ভাৰত চৰকাৰৰ কেন্দ্ৰীয় শিক্ষা মন্ত্ৰ্যালয়ৰ দ্বাৰা শেহতীয়াকৈ প্ৰকাশিত ‘উৎকৃষ্ট সংস্থান বিশ্বকৰ্মা বঁটা ২০২০’ শীৰ্ষক চমুকৈ “USVA-2020″ৰ তালিকাত গুৱাহাটীৰ আজাৰাস্থিত গিৰিজানন্দ চৌধুৰী ইনষ্টিটিউট অৱ ফাৰ্মাচিউটিকেল চায়েন্স প্ৰতিষ্ঠানে দ্বিতীয় স্থান দখলেৰে সমগ্ৰ উত্তৰ-পূব তথা অসমৰ শৈক্ষিক সমাজলৈ এক সুখৰ বতৰা কঢ়িয়াই আনে।
মাননীয় কেন্দ্ৰীয় শিক্ষা মন্ত্ৰ্যালয়ৰ মন্ত্ৰী ৰমেশ পখড়িৱালে অনলাইন যোগে কৰা এক ঘোষণা অনুসৰি সৰ্বভাৰতীয় কাৰিকৰী শিক্ষা পৰিষদ অৰ্থাৎ AICTE ৰ অন্তৰ্গত শিক্ষানুষ্ঠানসমূহক মুঠ ১৪টা শিতানত ভাগ কৰা হয় আৰু ইয়াৰে ৪নং শিতানত জিআইপিএছয়ে দ্বিতীয় স্থান দখল কৰে।
উল্লেখযোগ্য যে, “উৎকৃষ্ট সংস্থান বিশ্বকৰ্মা বঁটা’ হ’ল AICTE ৰ দ্বাৰা আয়োজিত এক বিশেষ বঁটা যাৰ প্ৰধান আৰু মুখ্য উদ্দেশ্য হৈছে পৰিষদৰ দ্বাৰা স্বীকৃত শিক্ষানুষ্ঠানসমূহক সমাজ তথা দেশৰ কল্যাণৰ স্বাৰ্থত বিভিন্ন ধৰণৰ সমাজ হিতৈষী কামত উদগনি যোগোৱা।
ক’ৰ’না মহামাৰীৰ এনে প্ৰাদুৰ্ভাৱৰ সময়ত “ইণ্ডিয়া ফাইটছ ক’ৰ’না” শীৰ্ষক শিৰোনামেৰে অভিহিত এইবাৰৰ “উৎকৃষ্ট সংস্থান বিশ্বকৰ্মা বঁটা’ৰ বাবে দেশজুৰি ৯০০ত কৈও অধিক শিক্ষানুষ্ঠানে অংশগ্ৰহণ কৰা প্ৰতিযোগিতাখনিত জিআইপিএছে এই বঁটা লাভ কৰিবলৈ সক্ষম হোৱা উত্তৰ-পূবৰ একমাত্ৰ শিক্ষানুষ্ঠান।
জিআইপিএছৰ বিভিন্ন সামাজিকমূলক কৰ্ম যেনে বিভিন্ন প্ৰাকৃতিক দুৰ্যোগৰ ফলত অভাৱ অনাটনে জুৰুলা কৰা জনসাধাৰণৰ মাজত নিত্য প্ৰয়োজনীয় বস্ত খাদ্য, ঔষধ, কাপোৰ আদি বিতৰণ কৰা আৰু শেহতীয়াকৈ ক’ৰ’না মহামাৰীৰ কৱলৰ পৰা ৰক্ষা পাবলৈ সমাজত সজাগতা বৃদ্ধি কৰি দুখীয়া-দৰিদ্ৰ জনসাধাৰণৰ মাজত মাস্ক, চাবোন,চেনিটাইজাৰ আদি বিতৰণ কৰা কামবোৰৰ বাবে এই স্বীকৃতি প্ৰদান কৰে।