• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

উন্নাও ধৰ্ষণ গোচৰঃ কুলদীপ চেংগাৰৰ শাস্তি স্থগিতাদেশৰ বিৰুদ্ধে ২৯ ডিচেম্বৰত উচ্চতম ন্যায়ালয়ত শুনানি

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 28, 2025 11:58 am
13
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

২০১৭ চনৰ উন্নাও ধৰ্ষণ গোচৰৰ মূল অভিযুক্ত তথা বিজেপিৰ পৰা বহিষ্কৃত নেতা কুলদীপ সিং চেংগাৰৰ শাস্তি স্থগিত ৰখাৰ বিষয়টোক লৈ এতিয়া উচ্চতম ন্যায়ালয়ত তীব্ৰ আইনী যুঁজ আৰম্ভ হৈছে। দিল্লী উচ্চ ন্যায়ালয়ে চেংগাৰৰ আজীৱন কাৰাদণ্ডৰ শাস্তি স্থগিত ৰাখি যি নিৰ্দেশ দিছিল, তাক প্ৰত্যাহ্বান জনাই কেন্দ্ৰীয় তদন্তকাৰী সংস্থা চিবিআইয়ে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে। এই স্পৰ্শকাতৰ আবেদনখনৰ শুনানি অহা ২৯ ডিচেম্বৰত শীৰ্ষ আদালতত অনুষ্ঠিত হ’ব বুলি জানিব পৰা গৈছে।

উচ্চতম ন্যায়ালয়ৰ কাৰণ তালিকা অনুসৰি মুখ্য ন্যায়াধীশ সূৰ্য্য কান্তৰ নেতৃত্বত গঠিত এখন বিচাৰপীঠে এই শুনানি গ্ৰহণ কৰিব। এই বিচাৰপীঠত ন্যায়াধীশ জে কে মহেশ্বৰী আৰু ন্যায়াধীশ অগাস্টিন জৰ্জ মাছিহো অন্তৰ্ভুক্ত আছে। কেৱল চিবিআইয়েই নহয়, উচ্চ ন্যায়ালয়ৰ সেই নিৰ্দেশক প্ৰত্যাহ্বান জনাই অধিবক্তা অঞ্জলী পেটেল আৰু পূজা শিল্পকাৰেও পৃথক আবেদন দাখিল কৰিছে, যাৰ শুনানিও একেদিনাই অনুষ্ঠিত হ’ব।

Apply Now

উল্লেখ্য যে কুলদীপ সিং চেংগাৰে ইতিমধ্যে সাত বছৰ পাঁচ মাহৰ কাৰাদণ্ড সম্পূৰ্ণ কৰাৰ পৰিপ্ৰেক্ষিতত দিল্লী উচ্চ ন্যায়ালয়ে তেওঁৰ আজীৱন কাৰাদণ্ডৰ শাস্তি স্থগিত ৰাখিছিল। চেংগাৰে ২০১৯ চনৰ নিম্ন আদালতৰ ৰায়ক প্ৰত্যাহ্বান জনাই যি আবেদন কৰিছিল, তাৰ নিষ্পত্তি নোহোৱালৈকে এই ৰেহাই দিয়া হৈছিল। চিবিআইয়ে যোৱা ২৬ ডিচেম্বৰত এই নিৰ্দেশৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত আবেদন কৰিছিল। অৱশ্যে ধৰ্ষণৰ বলি হোৱা কিশোৰীগৰাকীৰ পিতৃৰ জিম্মাত মৃত্যু হোৱা আন এক গোচৰত ১০ বছৰৰ শাস্তি ভুগি থকাৰ বাবে চেংগাৰ এতিয়াও কাৰাগাৰৰ পৰা ওলাই আহিব পৰা নাই।

উচ্চ ন্যায়ালয়ে চেংগাৰক ১৫ লাখ টকাৰ ব্যক্তিগত বণ্ড আৰু তিনিজন জামিনদাৰৰ বিনিময়ত এই সকাহ দিছিল। লগতে তেওঁৰ ওপৰত কেইবাটাও কঠোৰ চৰ্ত আৰোপ কৰা হৈছিল। যাৰ ভিতৰত আছিল ধৰ্ষণৰ বলি হোৱা মহিলাগৰাকীৰ দিল্লীৰ বাসগৃহৰ পৰা ৫ কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰত তেওঁ সোমাব নোৱাৰিব। ইয়াৰ উপৰিও ভুক্তভোগী মহিলাগৰাকী বা তেওঁৰ মাতৃক কোনো ধৰণৰ ভাবুকি প্ৰদান নকৰিবলৈও কোৱা হৈছিল। এই যিকোনো এটা চৰ্ত উলংঘা কৰিলে তেওঁৰ জামিন বাতিল হ’ব বুলি আদালতে স্পষ্ট কৰি দিছিল।

মন কৰিবলগীয়া যে ২০১৯ চনৰ ১ আগষ্টত উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশতে এই সমগ্ৰ ধৰ্ষণ গোচৰটো উত্তৰ প্ৰদেশৰ পৰা দিল্লীৰ আদালতলৈ স্থানান্তৰ কৰা হৈছিল। ইফালে ভুক্তভোগীৰ পিতৃৰ মৃত্যুৰ গোচৰত লাভ কৰা শাস্তিও স্থগিত ৰাখিবলৈ চেংগাৰে আবেদন কৰিছে, যিখন আবেদন বৰ্তমান বিচাৰাধীন হৈ আছে। সমগ্ৰ দেশ কঁপাই যোৱা এই জঘন্য কাণ্ডৰ শেহতীয়া আইনী প্ৰক্ৰিয়াই এতিয়া সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ইন্দোৰত জঘন্য হত্যাকাণ্ড! সামান্য কথা কটা-কটি, ননদৰ আক্ৰোশত শেষ হ’ল নৱবিবাহিতা যুৱতীৰ জীৱন

ইন্দোৰত জঘন্য হত্যাকাণ্ড! সামান্য কথা কটা-কটি, ননদৰ আক্ৰোশত শেষ হ’ল নৱবিবাহিতা যুৱতীৰ জীৱন

September 6, 2026 9:47 pm
সমগ্ৰ দেশৰ উচ্চ শিক্ষানুষ্ঠানত কিয় জ্বলিছে প্ৰতিবাদৰ জুই? এয়া দেশজুৰি বৃহৎ ছাত্ৰ আন্দোলনৰ ইংগিত নেকি?

সমগ্ৰ দেশৰ উচ্চ শিক্ষানুষ্ঠানত কিয় জ্বলিছে প্ৰতিবাদৰ জুই? এয়া দেশজুৰি বৃহৎ ছাত্ৰ আন্দোলনৰ ইংগিত নেকি?

September 6, 2026 8:05 pm
এয়া কেনে ন্যায়? ৯ বছৰ পাছতো লেহেমীয়া গৌৰী লংকেশ হত্যাৰ বিচাৰ, মুকলি আকাশৰ তলত হত্যাকাৰী

এয়া কেনে ন্যায়? ৯ বছৰ পাছতো লেহেমীয়া গৌৰী লংকেশ হত্যাৰ বিচাৰ, মুকলি আকাশৰ তলত হত্যাকাৰী

September 6, 2026 7:14 pm
মানচিত্ৰত ভাৰতক কিয় সৰু দেখা যায়? প্ৰকৃত আকাৰ দেখুৱাব ‘ইকুৱেল আৰ্থে’

মানচিত্ৰত ভাৰতক কিয় সৰু দেখা যায়? প্ৰকৃত আকাৰ দেখুৱাব ‘ইকুৱেল আৰ্থে’

September 6, 2026 6:11 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ইন্দোৰত জঘন্য হত্যাকাণ্ড! সামান্য কথা কটা-কটি, ননদৰ আক্ৰোশত শেষ হ’ল নৱবিবাহিতা যুৱতীৰ জীৱন

ইন্দোৰত জঘন্য হত্যাকাণ্ড! সামান্য কথা কটা-কটি, ননদৰ আক্ৰোশত শেষ হ’ল নৱবিবাহিতা যুৱতীৰ জীৱন

September 6, 2026 9:47 pm
সমগ্ৰ দেশৰ উচ্চ শিক্ষানুষ্ঠানত কিয় জ্বলিছে প্ৰতিবাদৰ জুই? এয়া দেশজুৰি বৃহৎ ছাত্ৰ আন্দোলনৰ ইংগিত নেকি?

সমগ্ৰ দেশৰ উচ্চ শিক্ষানুষ্ঠানত কিয় জ্বলিছে প্ৰতিবাদৰ জুই? এয়া দেশজুৰি বৃহৎ ছাত্ৰ আন্দোলনৰ ইংগিত নেকি?

September 6, 2026 8:05 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd