ভাৰতৰ বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি সামুদ্ৰিক সামগ্ৰীৰ ওপৰত আমেৰিকাৰ ৫০% শুল্ক আৰোপ কৰিলে ৰপ্তানিৰ ক্ষেত্ৰত নেতিবাচক প্ৰভাৱ পৰিব। আমেৰিকাই কম শুল্ক আৰোপ কৰা ইকুৱেডৰৰ দৰে দেশৰ সৈতে ভাৰতে বানিজ্যত ফেৰ মৰাত সমস্যাত পৰিব। কংগ্ৰেছৰ সাংসদ কে চি বেনুগোপালৰ নেতৃত্বত সংসদৰ ৰাজহুৱা হিচাপ সমিতিৰ (পিএচি) বৈঠকৰ সময়ত বিশেষ সচিব ৰাজেশ আগৰৱালাই উল্লেখ কৰে যে শুল্ক হ্ৰাসৰ বাবে দ্বিপাক্ষিক বাণিজ্যিক চুক্তি অবিহনে ভাৰতীয় ৰপ্তানিকাৰকসকলে এই গুৰুত্বপূৰ্ণ খণ্ডত বজাৰ অংশীদাৰিত্ব হেৰুৱাৰ আশংকা আছে।
আগৰৱালে উল্লেখ কৰা অনুসৰি সাগৰীয় ৰপ্তানি, বিশেষকৈ মাছৰ ক্ষেত্ৰত ঔষধ খণ্ডতকৈ কঠিন প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে। ভাৰতে জেনেৰিক ঔষধৰ ওপৰত গুৰুত্ব দিয়াৰ বাবে আমেৰিকাৰ সামগ্ৰিক শুল্কৰ প্ৰভাৱ হ্ৰস্বম্যাদীভাৱে সীমিত হৈয়েই আছে। তেওঁ আমেৰিকাৰ সৈতে চলি থকা আলোচনা সন্দৰ্ভত আশা প্ৰকাশ কৰে আৰু নতুন মুক্ত বাণিজ্য চুক্তি (এফটিএ) ক ধৰি বৈচিত্ৰ্যৰ প্ৰচেষ্টাসমূহৰ ওপৰতো আলোকপাত কৰে। শেহতীয়াকৈ ইউৰোপীয় মুক্ত বাণিজ্য সংস্থা (ছুইজাৰলেণ্ড, আইচলেণ্ড, নৰৱে আৰু লিচেনষ্টেইন)ৰ সৈতে হোৱা এফটিএত ৮-১২% শুল্ক কৰ্তনৰ প্ৰস্তাৱ দিয়া হৈছে, যাৰ ফলত সামুদ্ৰিক ৰপ্তানিত লাভৱান হৈছে। আনহাতে অহি থকা সময়ত ব্ৰিটেইনৰ এফটিএ বছৰৰ আৰম্ভণিতে আৰম্ভ হ’বলগীয়া ৮-১২% শুল্ক বন্ধ কৰি দিব, যাৰ ফলত ব্ৰিটেইনৰ ৫ বিলিয়ন পাউণ্ডৰ আমদানি বজাৰত প্ৰৱেশৰ সুবিধা মুকলি হ’ব।
ঔষধৰ সন্দৰ্ভত আগৰৱালে ব্যাখ্যা কৰে যে চীনৰ ক্ষেত্ৰতো এই শুল্ক প্ৰযোজ্য। সেয়ে ভাৰতৰ তাৎক্ষণিক ক্ষতি কম , কিন্তু প্ৰতিযোগিতামূলক ক্ষমতা হেৰুৱা আৰু বিকাশ স্থবিৰ হোৱাৰ দৰে দীৰ্ঘম্যাদী সমস্যাৰ বিষয়ে সকীয়াই দিয়ে। তেওঁ কৃষিৰ দৰে স্পৰ্শকাতৰ খণ্ডসমূহক সুৰক্ষা প্ৰদান কৰাৰ লগতে উদ্যোগসমূহৰ মাজত ৰপ্তানিৰ সুযোগ বৃদ্ধি কৰাৰ চৰকাৰৰ লক্ষ্যৰ ওপৰতো গুৰুত্ব আৰোপ কৰে।




