DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, February 4, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

কেন্দ্ৰীয় ৰে’ল ৰাজ্যিক মন্ত্ৰী ৰাজেন গোহাঁইৰ জ্যেষ্ঠ ভাতৃ তথা নগাঁৱৰ প্ৰসিদ্ধ চিকিৎসক ডাঃ জীতেন্দ্ৰ নাথ গোহাঁইৰ মৃত্যু

মিণ্টু দাস by মিণ্টু দাস
October 1, 2018 8:42 pm
f7a27f91-d66d-4e69-a6d8-8acb349acca5

ফটো : নৰ্থ-ইষ্ট নাও

150
VIEWS
Share on FacebookShare on Twitter

অসম তথা নগাঁৱৰ এগৰাকী আগশাৰীৰ চিকিৎসক, সমাজকৰ্মী তথা কেন্দ্ৰীয় ৰে’ল ৰাজ্যিক মন্ত্ৰী ৰাজেন গোহাঁইৰ জ্যেষ্ঠ ভাতৃ ডাঃ জিতেন্দ্ৰ নাথ গোহাঁই(৮৬)ৰ আজি দিনৰ ১ বজাত গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাতে মৃত্যু হয়।

এসময়ত ৰাজ্যৰ এগৰাকী আগশাৰীৰ শৈল্য চিকিৎসক হিচাপে খ্যাতি লাভ কৰা ডাঃ গোহাঁই বিগত কিছুদিন ধৰি অসুস্থ হৈ আছিল। এসপ্তাহৰ পূৰ্বে চিকিৎসক গৰাকীক গুৱাহাটীৰ আয়ুৰচুন্দ্ৰ চিকিৎসালয়ত পৰিয়ালৰ লোকে ভৰ্তি কৰাইছিল।

১৯৫১ চনত নগাঁও চৰকাৰী উচ্চতৰ মাধ্যমিক বালক বিদ্যালয়ৰ পৰা সুখ্যাতিৰে মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হৈ নগাঁও কলেজৰ পৰা আই এচ ই পাছ কৰি পৰৱৰ্তী সময়ত চিকিৎসা বিজ্ঞানত স্নাতক ডিগ্ৰী লাভ কৰে। প্ৰথমতে নগাঁও চহৰৰ এলফিষ্টোন চিনেমা হল চাৰিআলিৰ ওচৰৰ য়ুনাইটেড ফাৰ্মাচীত তেওঁ কিছুদিন চিকিৎসা সেৱা আগবঢ়াইছিল।

নগাঁৱত কিছুদিন চিকিৎসা সেৱা কৰাৰ পিছত ডাঃ গোহাঁইয়ে লণ্ডনৰ পৰা এফ আৰ চি এচ ডিগ্ৰী লৈ পুনৰ নগাঁৱলৈ উভতি আহে। নগাঁৱলৈ আহি জিলা চিকিৎসা বিষয়া হিচাপে নগাঁও অসামৰিক চিকিৎসালয়ত যোগদান কৰে। এগৰাকী দায়িত্বশীল আৰু দক্ষ চিকিৎসক হিচাপে খ্যাতি লাভ কৰা ডাঃ গোহাঁইয়ে কিছুদিন তেজপুৰতো চিকিৎসা সেৱা আগবঢ়াইছিল।

উল্লেখ্য যে ১৯৮০ চনত ডিব্ৰুগড় জিলাৰ খোৱাঙত হোৱা এক শোকাবহ পথ দূৰ্ঘটনাত তেওঁৰ প্ৰথমা পত্নী আৰু পুত্ৰৰ মৃত্যু হৈছিল। পিছত তেওঁ পুনৰ বিবাহ পাশত আবদ্ধ হয়। পৰৱৰ্তী সময়ত নগাঁও চহৰৰ আমোলাপট্টিৰ বীৰেন মহন্ত পথত পি কে মেমৰিয়েল নামৰ এখন নাৰ্চিং হোম খুলি চিকিৎসা সেৱা আৰম্ভ কৰে। সম্প্ৰতি এইখন গোহাঁই নাৰ্চিং হোম হিচাপে জনা যায়।

কেন্দ্ৰীয় ৰে’ল ৰাজ্যিক মন্ত্ৰী ৰাজেন গোহাঁইৰ জ্যেষ্ঠ ভাতৃ ডাঃ জিতেন গোহাঁই নগাঁও জিলাৰ ভিতৰত প্ৰথমগৰাকী এফ আৰ চি এচ আছিল বুলি জানিব পৰা গৈছে। চিকিৎসা সেৱাৰ উপৰি বিভিন্ন সামাজিক সাংস্কৃতিক কাম কাজৰ লগতো চিকিৎসকগৰাকী জড়িত আছিল।

সহজ-সৰল জীৱন যাপন কৰা সু-চিকিৎসক ডাঃ জিতেন গোহাঁইৰ মৃত্যুত সমগ্ৰ নগাঁও জিলাতে শোকৰ ছা পৰিছে। প্ৰাক্তন মুখ্য মন্ত্ৰী তথা বঢ়মপুৰ সমষ্টিৰ বিধায়ক প্ৰফুল্ল কুমাৰ মহন্তই চিকিৎসকগৰাকীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰি কয় যে তেওঁৰ মৃত্যু নগাঁৱৰ সমাজ জীৱনৰ বাবে অপুৰণীয় ক্ষতি।

আনহাতে জলসম্পদ মন্ত্ৰী কেশৱ মহন্ত, বিধায়ক ৰূপক শৰ্মা, প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইন, প্ৰাক্তন মন্ত্ৰী গিৰীন্দ্ৰ কুমাৰ বৰুৱা, প্ৰাক্তন বিধায়ক ডাঃ দূৰ্লভ চমুৱা, নগাঁও জিলা বিজেপি, নগাঁও জিলা অগপ, নগাঁও জিলা কংগ্ৰেছ, নগাঁও জিলা ছাত্ৰ সন্থা, জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, জাতীয়তাবাদী যুৱ পৰিষদৰ নগাঁও জিলা সমিতি, শ্ৰীমন্ত শংকৰ মিচন, জ্যেষ্ঠ নাগৰিক সন্মিলন, নগাঁও জিলা সাহিত্য সভা, সদৌ অসম গ্ৰাম্য পুথিভঁৰাল সন্থা, নগাঁও ক্ৰিয়া সন্থা, আমোলাপট্ৰি বিহু সন্মিলনী, টাই আহোম ছাত্ৰ সন্থা আৰু নগাঁও পৌৰ সভাৰ দহ নং ৱাৰ্ডৰ পৌৰ আয়ূক্ত পৰাণ মহন্তকে ধৰি বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানে গভীৰ শোক প্ৰকাশ কৰাৰ লগতে শোক সন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে।

মৃত্যুৰ সময়ত চিকিৎসকগৰাকীয়ে সমাজ সেৱিকা তথা সাহিত্য প্ৰেমী পত্নী নিৰুপমা গোহাঁই, চিকিৎসক পুত্ৰ নৱকৃষ্ণ গোহাঁইকে ধৰি বহু আত্মীয় স্বজন এৰি থৈ যায়।

উল্লেখ্য যে ডাঃ গোহাঁইৰ শেষকৃত্য মঙলবাৰে সম্পন্ন কৰা হ’ব বুলি পৰিয়ালৰ লোকৰ পৰা জানিব পৰা গৈছে।

Recent News

ChatGPTয়ে ধ্বংস কৰিব পাৰে Google! কোনে দিলে সতৰ্কবাণী?

ChatGPTয়ে ধ্বংস কৰিব পাৰে Google! কোনে দিলে সতৰ্কবাণী?

মানুহৰ তেজৰ শিৰাৰ ভিতৰত পোৱা গৈছে খাদ্যৰ পেকেটৰ প্লাষ্টিক! বিস্ময়ত হতবাক গৱেষক

মানুহৰ তেজৰ শিৰাৰ ভিতৰত পোৱা গৈছে খাদ্যৰ পেকেটৰ প্লাষ্টিক! বিস্ময়ত হতবাক গৱেষক

আৰু কিমান বাকী! পুনৰ চৰ্চাত সাৰদা কেলেংকাৰী; প্ৰয়াত অঞ্জন দত্ত, নলিনী চিদাম্বৰমৰ সম্পত্তি জব্দ

আৰু কিমান বাকী! পুনৰ চৰ্চাত সাৰদা কেলেংকাৰী; প্ৰয়াত অঞ্জন দত্ত, নলিনী চিদাম্বৰমৰ সম্পত্তি জব্দ

Rahul Gandhi writes letter to Modi

‘জোৰ-জুলুম নকৰিব’! প্ৰধানমন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ কৰি কাশ্মীৰী পণ্ডিতৰ পৰ্যাপ্ত নিৰাপত্তা ব্যৱস্থাৰ আহ্বান ৰাহুল গান্ধীৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd