• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, August 24, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ইৰাণৰ পৰা গোপনে তেল আমদানি! নতুন অভিযোগত আদানীৰ বিৰুদ্ধে তদন্ত আৰম্ভ আমেৰিকাৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 3, 2025 8:44 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

গৌতম আদানীৰ কোম্পানী আদানী এণ্টাৰপ্ৰাইজে গোপনে ইৰাণৰ পৰা তেল আমদানি কৰিছিল! এই নতুন অভিযোগ পোহৰলৈ অহাৰ পিছতে সষ্টম হৈ পৰিছে আমেৰিকা। ইতিমধ্যে তেওঁলোকৰ বিৰুদ্ধে তদন্ত আৰম্ভ কৰিছে দেশখনৰ ন্যায় বিভাগে। এই কথা প্ৰকাশ কৰিছে আমেৰিকাৰ এক আগশাৰীৰ সংবাদ মাধ্যমৰ সূত্ৰই। অৱশ্যে এই অভিযোগ খণ্ডন কৰিছে আদানী এণ্টাৰপ্ৰাইজে।

আমেৰিকাৰ সংবাদ মাধ্যমত প্ৰকাশিত এক প্ৰতিবেদনত দাবী কৰা হৈছে যে আদানী এণ্টাৰপ্ৰাইজে আমেৰিকাৰ নিষেধাজ্ঞাক আওকাণ কৰি গুজৰাটৰ মুন্দ্ৰা বন্দৰৰ জৰিয়তে ইৰাণৰ পৰা গোপনে তেল আমদানি কৰিছে। শেহতীয়াকৈ তাত কেইবাখনো তেল টেংকাৰ দেখা গৈছে।

Apply Now

অৱশ্যে এই অভিযোগ যদি খণ্ডন কৰি আদানী এণ্টাৰপ্ৰাইজৰ মুখপাত্ৰই কয়, “আমি গোপনে ইৰাণৰ পৰা কোনো তেল আমদানি কৰা নাই। এই অভিযোগ সম্পূৰ্ণ ভিত্তিহীন। আদানী গ্ৰুপৰ সুনাম কলংকিত কৰিবলৈ ইচ্ছাকৃতভাৱে এনে ষড়যন্ত্ৰ কৰা হৈছে। কেৱল সেয়াই নহয়, আমেৰিকাৰ ন্যায় বিভাগে চলাই থকা তদন্তৰ বিষয়েও আমি অৱগত নহয়।”

উল্লেখ্য যে যোৱা মাহত আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে কৈছিল, “আমি ইৰাণৰ পৰা তেল বা পেট্ৰ’কেমিকেল সামগ্ৰী ক্ৰয় কৰাটো তৎক্ষণাত বন্ধ কৰিব লাগিব।” এই নিষেধাজ্ঞা অস্বীকাৰ কৰা দেশসমূহে ভৱিষ্যতে অৰ্থনৈতিক নিষেধাজ্ঞাৰ সন্মুখীন হ’ব বুলিও তেওঁ সকীয়াই দিছিল। এই পৰিবেশত আদানী গ্ৰুপৰ বিৰুদ্ধে এই নতুন অভিযোগক কেন্দ্ৰ কৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

প্ৰসংগক্ৰমে যোৱা নৱেম্বৰ মাহত আদানী গ্ৰুপৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ উত্থাপন হৈছিল। অভিযোগ আছিল যে গৌতম, তেওঁৰ ভতিজা সাগৰ আৰু তেওঁলোকৰ সহযোগীসকলে ভাৰতৰ বিভিন্ন ৰাজ্যৰ বজাৰতকৈ অধিক মূল্যত সৌৰশক্তি বিক্ৰীৰ চুক্তি লাভৰ বাবে প্ৰায় ২,২৩৭ কোটি টকা উৎকোচ দিছিল। সেই প্ৰকল্পৰ পৰা ২০ বছৰৰ ভিতৰত প্ৰায় ১৬,৯০০ কোটি টকা লাভৰ পৰিকল্পনা কৰিছিল উদ্যোগ গোটটোৱে।

ইয়াৰ উপৰিও আদানী গ্ৰীণ কোম্পানীয়ে এই প্ৰকল্পৰ বাবে বণ্ডৰ জৰিয়তে বিনিয়োগকাৰীৰ পৰা প্ৰায় ৬৩৩৮ কোটি টকা সংগ্ৰহ কৰিছিল বুলিও অভিযোগ উত্থাপন হৈছে। ইয়াৰে আমেৰিকাৰ বিনিয়োগকাৰীৰ পৰা ১৭৫ মিলিয়ন ডলাৰ সংগ্ৰহ কৰা বুলিও দাবী কৰা হৈছে।

যদি আদানী গ্ৰুপে আমেৰিকাৰ শ্বেয়াৰ বজাৰৰ পৰা ধন সংগ্ৰহ কৰে তেন্তে সেই দেশৰ সকলো আইন মানি চলিব লাগিব। সেইবাবেই আমেৰিকাৰ ষ্টক মাৰ্কেট নিয়ন্ত্ৰক ছিকিউৰিটিজ এণ্ড এক্সচেঞ্জ কমিছন আৰু ন্যায় বিভাগে আদানী গ্ৰুপৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিছিল। তেওঁলোকৰ বিৰুদ্ধে আমেৰিকাৰ আদালতত মুঠ তিনিটা গোচৰ ৰুজু কৰা হৈছিল। অৱশ্যে এই সকলো অভিযোগ অস্বীকাৰ কৰে আদানী গ্ৰুপে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ছেপ্টেম্বৰ মাহত ৪ দিনৰ বাবে বেংক ঘৰ্মঘটৰ আহ্বান; বন্ধ থাকিব ATM! গ্ৰাহকৰ দুৰ্দশাৰ আশংকা

ছেপ্টেম্বৰ মাহত ৪ দিনৰ বাবে বেংক ঘৰ্মঘটৰ আহ্বান; বন্ধ থাকিব ATM! গ্ৰাহকৰ দুৰ্দশাৰ আশংকা

August 24, 2026 11:31 am
১০ বছৰত দুগুণ হ’ল খালী পদ, পুনৰ ফাদিল হ’ল বছৰি ২ কোটি চাকৰিৰ জুমলা; আধা কৰ্মচাৰীয়ে ঠিকাভিত্তিক

১০ বছৰত দুগুণ হ’ল খালী পদ, পুনৰ ফাদিল হ’ল বছৰি ২ কোটি চাকৰিৰ জুমলা; আধা কৰ্মচাৰীয়ে ঠিকাভিত্তিক

August 24, 2026 10:34 am
চিকিৎসালয়ত ভেন্টিলেটৰ বিস্ফোৰণত অগ্নিদগ্ধ হৈ ৩ টি শিশুৰ মৃত্যু; উদ্ধাৰ কৰা কেইবাটিও শিশুৰ অৱস্থাও সংকটজনক

চিকিৎসালয়ত ভেন্টিলেটৰ বিস্ফোৰণত অগ্নিদগ্ধ হৈ ৩ টি শিশুৰ মৃত্যু; উদ্ধাৰ কৰা কেইবাটিও শিশুৰ অৱস্থাও সংকটজনক

August 24, 2026 9:20 am
দিল্লীত কেন্দ্রীয় মন্ত্রীসকলৰ ঘৰ মেৰামতিত এবছৰতে ব্যয় ৯২.৩৫ কোটি টকা, আগতে কিমান আছিল?

দিল্লীত কেন্দ্রীয় মন্ত্রীসকলৰ ঘৰ মেৰামতিত এবছৰতে ব্যয় ৯২.৩৫ কোটি টকা, আগতে কিমান আছিল?

August 24, 2026 8:40 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ছেপ্টেম্বৰ মাহত ৪ দিনৰ বাবে বেংক ঘৰ্মঘটৰ আহ্বান; বন্ধ থাকিব ATM! গ্ৰাহকৰ দুৰ্দশাৰ আশংকা

ছেপ্টেম্বৰ মাহত ৪ দিনৰ বাবে বেংক ঘৰ্মঘটৰ আহ্বান; বন্ধ থাকিব ATM! গ্ৰাহকৰ দুৰ্দশাৰ আশংকা

August 24, 2026 11:31 am
১০ বছৰত দুগুণ হ’ল খালী পদ, পুনৰ ফাদিল হ’ল বছৰি ২ কোটি চাকৰিৰ জুমলা; আধা কৰ্মচাৰীয়ে ঠিকাভিত্তিক

১০ বছৰত দুগুণ হ’ল খালী পদ, পুনৰ ফাদিল হ’ল বছৰি ২ কোটি চাকৰিৰ জুমলা; আধা কৰ্মচাৰীয়ে ঠিকাভিত্তিক

August 24, 2026 10:34 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd