দলৰ নাগৰিকত্ব সংশোধনী আইনৰ সমালোচনাক খাৰিজ কৰি অমিত শ্বাহে কংগ্ৰেছৰ নেতাক ৰাজহুৱা মঞ্চত উপস্থিত হৈ বিষয়টোৰ ওপৰত নিজৰ দলৰ আপত্তি সদৰী কৰিবলৈ প্ৰত্যাহ্বান জনায়।

অমিত শ্বাহে কয়, “মই আপোনালোকক অনুৰোধ জনাইছো যে বিষয়টো সন্দৰ্ভত ৰাহুল গান্ধীৰ বিতংভাৱে সাক্ষাৎকাৰ লওক আৰু তেওঁৰ CAAৰ বিৰোধিতা কৰাৰ কাৰণ সাধাৰণ জনতাক বুজাই দিয়ক। ৰাজনীতিত আপোনাৰ সিদ্ধান্তক ন্যায্যতা প্ৰদান কৰাটো আপোনাৰ দায়িত্ব। CAA যদি মোৰ চৰকাৰৰ সিদ্ধান্ত হয় তেন্তে মই মোৰ দলৰ স্থিতি, চৰকাৰৰ সিদ্ধান্ত আৰু কিয় জাতিৰ পক্ষত আছে সেই বিষয়ে বুজাই দিব লাগিব। একেদৰে ৰাহুল গান্ধীয়েও আইনখনৰ বিৰোধিতাৰ কাৰণ বুজাই দিব লাগে।’

লগতে পঢ়কঃ বাংলাদেশৰ পৰা অন্তৰ্ধান হোৱা ৩৯ লাখ হিন্দু বাংলাদেশী ক’ত? প্ৰশ্ন ৰাইজৰ দলৰ

কংগ্ৰেছৰ জ্যেষ্ঠ নেতা তথা ৰাজ্যসভাৰ সাংসদ জয়ৰাম ৰমেশে নাগৰিকত্ব সংশোধনী আইনৰ নিয়ম জাৰি কৰাৰ সময়ক লৈ প্ৰশ্ন উত্থাপন কৰিছে।

কংগ্ৰেছে অভিযোগ কৰে যে এয়া বিতৰ্কিত আইন কাৰণ নাগৰিকত্ব কেতিয়াও ধৰ্মৰ ওপৰত ভিত্তি কৰি নহয়, ই সংবিধানৰ বিৰুদ্ধে যায়। 

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পাহাৰীয়া ‘হোম ষ্টে’ত চাঞ্চল্যকৰ ঘটনা! উদ্ধাৰ যুৱতীৰ মৃতদেহ, অচেতন অৱস্থাত উদ্ধাৰ ‘প্ৰেমিক’

পাহাৰীয়া ‘হোম ষ্টে’ত চাঞ্চল্যকৰ ঘটনা! উদ্ধাৰ যুৱতীৰ মৃতদেহ, অচেতন অৱস্থাত উদ্ধাৰ ‘প্ৰেমিক’

June 30, 2026 1:23 pm
ৰোমাঞ্চকৰ মেচত নেডাৰলেণ্ডছৰ বিদায়! পেনাল্টি শ্বুটআউটত ৩-২ ব্যৱধানত জয়লাভ কৰি পৰৱৰ্তী ৰাউণ্ডত মৰক্কো

ৰোমাঞ্চকৰ মেচত নেডাৰলেণ্ডছৰ বিদায়! পেনাল্টি শ্বুটআউটত ৩-২ ব্যৱধানত জয়লাভ কৰি পৰৱৰ্তী ৰাউণ্ডত মৰক্কো

June 30, 2026 1:10 pm
‘হাত কাটি দিয়া হ’ব’, সিন্ধুৰ পানী বন্ধ কৰিলে ভাৰতৰ বিৰুদ্ধে যুদ্ধৰ ভাবুকি পাকিস্তানৰ

‘হাত কাটি দিয়া হ’ব’, সিন্ধুৰ পানী বন্ধ কৰিলে ভাৰতৰ বিৰুদ্ধে যুদ্ধৰ ভাবুকি পাকিস্তানৰ

June 30, 2026 12:13 pm
গুৱাহাটীত ভূমিস্খলনৰ ভয়াৱহ শংকা! কামৰূপ মহানগৰ জিলাৰ ৩৬৬ টা স্থানত বিশেষ সতৰ্কতা জাৰি কৰিলে দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষই

গুৱাহাটীত ভূমিস্খলনৰ ভয়াৱহ শংকা! কামৰূপ মহানগৰ জিলাৰ ৩৬৬ টা স্থানত বিশেষ সতৰ্কতা জাৰি কৰিলে দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষই

June 30, 2026 12:05 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পাহাৰীয়া ‘হোম ষ্টে’ত চাঞ্চল্যকৰ ঘটনা! উদ্ধাৰ যুৱতীৰ মৃতদেহ, অচেতন অৱস্থাত উদ্ধাৰ ‘প্ৰেমিক’

পাহাৰীয়া ‘হোম ষ্টে’ত চাঞ্চল্যকৰ ঘটনা! উদ্ধাৰ যুৱতীৰ মৃতদেহ, অচেতন অৱস্থাত উদ্ধাৰ ‘প্ৰেমিক’

June 30, 2026 1:23 pm
ৰোমাঞ্চকৰ মেচত নেডাৰলেণ্ডছৰ বিদায়! পেনাল্টি শ্বুটআউটত ৩-২ ব্যৱধানত জয়লাভ কৰি পৰৱৰ্তী ৰাউণ্ডত মৰক্কো

ৰোমাঞ্চকৰ মেচত নেডাৰলেণ্ডছৰ বিদায়! পেনাল্টি শ্বুটআউটত ৩-২ ব্যৱধানত জয়লাভ কৰি পৰৱৰ্তী ৰাউণ্ডত মৰক্কো

June 30, 2026 1:10 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd