আমেৰিকাৰ চোৰাংচোৱা সংস্থাই দাবী কৰা অনুসৰি অহা কেইসপ্তাহমানৰ ভিতৰত চীনে ইৰাণলৈ নতুন বায়ু প্ৰতিৰক্ষা ব্যৱস্থা প্ৰেৰণৰ বাবে সাজু হৈছে বুলি তিনিটা সূত্ৰই ইংগিত দিছে। শেহতীয়া চোৰাংচোৱাৰ মূল্যায়নৰ সৈতে পৰিচিত তিনিজন ব্যক্তিয়ে চিএনএনক এই তথ্য জনাইছে।
এমাহৰো অধিক যুদ্ধৰ অন্তত পাকিস্তানৰ মধ্যস্থতাত আমেৰিকা আৰু ইৰাণৰ মাজত দুসপ্তাহৰ যুদ্ধবিৰতি অব্যাহত আছে। যোৱা মঙলবাৰৰ পৰা আৰম্ভ হৈছে যুদ্ধবিৰতি।
ইৰাণ আৰু আমেৰিকাৰ মাজত যুদ্ধবিৰতিত পাকিস্তানৰ মধ্যস্থতাত তেওঁলোকে সহায় কৰা বুলি বেইজিঙে প্ৰকাশ কৰিছে।
যদি বেইজিঙে ইৰাণলৈ অস্ত্ৰ প্ৰেৰণৰ সিদ্ধান্ত লয় তেন্তে ইয়াক এক প্ৰৰোচনামূলক পদক্ষেপ বুলি গণ্য কৰা হ’ব পাৰে।
অহা মাহৰ আৰম্ভণিতে চীন ভ্ৰমণৰ কথা আছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ। তাত তেওঁ চীনৰ ৰাষ্ট্ৰপতি ছি জিনপিঙৰ সৈতে সাক্ষাৎ কৰিব।
সূত্ৰসমূহে প্ৰকাশ কৰা অনুসৰি আমেৰিকাৰ চোৰাংচোৱা সংস্থাই দাবী কৰিছে যে ইৰাণে হয়তো এই যুদ্ধবিৰতিক সুযোগ হিচাপে ব্যৱহাৰ কৰিছে। যুদ্ধবিৰতিৰ সময়ত ইৰাণে হয়তো নিজৰ গুৰুত্বপূৰ্ণ বিদেশী মিত্ৰ দেশসমূহৰ সহায়ত কিছুমান অস্ত্ৰ ব্যৱস্থা পুনৰ মজুত কৰি আছে।
ইয়াৰ উপৰিও দুটা সূত্ৰই চিএনএনৰ আগত দাবী কৰিছে যে বেইজিঙে প্ৰকৃত উৎস লুকুৱাবলৈ তৃতীয়খন দেশৰ জৰিয়তে ইৰাণলৈ নিজৰ অস্ত্ৰৰ চালান প্ৰেৰণ কৰাৰ ব্যৱস্থা কৰিছে। চোৰাংচোৱাৰ প্ৰতিবেদনে তেনে দাবী কৰিছে।
বিষয়টোৰ সৈতে পৰিচিত সূত্ৰসমূহে দাবী কৰিছে যে বেইজিঙে প্ৰেৰণ কৰিবলৈ সাজু হোৱা অস্ত্ৰসমূহৰ ভিতৰত আছে কান্ধত বহন কৰিব পৰা বিমান বিধ্বংসী ক্ষেপণাস্ত্ৰ ব্যৱস্থা, যাক ‘MANPADS’ নামেৰে জনাজাত।
এই অস্ত্ৰসমূহে পাঁচ সপ্তাহৰ যুদ্ধৰ সময়ছোৱাত তুলনামূলকভাৱে কম উচ্চতাত উৰণ কৰা আমেৰিকাৰ সামৰিক বিমানসমূহৰ বাবে প্ৰবল ভাবুকিৰ সৃষ্টি কৰিছিল। যদিহে বৰ্তমানৰ যুদ্ধবিৰতিৰ পতন ঘটে তেন্তে ভৱিষ্যতেও একেধৰণৰ ভাবুকিৰ সৃষ্টি হ’ব পাৰে।
ৱাশ্বিংটনত থকা চীনৰ দূতাবাসৰ এগৰাকী মুখপাত্ৰই কয় যে চীনে কেতিয়াও সংঘাতৰ কোনো পক্ষক অস্ত্ৰ যোগান ধৰা নাই।
চীনৰ ৰাষ্ট্ৰদূতগৰাকীয়ে উপৰোক্ত তথ্য সঁচা নহয় বুলিও দাবী কৰে। দূতাবাসৰ মুখপাত্ৰগৰাকীয়ে কয়, ‘এখন দায়িত্বশীল প্ৰধান দেশ হিচাপে চীনে সদায় নিজৰ আন্তঃৰাষ্ট্ৰীয় দায়িত্ব পালন কৰি আহিছে। আমি আমেৰিকাক আহ্বান জনাইছো যে এনে ভিত্তিহীন অভিযোগ উত্থাপন কৰা, ইচ্ছাকৃতভাৱে সম্পৰ্ক সংযোগ কৰা আৰু অতিৰঞ্জিত অপপ্ৰচাৰ চলোৱাৰ পৰা বিৰত থাকক। আমি আশা কৰিছো যে সংশ্লিষ্ট পক্ষসমূহে উত্তেজনা লাঘৱ কৰাৰ বাবে অধিক ব্যৱস্থা গ্ৰহণ কৰিব।
যোৱা সপ্তাহৰ আৰম্ভণিতে চীনৰ দূতাবাসৰ মুখপাত্ৰই চিএনএনক জনাইছিল যে ইৰাণৰ বিৰুদ্ধে আমেৰিকা-ইজৰাইলৰ যুদ্ধ আৰম্ভ হোৱাৰ পিছৰে পৰা যুদ্ধবিৰতি আৰু সংঘাতৰ অন্ত পেলোৱাত সহায় কৰিবলৈ বেইজিঙে কাম কৰি আহিছে।
যুদ্ধৰ মাজতে ইৰাণৰ আকাশমাৰ্গত আমেৰিকাৰ এফ-১৫ যুদ্ধ বিমান নিক্ষেপ কৰা হয়। সোমবাৰে এখন সংবাদমেলত ট্ৰাম্পে ইংগিত দিছিল যে জেটখন কান্ধত বহন কৰিব পৰা ক্ষেপণাস্ত্ৰৰে বিমানখন আঘাত কৰা হৈছে।
অৱশ্যে ইৰাণে আমেৰিকাৰ যুদ্ধ বিমানখনক খুন্দা মাৰিবলৈ নতুন এয়াৰ ডিফেন্স চিষ্টেম ব্যৱহাৰ কৰা বুলি জানিবলৈ দিয়ে। এই নতুন বায়ু প্ৰতিৰক্ষা ব্যৱস্থা চীনত নিৰ্মাণ কৰা হৈছে নে নাই সেয়া এতিয়াও স্পষ্ট হোৱা নাই।
আমেৰিকাৰ সূত্ৰই দাবী কৰিছে যে যদি এতিয়া চীনে ইৰাণলৈ MANPADS বা Man Portable Air Defense Systems প্ৰেৰণ কৰে তেন্তে ই স্বাভাৱিকতে ২৮ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হোৱা যুদ্ধৰ এক উচটনিমূলক পদক্ষেপ হ’ব।
সূত্ৰসমূহে লগতে দাবী কৰিছে যে চীনৰ কোম্পানীসমূহে নিষেধাজ্ঞাৰ অন্তৰ্ভুক্ত ইৰাণৰ দ্বৈত ব্যৱহাৰৰ প্ৰযুক্তি বিক্ৰী অব্যাহত ৰাখিছে। এই প্ৰযুক্তিবিদ্যাৰ সহায়ত ইৰাণে অস্ত্ৰ উৎপাদন অব্যাহত ৰাখিবলৈ আৰু নিজৰ চোৱাচিতা ব্যৱস্থাৰ উন্নতি সাধন কৰিবলৈ সক্ষম হৈছে। অস্ত্ৰ ব্যৱস্থাৰ প্ৰত্যক্ষ যোগানক চীন চৰকাৰৰ বাবে নতুন স্তৰৰ সমৰ্থন হিচাপে গণ্য কৰা হ’ব।
বিষয়টোৰ সৈতে পৰিচিত এক সূত্ৰই দাবী কৰিছে যে আমেৰিকা আৰু ইজৰাইলৰ বিৰুদ্ধে ইৰাণক ৰক্ষা কৰিবলৈ চীনে মুকলিকৈ এই সংঘাতত লিপ্ত হোৱাৰ কোনো প্ৰকৃত কৌশলগত মূল্য নাই। তেওঁলোকে জানে যে এই যুদ্ধত জয়ী হোৱাটো সম্ভৱ নহয়।
সূত্ৰটোৱে জনোৱা মতে, বেইজিঙে ইয়াৰ পৰিৱৰ্তে নিজকে ইৰাণৰ স্থায়ী মিত্ৰ হিচাপে উপস্থাপন কৰিবলৈ চেষ্টা কৰিছে। ইৰাণৰ তেলৰ ওপৰত চীন বহু পৰিমাণে নিৰ্ভৰশীল। একে সময়তে দেশখনে নিজকে নিৰপেক্ষ বুলি দেখুৱাবলৈ চেষ্টা কৰিছে, যাতে যুদ্ধ শেষ হ’লে নিজৰ সম্পৰ্কক অস্বীকাৰ কৰিব পাৰে।
সূত্ৰসমূহে এইটোও দাবী কৰিছে যে চীনৰ বিষয়াসকলে যুক্তি দিব পাৰে যে তেওঁলোকে প্ৰদান কৰা বায়ু প্ৰতিৰক্ষা ব্যৱস্থাসমূহ আক্ৰমণাত্মক নহয়; বৰঞ্চ, প্ৰতিৰক্ষামূলক। এইদৰে তেওঁলোকে নিজৰ সহায়ক ৰাছিয়াৰ সহায়ৰ পৰা পৃথক হিচাপে উপস্থাপন কৰিব পাৰে।
চিএনএনৰ এক প্ৰতিবেদনত কোৱা হৈছে যে সমগ্ৰ যুদ্ধৰ সময়ছোৱাত মস্কোৱে ইৰাণৰ শাসন ব্যৱস্থাক চোৰাংচোৱা তথ্য শ্বেয়াৰ কৰাকে ধৰি সহায় আগবঢ়াই আহিছে। এই তথ্যই ইৰাণক মধ্যপ্ৰাচ্যত আমেৰিকাৰ সৈন্য আৰু সম্পত্তিত আক্ৰমণ কৰাত সহায় কৰিছে।
ইৰানে দীৰ্ঘদিন ধৰি চীন আৰু ৰাছিয়াৰ সৈতে সামৰিক আৰু অৰ্থনৈতিক সম্পৰ্ক বজাই ৰাখিছে।
ইউক্ৰেইনৰ বিৰুদ্ধে যুদ্ধত ইৰাণে ৰাছিয়াক বিশেষকৈ শ্বাহিদ ড্ৰ’ন যোগান ধৰি ব্যাপক সহায় আগবঢ়াইছে। তদুপৰি চীনৰ ওপৰত আৰোপ কৰা নিষেধাজ্ঞাক আওকাণ কৰি ইৰাণে চীনক বৃহৎ পৰিমাণৰ তেল বিক্ৰী কৰিছে।
কিন্তু চিএনএনে ইউক্ৰেইনত আমেৰিকা আৰু ইউৰোপে যে যুদ্ধক সমৰ্থন কৰি আছে বা আমেৰিকাই ইজৰাইলক অস্ত্ৰৰে সজ্জিত কৰি গাজাত নিৰীহ লোকক হত্যা কৰাৰ বিষয়ে একো উল্লেখ কৰা নাই।





