মাত্ৰ পাঁচ মিনিটৰ এখন গুগল মিট বৈঠক। আৰু সেই বৈঠকতে প্ৰায় ৮০ জন ভাৰতীয় কৰ্মচাৰীয়ে একেলগে চাকৰি পৰা বৰ্খাস্ত কৰিলে। কোম্পানীটোৰ ভাৰতীয় গ্ৰাহক সেৱা দলৰ এজন প্ৰাক্তন কৰ্মচাৰীয়ে আমেৰিকাৰ ডিজিটেল বেংকিং কোম্পানী ব্লুভাইনৰ বিৰুদ্ধে এনে অভিযোগ উত্থাপন কৰিছে।
কৰ্মচাৰীজনে ছ’চিয়েল মিডিয়াত দাবী কৰে যে সমগ্ৰ ভাৰতীয় গ্ৰাহক সেৱাৰ দলটোক কোনো আগতীয়া সতৰ্কবাণী অবিহনে চাকৰিৰ পৰা বৰ্খাস্ত কৰা হৈছে। তেওঁৰ মতে, ঘটনাৰ দিনটোত কৰ্মচাৰীসকলক ‘অপাৰেছনেল কাৰণ’ৰ কথা উল্লেখ কৰি ঘৰৰ পৰাই কাম কৰিবলৈ কোৱা হৈছিল।
কৰ্মচাৰীজনে দাবী কৰা মতে, সেইদিনা সন্ধিয়া ৬:৩০ বজাৰ পৰা তেওঁৰ শ্বিফ্ট আৰম্ভ হৈছিল। প্ৰায় তিনি ঘণ্টা কাম কৰাৰ পিছত নিশা ৯:৩০ বজাত হঠাতে দলৰ সদস্যসকলক গুগল মিট কলত যোগদান কৰিবলৈ কোৱা হয়। তাতেই মেনেজমেণ্টে জনাইছে যে সমগ্ৰ ভাৰতীয় গ্ৰাহক সেৱাৰ দলটোক চাকৰিৰ পৰা বৰ্খাস্ত কৰা হৈছে।
কৰ্মচাৰীজনে দাবী কৰা মতে, প্ৰায় ৮০ জন কৰ্মচাৰীয়ে একেলগে চাকৰি হেৰুৱাইছে। তেওঁৰ মতে, মাত্ৰ পাঁচ মিনিটৰ ভাৰ্চুৱেল মিটিংৰ জৰিয়তেই প্ৰায় ৮০টা পৰিয়াল ক্ষতিগ্ৰস্ত হয়।
কৰ্মচাৰীজনে দাবী কৰে যে কোম্পানীয়ে তেওঁক জনাইছে যে ভাৰতীয় দলটোৱে আশা কৰা ধৰণৰ ফলাফল প্ৰদান কৰা নাই। অৱশ্যে এই যুক্তি মানি ল’বলৈ তেওঁ অনিচ্ছুক। এটা ছ’চিয়েল মিডিয়া পোষ্টত তেওঁ দাবী কৰে যে ভাৰতীয় কৰ্মচাৰীসকলে চাকৰি হেৰুৱাৰ ভয়ত নিয়মিতভাৱে অতিৰিক্ত সময় কাম কৰিছিল।
তেওঁ অভিযোগ কৰে যে আমেৰিকাৰ দলৰ তুলনাত ভাৰতীয় কৰ্মচাৰীসকলৰ কামৰ দায়িত্ব অধিক। অৱশ্যে এই বক্তব্য প্ৰাক্তন কৰ্মচাৰীজনৰ ব্যক্তিগত দাবী।
ছ’চিয়েল মিডিয়াত এজন ব্যৱহাৰকাৰীয়ে যেতিয়া কৰ্মচাৰীজনক কোম্পানীটোৰ নাম ক’বলৈ ক’লে তেতিয়া তেওঁ ব্লুভাইনৰ নাম উল্লেখ কৰে। ব্লুভাইন হৈছে আমেৰিকাৰ ডিজিটেল বেংকিং প্লেটফৰ্ম যিয়ে মূলতঃ ক্ষুদ্ৰ ব্যৱসায়ীসকলক ব্যৱসায়িক একাউণ্ট, পেমেণ্ট সেৱা আৰু ঋণ সেৱা আগবঢ়ায়।
ঘটনাটো পোহৰলৈ অহাৰ পিছতে ছ’চিয়েল মিডিয়াত বহু লোকে এই বিষয়টোক লৈ উদ্বেগ প্ৰকাশ কৰে। কিন্তু চাকৰিৰ পৰা বৰ্খাস্ত, কৰ্মচাৰীৰ ক্ষতিপূৰণ বা ভৱিষ্যতৰ পৰিকল্পনা সন্দৰ্ভত কোম্পানীটোৰ আনুষ্ঠানিক বিবৃতি এই প্ৰতিবেদনত পোৱা নগ’ল।





