কেন্দ্ৰীয় মন্ত্ৰী তথা লোক জনশক্তি পাৰ্টি (এল জে পি)ৰ প্ৰতিষ্ঠাপক ৰাম বিলাশ পাছোৱানৰ আজি ৭৪ বছৰ বয়সত দেহাৱসান ঘটে।
কেন্দ্ৰীয় মন্ত্ৰী গৰাকীৰ বিয়োগৰ খবৰ ৰাজহুৱা কৰে পুত্ৰ চিৰাগ পাছোৱানে।
‘‘দেউতা আপুনি এই সংসাৰত আৰু নাই কিন্তু মই জানো আপুনি য’তেই নাথাকক কিয় সদায় মোৰ সৈতে থাকিব,’’ পিতৃৰ বিয়োগৰ খবৰ ৰাজহুৱা কৰি পুত্ৰ চিৰাগ পাছোৱানে এইদৰে লিখে।
দেওবাৰে ৰাম বিলাশ পাছোৱানৰ হৃদযন্ত্ৰৰ অস্ত্ৰোপ্ৰচাৰ সম্পন্ন কৰা হৈছিল।
ৰাম বিলাশ পাছোৱানে মোদী কেবিনেটত খাদ্য আৰু ৰাজহুৱা বিতৰণ বিভাগৰ দায়িত্বত আছিল।
বিগত কিছু সপ্তাহৰ পৰা হৃদৰোগ জনিত সমস্যাৰ বাবে পাছোৱান চিকিৎসালয়ত ভৰ্তি হৈ আছিল।
পৰৱৰ্তী সময়ত পাছোৱানক আই চি য়ুত ভৰ্তি কৰোৱা হয় আৰু আজি কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে শেষ নিশ্বাস ত্যাগ কৰে।
ৰাম বিলাশ পাছোৱানে ১৯৪৬ চনত বিহাৰৰ খাগাৰিয়া গাঁৱত জন্মগ্ৰহণ কৰিছিল।
স্নাতকোত্তৰ ডিগ্ৰী আৰু আইন বিষয়ত শিক্ষা গ্ৰহণ কৰাৰ পাছত পাছোৱানে সুখ্যাতিৰে বিহাৰ অসামৰিক সেৱাৰ পৰীক্ষাত উত্তীৰ্ণ হৈ বিহাৰ আৰক্ষীত ডি এছ পি হিচাপে কৰ্মজীৱন আৰম্ভ কৰিছিল।
পৰৱৰ্তী সময়ত পাছোৱানে ৰাজনীতিৰ পথাৰত ভৰি থয়। কেন্দ্ৰীয় মন্ত্ৰী গৰাকীৰ মৃত্যুত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গভীৰ শোক প্ৰকাশ কৰিছে।