• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, August 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ট্ৰাম্পৰ নতি স্বীকাৰ? ইৰাণত সামৰিক অভিযান বন্ধ কৰাৰ কথা ঘোষণা আমেৰিকাৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 7, 2026 1:47 pm
56
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অৱশেষত ‘ছুপাৰপাৱাৰ’ আমেৰিকাই ইৰাণৰ পৰা টালি-টোপোলা বান্ধিবলৈ বাধ্য হ’ল? হোয়াইট হাউছৰ পৰা অহা দুটা ঘোষণাত সেইটোৱেই ইংগিত পোৱা গৈছে। প্ৰথম ঘোষণা কৰে আমেৰিকাৰ বিদেশ মন্ত্ৰী মাৰ্কো ৰুবিঅ’ই। অলপ সময়ৰ ভিতৰতে ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ নিজৰ বিবৃতিও আহে।

ৰুবিঅ’ই সাংবাদিকৰ আগত কয় যে ২৮ ফেব্ৰুৱাৰীত ইৰাণৰ বিৰুদ্ধে ‘অপাৰেচন এপিক ফিউৰি’ আৰম্ভ কৰা হৈছিল। এই সামৰিক অভিযানৰ লক্ষ্যত উপনীত হৈছে। সেয়ে অভিযানৰ সামৰণি মৰা হৈছে।

Apply Now

পিছত ট্ৰাম্পে ঘোষণা কৰে যে হৰমুজ প্ৰণালীৰ মাজেৰে নিৰাপদে জাহাজ পাৰ কৰিবলৈ আৰম্ভ কৰা ‘প্ৰজেক্ট ফ্ৰিডম’ স্থগিত ৰখা হৈছে। তেওঁ দাবী কৰে যে পাকিস্তানকে ধৰি অন্যান্য মিত্ৰ দেশৰ অনুৰোধত আৰু ইৰাণৰ সৈতে কূটনৈতিক আলোচনাৰ অগ্ৰগতিৰ বাবেই এই সিদ্ধান্ত লোৱা হৈছে।

আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীৰ মতে, তেহৰাণ আৰু আমেৰিকাৰ মাজত চুক্তি স্বাক্ষৰ কৰাটো এতিয়া মাথোঁ সময়ৰ অপেক্ষা। ট্ৰাম্পৰ এই ঘোষণাত স্বাভাৱিকতে ইৰানে বিজয় দেখিবলৈ পাইছে। কাৰণ আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে ঘটনাৰ গতিপথ সলনি কৰি তেহৰাণত নিজৰ পছন্দৰ শাসক বহুওৱাৰ ভাবুকি দিছিল। সেই লক্ষ্যত উপনীত নহ’ল। কিন্তু ট্ৰাম্পে এতিয়া প্ৰত্যক্ষ সামৰিক কাৰ্যকলাপ বন্ধ কৰাৰ কথা কৈছে। প্ৰশ্ন উত্থাপন হৈছে, অৱশেষত তেওঁ ইৰাণ যুদ্ধত পৰাজয় স্বীকাৰ কৰিলে নেকি?

ইৰাণৰ পাৰমাণৱিক কাৰ্যসূচী বন্ধ কৰি তেহৰাণ সলনি কৰিবলৈ ইজৰাইলৰ সৈতে যৌথ আক্ৰমণ চলাইছিল আমেৰিকাই। যদিও ইৰাণৰ সৰ্বোচ্চ নেতা আয়াতুল্লাহ আলী খামেনেইৰ মৃত্যু হয়, তথাপিও তেওঁৰ পুত্ৰ মোজতাবা খামেনেই নতুন নেতা হিচাপে নিৰ্বাচিত হয়। ফলত তেহৰাণৰ বৰ্তমানৰ শাসন ব্যৱস্থা সলনি কৰাৰ ৱাশ্বিংটনৰ লক্ষ্য এতিয়াও অসম্পূৰ্ণ।

ইয়াৰ বিপৰীতে কূটনৈতিক মহলে ধাৰণা কৰে যে ইৰাণৰ সৈতে সামৰিক সংঘাতৰ সন্মুখত ট্ৰাম্পে যুদ্ধবিৰতি ঘোষণা কৰিবলগীয়া হৈছিল। ইয়াৰ মাজতে আমেৰিকাই প্ৰস্তাৱিত চুক্তি ব্যৱহাৰ কৰি ইৰাণৰ পৰা সামৰিক কাৰ্যকলাপ বন্ধ কৰাৰ উপায় বিচাৰিছে।

আমেৰিকাৰ এটা ৱেবছাইটত প্ৰকাশিত এক প্ৰতিবেদনে সম্ভাৱ্য এক পৃষ্ঠাৰ চুক্তিৰ কেইবাটাও উল্লেখযোগ্য তথ্য পোহৰলৈ আনিছে। তেওঁলোকে দাবী কৰে যে এই চুক্তিত ইৰাণৰ পাৰমাণৱিক কাৰ্যসূচী সন্দৰ্ভত বিতং আলোচনা কৰা হৈছে, য’ত বিভিন্ন বিষয়ত বিবাদ নিষ্পত্তিৰ নিৰ্দেশনাও আছে।

অহা ৪৮ ঘণ্টাৰ ভিতৰত ইৰাণৰ সঁহাৰি প্ৰকাশ পাব বুলি আমেৰিকাই আশা কৰিছে। অৱশ্যে এই চুক্তি সন্দৰ্ভত দুয়োপক্ষৰ মাজত কোনো চুক্তি হোৱা নাই বুলিও প্ৰতিবেদনত স্পষ্ট কৰি দিয়া হৈছে।

একে সময়তে দাবী কৰা হৈছে যে যুদ্ধ আৰম্ভ হোৱাৰ পিছৰে পৰা চুক্তিত স্বাক্ষৰ কৰাৰ সম্ভাৱনা কেতিয়াও ইমান উজ্জ্বল হোৱা নাছিল। এই চুক্তিত প্ৰস্তাৱ দিয়া হৈছে যে ইৰাণে ইউৰেনিয়াম সমৃদ্ধকৰণ কাৰ্যসূচী স্থগিত ৰাখিব। বিনিময়ত আমেৰিকাই ইৰাণৰ ওপৰত থকা নিষেধাজ্ঞা উঠাই ল’ব।

সেইদৰে, ইৰাণৰ পৰা জব্দ কৰা বৃহৎ আৰ্থিক পুঁজি মুকলি কৰি দিব ৱাশ্বিংটনে। দুয়োপক্ষই হৰমুজ প্ৰণালীৰ কাষত আৰোপ কৰা নিষেধাজ্ঞা প্ৰত্যাহাৰ কৰিব। অৰ্থাৎ ট্ৰাম্পে যে শলঠেকত পৰিছে প্ৰতিবেদনখনে সেইটো স্পষ্ট কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘বাৰ কাউন্সিলসমূহ পুৰুষৰ ক্লাবলৈ পৰিণত হৈছে’: মহিলা সদস্য নিযুক্তি দিবলৈ উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ

‘বাৰ কাউন্সিলসমূহ পুৰুষৰ ক্লাবলৈ পৰিণত হৈছে’: মহিলা সদস্য নিযুক্তি দিবলৈ উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ

August 4, 2026 9:20 pm
“অসমত অবৈধ খনন চলি থকা নাই, নাগালেণ্ডৰ বিষয়টো কেন্দ্ৰৰ ওচৰত উত্থাপন কৰা হ’ব”, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

“অসমত অবৈধ খনন চলি থকা নাই, নাগালেণ্ডৰ বিষয়টো কেন্দ্ৰৰ ওচৰত উত্থাপন কৰা হ’ব”, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

August 4, 2026 7:26 pm
চেলেংহাট লেফেৰাত হোৰাহোৰে সোমাইছে টীয়ক নৈৰ বাঢ়নী পানী : উদ্ধাৰকাৰীৰ দল সাজু ৰাখিবলৈ আহ্বান জ্ঞানশ্ৰী বৰাৰ

চেলেংহাট লেফেৰাত হোৰাহোৰে সোমাইছে টীয়ক নৈৰ বাঢ়নী পানী : উদ্ধাৰকাৰীৰ দল সাজু ৰাখিবলৈ আহ্বান জ্ঞানশ্ৰী বৰাৰ

August 4, 2026 7:13 pm
উন্নয়ন আৰু বহনক্ষমতা বিষয়ক বিশেষ বক্তৃতানুষ্ঠানৰ আয়োজন : মুখ্য বক্তা উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ উজ্জ্বল ভূঞা

উন্নয়ন আৰু বহনক্ষমতা বিষয়ক বিশেষ বক্তৃতানুষ্ঠানৰ আয়োজন : মুখ্য বক্তা উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ উজ্জ্বল ভূঞা

August 4, 2026 6:25 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘বাৰ কাউন্সিলসমূহ পুৰুষৰ ক্লাবলৈ পৰিণত হৈছে’: মহিলা সদস্য নিযুক্তি দিবলৈ উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ

‘বাৰ কাউন্সিলসমূহ পুৰুষৰ ক্লাবলৈ পৰিণত হৈছে’: মহিলা সদস্য নিযুক্তি দিবলৈ উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ

August 4, 2026 9:20 pm
“অসমত অবৈধ খনন চলি থকা নাই, নাগালেণ্ডৰ বিষয়টো কেন্দ্ৰৰ ওচৰত উত্থাপন কৰা হ’ব”, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

“অসমত অবৈধ খনন চলি থকা নাই, নাগালেণ্ডৰ বিষয়টো কেন্দ্ৰৰ ওচৰত উত্থাপন কৰা হ’ব”, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

August 4, 2026 7:26 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd