পৰিৱৰ্তনৰ প্ৰতিশ্ৰুতিৰে গাদী দখল কৰা ৰাজ্যৰ বিজেপি নেতৃত্বাধীন চৰকাৰখনৰ দুৰ্গা পূজাৰ সময়তো ৰাজ্যৰ ভেন্সাৰ স্কুলৰ শিক্ষক-কৰ্মচাৰীসকলৰ প্ৰতি সামান্যতম দায়বদ্ধতাও প্ৰকাশ নাপালে।
পূৰ্বৰ চৰকাৰখনে পূজাৰ সময়ত এইসকলৰ বেতনবিহীন শিক্ষক-কৰ্মচাৰীক কিছু আৰ্থিক সকাহ দিছিল যদিও এইখন চৰকাৰ অহাৰ পৰা সেই আৰ্থিক অনুদান বন্ধ কৰি দিয়া হ’ল।
সংবাদমাধ্যমলৈ প্ৰেৰণ কৰা এটা বিবৃতিযোগে এই অভিযোগ আনিছে অসম শিক্ষক-কৰ্মচাৰী ঐক্যমঞ্চই। চৰম দীনতাৰ মাজেৰে পৰিয়াল চলাই থকা এইসকল শিক্ষক-কৰ্মচাৰীয়ে চৰকাৰখনৰ এই স্থিতিত হাতাশা আৰু অসন্তুষ্টি প্ৰকাশ কৰিছে।
বিবৃতিটোত কোৱা হৈছে যে যিখন চৰকাৰে উৎসৱ-পাৰ্বণৰ নামত কোটি কোটি টকা খৰচ কৰিব পাৰে, মন্ত্ৰী-বিধায়কৰ দা-দৰমহা ইচ্ছা মতে বৃদ্ধি কৰিব পাৰে সেই চৰকাৰখনৰ বছৰ বছৰ ধৰি বিনা বেতনে কাম কৰি থকা শিক্ষক-কৰ্মচাৰীসকলক কোনো ধৰণৰ সকাহ দিবলৈ সত নোযোৱাটো গৰিহণাযোগ্য কথা।
আনহাতে, অইন দেশৰ হিন্দু ধৰ্মাৱলম্বী লোকৰ কথা চিন্তা কৰা চৰকাৰখনে ৰাজ্যৰ ভেন্সাৰ শিক্ষকসকলৰ সমস্যাৰ কথা জনসাধাৰণৰ দৃষ্টিৰ পৰা আঁতৰাই ৰখাৰ কামত জড়িত হোৱা বুলিও বিবৃতিটোত উল্লেখ কৰা হয় বিবৃতিটোত। হিন্দু ধৰ্মাৱলম্বী লোকৰ পৱিত্ৰ উৎসৱ দুৰ্গা পূজা ভেন্সাৰ শিক্ষানুষ্ঠানৰ হিন্দু ধৰ্মৰ শিক্ষকসকলে কিদৰে পালন কৰিব বুলি চৰকাৰলৈ প্ৰশ্ন উত্থাপন কৰে শিক্ষক-কৰ্মচাৰী ঐক্যমঞ্চই।
শাৰদীয় দুৰ্গোৎসৱক লৈ ৰাজ্যজুৰি উচাহৰ ধল বোৱাৰ সময়ত ভেন্সাৰ শিক্ষকসকল কিদৰে মানসিকভাৱে ভাগি পৰিছে সেয়া অনুধাৱন কৰিবৰ বাবে হিন্দু ধৰ্মৰ কথা কোৱা পৰিৱৰ্তনকামী চৰকাৰখনক আহ্বান জনায় ঐক্যমঞ্চই।