• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

বিবাহথলীত অঘটন! খুলি পৰিল দৰাৰ উইগ: মিথ্যাচাৰিতাৰ দোহাই দি বিবাহত অমান্তি কইনাৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 23, 2022 8:24 pm
bride refuses to marry 'bald' groom
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

২০১৯ চনত মুক্তিপ্ৰাপ্ত আয়ুস্মান খুৰানা অভিনীত বলীউডৰ জনপ্ৰিয় চিনেমা ‘বালা’ নিশ্চয় চাইছে। চিনেমাখনত এজন চুলিহীন যুৱকৰ চৰিত্ৰত অভিনয় কৰা আয়ুস্মান খুৰানাই নিজকে চুলিসহ সুদৰ্শন চেহেৰাৰ যুৱকৰ ৰূপত গঢ়ি তুলিবলৈ কৰা প্ৰচেষ্টা আৰু আন কিছু দৃশ্যই আপোনাৰ মনত নিশ্চয় হাস্যৰসৰ সৃষ্টি কৰিছিল।

বিবাহৰ ক্ষেত্ৰতো চুলি নথকাৰ বাবেই কন্যাঘৰৰ পৰা বাৰে বাৰে নাকচ হোৱা আয়ুস্মান খুৰানাই কিদৰে মানসিক অন্তৰ্দ্বন্দ্বত ভুগিছিল সেয়াও আপুনি দেখিছিল। নিজৰ এই চুলিহীন অৱয়ব লুকুৱাই ৰাখি বিয়াৰ পিছত পাৰিবাৰিক সমস্যাৰ সন্মুখীন হয় মূল নায়কৰূপী আয়ুস্মান।

Apply Now

কিন্তু এই সকলো পৰিস্থিতিৰ পৰা সবলভাৱে ওলাই আহি সমাজৰ কিছুমান প্ৰচলিত ধাৰণা আৰু বডী শ্বেমিঙৰ এই ভয়াৱহ দিশটোৰ সৈতে কেনেদৰে মোকাবিলা কৰিছিল সেয়াও আপোনালোকে নিশ্চয় উপভোগ কৰিছে।

সাধাৰণতে আমাৰ সমাজত চলি থকা বডী শ্বেমিঙৰ আতিশয্যৰ বিৰুদ্ধে বালা চিনেমাখনে এক সুদৃঢ় ধাৰণা গঢ়ি তুলিছিল। চিনেমাখনৰ ই আছিল আটাইতকৈ লক্ষ্যণীয় দিশ।

পিছে এইবাৰ চিনেমাত নহয়, বাস্তৱত এনে এক সমস্যাৰ সন্মুখীন হৈছে উত্তৰ প্ৰদেশৰ এজন যুৱক। ৰাজ্যখনৰ উন্নাও জিলাত এগৰাকী যুৱকে নিজৰ চুলিহীন অৱয়বৰ কথা লুকুৱাই ৰাখি এগৰাকী যুৱতীৰ সৈতে বিবাহপাশত আৱদ্ধ হ’বলৈ আগবাঢ়ে। কিন্তু বিবাহথলীতে হঠাৎ হয় অঘটন।

দৰাজন বিবাহ মণ্ডপলৈ যোৱাৰ সময়তে হঠাত মূৰ ঘূৰাই মূৰ্চ্ছা যায়। দৰাজন মাটিত ঢলি পৰাৰ লগে লগে তেওঁ পৰিধান কৰি থকা উইগটো ওলাই পৰে। লগে লগে বিবাহথলীত সমবেত সকলোৱে দৰাজনৰ প্ৰকৃত চেহেৰা দেখিবলৈ পায়।

কন্যাঘৰক দৰাজনে এই কথা অন্ধকাৰত ৰাখি বিবাহৰ বাবে আগবঢ়াৰ বাবে কইনাই বিবাহ অনুষ্ঠানলৈ আগবাঢ়িবলৈ অস্বীকাৰ কৰে। পৰিয়ালৰ সদস্য আৰু আত্মীয়সকলে কইনাগৰাকীক বিবাহত বহিবলৈ সৈমান কৰিবলৈ চেষ্টা কৰে যদিও তেওঁ দৃঢ়তাৰে প্ৰতাখ্যান কৰে।

ইয়াৰ ফলশ্ৰুতিত বিষয়টো সন্দৰ্ভত স্থানীয় আৰক্ষী চকীৰ কাষ চপা হয়। কিন্তু আৰক্ষীৰ হস্তক্ষেপৰ পিছতো কইনাগৰাকীয়ে বিবাহত বহিবলৈ অমান্তি হয়।

পৰৱৰ্তী সময়ত দুয়োপক্ষৰ সিদ্ধান্ত অনুসৰি পঞ্চায়ত সভা আহ্বান কৰা হয়। কইনাগৰাকীৰ পৰিয়ালে দাবী কৰে যে তেওঁলোকে বিবাহৰ বাবে ৫.৬৬ লাখ টকা খৰচ কৰিছিল। এই দাবীৰ সঁহাৰি জনাই দৰা পক্ষই কন্যা পক্ষক এই ক্ষতিপূৰণ ঘূৰাই দিছিল।

এনে পৰিস্থিতিত কইনা অবিহনেই দৰা আৰু বৰযাত্ৰীসকল কানপূৰলৈ উভতিব লগীয়া হয়।

আনহাতে ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কইনাৰ এগৰাকী খুৰাকে কয় যে দৰাৰ পৰিয়ালে দৰাজনৰ ক্ষেত্ৰত সত্যতা লুকুৱাই ৰাখিব নালাগিছিল। যদি দৰাপক্ষই প্ৰকৃত সত্য পূৰ্বেই প্ৰকাশ কৰিলেহেঁতেন, তেওঁলোকে বিবাহৰ প্ৰস্তাৱ নাকচ নকৰিলে হয়।

পোনপ্ৰথমে মিথ্যাচাৰৰ আশ্ৰয় লৈ বিবাহৰ দৰে কাৰ্যসূচী এটা আগবঢ়াৰ আশা কৰিব নোৱাৰি বুলি কন্যা পক্ষই মন্তব্য কৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চৰকাৰী বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত এইবাৰ চিকেন বিৰিয়ানি? মুখ্যমন্ত্ৰী বিজয়ৰ ডাঙৰ পৰিকল্পনা

চৰকাৰী বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত এইবাৰ চিকেন বিৰিয়ানি? মুখ্যমন্ত্ৰী বিজয়ৰ ডাঙৰ পৰিকল্পনা

July 30, 2026 1:09 pm
মাত্ৰ এজন শিক্ষকৰে চলিছে দেশৰ ১ লাখৰো অধিক বিদ্যালয়! তালিকাত শীৰ্ষত অন্ধ্ৰপ্ৰদেশ, অসমতো ৩,১৫৯ খন বিদ্যালয়ৰ একেই দুৰ্দশা

মাত্ৰ এজন শিক্ষকৰে চলিছে দেশৰ ১ লাখৰো অধিক বিদ্যালয়! তালিকাত শীৰ্ষত অন্ধ্ৰপ্ৰদেশ, অসমতো ৩,১৫৯ খন বিদ্যালয়ৰ একেই দুৰ্দশা

July 30, 2026 12:58 pm
নিৰ্ভয়ে কৰ্তব্য পালন কৰক, সকলো দায়িত্ব মোৰ: নিট প্ৰতিবাদকাৰীৰ ওপৰত পেলেট গান চালনাৰ পিছত আৰ এ এফ জোৱানক সমৰ্থন চি আৰ পি এফৰ ডি জিৰ

নিৰ্ভয়ে কৰ্তব্য পালন কৰক, সকলো দায়িত্ব মোৰ: নিট প্ৰতিবাদকাৰীৰ ওপৰত পেলেট গান চালনাৰ পিছত আৰ এ এফ জোৱানক সমৰ্থন চি আৰ পি এফৰ ডি জিৰ

July 30, 2026 11:25 am
উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়: লিফ্ট দুৰ্ঘটনাত নিৰ্মাতা আৰু ভৱন কৰ্তৃপক্ষৰ যৌথ দায়বদ্ধতা

উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়: লিফ্ট দুৰ্ঘটনাত নিৰ্মাতা আৰু ভৱন কৰ্তৃপক্ষৰ যৌথ দায়বদ্ধতা

July 30, 2026 9:47 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চৰকাৰী বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত এইবাৰ চিকেন বিৰিয়ানি? মুখ্যমন্ত্ৰী বিজয়ৰ ডাঙৰ পৰিকল্পনা

চৰকাৰী বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত এইবাৰ চিকেন বিৰিয়ানি? মুখ্যমন্ত্ৰী বিজয়ৰ ডাঙৰ পৰিকল্পনা

July 30, 2026 1:09 pm
মাত্ৰ এজন শিক্ষকৰে চলিছে দেশৰ ১ লাখৰো অধিক বিদ্যালয়! তালিকাত শীৰ্ষত অন্ধ্ৰপ্ৰদেশ, অসমতো ৩,১৫৯ খন বিদ্যালয়ৰ একেই দুৰ্দশা

মাত্ৰ এজন শিক্ষকৰে চলিছে দেশৰ ১ লাখৰো অধিক বিদ্যালয়! তালিকাত শীৰ্ষত অন্ধ্ৰপ্ৰদেশ, অসমতো ৩,১৫৯ খন বিদ্যালয়ৰ একেই দুৰ্দশা

July 30, 2026 12:58 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd