• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 23, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ৰাজনৈতিক কৃপাদৃষ্টি! সাৰদা কেলেংকাৰিত অভিযুক্ত ভি কে পিপাৰছেনিয়ালৈ শক্তি বিভাগৰ অধ্যক্ষ পদ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
October 28, 2018 10:11 am
VK Pipersenia

মুখ্যমন্ত্ৰীৰ সৈতে ভি কে পিপাৰনেছিয়া। ফাইল ফটো

3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজনৈতিক কৃপাদৃষ্টি থকাৰ বাবে সাৰদা কেলেংকাৰিৰ ফাইল লুকুৱাই ৰখা বিনোদ কুমাৰ পিপাৰছেনিয়াই  অসম ৰাজ্যিক শক্তি বিতৰণ কোম্পানীৰ অধ্যক্ষৰ পদ অলংকৃত কৰাক কেন্দ্ৰ কৰি শনিবাৰে দিচপুৰ প্ৰেছ ক্লাৱত ক্ষোভ প্ৰকাশ কৰে আৰ টি আই কৰ্মী দুলাল বৰাই।

সোণোৱাল নেতৃত্বাধীন বিজেপি চৰকাৰে এনে সিদ্ধান্ত গ্ৰহণ কৰাটো আশ্চাৰ্য্যজনক বুলি আখ্যা দি দুলাল বৰাই সংবাদমেলত কয়, ‘’দুৰ্নীতিৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰা সৰ্বানন্দ সোণোৱাল চৰকাৰে কিছু কিছু ক্ষেত্ৰত শিথিল স্থিতি গ্ৰহণ কৰা দেখিবলৈ পোৱা গৈছে। বহিৰাগত আই এ এছ আৰু আই পি এছ বিষয়াসকলৰ বিৰুদ্ধে তথ্য সহকাৰে অভিযোগ দাখিল কৰাৰ পিছতো কোনো ব্যৱস্থা গ্ৰহণৰ বিপৰীতে বৰপীৰা পাৰি বাৰে বাৰে ৰজাঘৰীয়া সুৱিধা প্ৰদান কৰি থকাহে দেখা গৈছে।‘’

Apply Now

উল্লেখযোগ্য যে, দুলাল বৰাই ২০১৬ চনৰ ২৩ মে’ৰ দিনা সাৰদা নামৰ বিত্তীয় প্ৰতিষ্ঠানটোৰ কেলেংকাৰিৰ বিৰুদ্ধে তদন্ত কৰিবলৈ সেই সময়ৰ মুখ্য সচিব ভি কে পিপাৰছেনিয়াৰ ওচৰত অভিযোগ পত্ৰ দাখিল কৰিছিল। উক্ত কেলেংকাৰিত অভিযুক্ত  ভাৰতীয় পুলিচ সেৱাৰ বিষয়া এ পি ৰাউট আৰু এছ এন সিঙৰ বিৰুদ্ধে অসম চৰকাৰৰ Political (Vigilance Cell) তৰফৰ পৰা ৫২/১৫ ৰ জৰিয়তে নিয়মীয়া তদন্ত কৰাৰ বাবে অনুমতি দিছিল বুলি তেওঁ সংবাদমেলত কয়।

আনহাতে, উক্ত দুয়োজন আৰক্ষী বিষয়াক জেৰা কৰাৰ বাবে তদাৰকী আৰু দুৰ্নীতি নিবাৰক সঞ্চালকালয়ক অনুমতি দিবৰ বাবে অসম চৰকাৰৰ গৃহ বিভাগে সেই সময়ৰ মুখ্য সচিব পিপাৰছেনিয়ালৈ ফাইল প্ৰেৰণ কৰিছিল যদিও মুখ্যসচিব গৰাকীয়ে উক্ত দুয়োজন শীৰ্ষ আৰক্ষী বিষয়াৰ লগত স্বজন-তোষণৰ জৰিয়তে মিতিৰালি কৰি ফাইলটো বন্ধ কৰি ৰাখিছিল বুলি বৰাই গুৰুতৰ অভিযোগ তোলে।

তদুপৰি, সাৰদা কেলেংকাৰিৰ তদন্ত নোহোৱাক লৈ দুলাল বৰাই দিচপুৰ থানাত মে’ মাহত ১১৮৮/১৮ নম্বৰত এক গোচৰ ৰুজু কৰে বুলি উক্ত সংবাদমেলত জানিবলৈ দি লগতে কয়, ‘‘পিপাৰছেনিয়াৰ বিৰুদ্ধে দিয়া গোচৰৰ তদন্ত চলি থকাৰ মাজতে যোৱা ২২ অক্টোবৰৰ দিনা মুখ্য মন্ত্ৰীয়ে কি কাৰণত প্ৰাক্তন মুখ্য সচিবগৰাকীক অসম ৰাজ্যিক শক্তি বিতৰণ কোম্পানীৰ অধ্যক্ষ পদত অধিষ্ঠিত কৰিলে?’’

তেওঁ লগতে কয়,  ‘‘পিপাৰছেনিয়া মুখ্য সচিব হৈ থকা সময়ত ৰাজ্য কপোঁৱা সাৰদা কেলেংকাৰিৰ তদন্তৰ ফাইল লুকাই থোৱাৰ পৰা আৰম্ভ কৰি দিছপুৰত ৱিল্ড ৱৰ্থ প্ৰাইভেট লিমিটেডক কেইবাকোটি টকীয়া চৰকাৰী মাটি এপাৰ্টমেণ্ট নিৰ্মাণৰ বাবে আৱণ্টন দিয়া, অসম চৰকাৰৰ কৃষি বিভাগত সংঘটিত হোৱা ৭০০ কোটি টকীয়া কেলেংকৰাৰিৰ বিষয়ে অভিযোগ দাখিল কৰাৰ পাছতো তেওঁ নিৰ্বিকাৰ ভূমিকা পালন কৰিছিল।‘’

তদুপৰি, ‘’তেনে এগৰাকী বিষয়াক কিহৰ ওপৰত ভিত্তি কৰি উল্লেখিত বিভাগ এটাত অধ্যক্ষ হিচাপে নিযুক্তি দিলে সেয়া বিচাৰ্য্য বিষয়’’ বুলি সংবাদমেলত দুলাল বৰাই উদ্বিগ্নতা প্ৰকাশ কৰে।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

এইচ বিনোথৰ পৰিচালনাত মুক্তি পালে বিজয়ৰ অন্তিমখন ছবি ‘জননায়গন’, প্ৰথম দিনৰ পুৱাৰ দৰ্শনীতেই ১১.৩৭ কোটি টকাৰ ব্যৱসায়

এইচ বিনোথৰ পৰিচালনাত মুক্তি পালে বিজয়ৰ অন্তিমখন ছবি ‘জননায়গন’, প্ৰথম দিনৰ পুৱাৰ দৰ্শনীতেই ১১.৩৭ কোটি টকাৰ ব্যৱসায়

July 23, 2026 1:44 pm
‘যুৱক-যুৱতীসকলৰ ভৱিষ্যত আটাইতকৈ বেছি আপুনিয়ে নষ্ট কৰিছে’, নিট কেলেংকাৰীক লৈ প্ৰধানমন্ত্ৰীক পুনৰ আক্ৰমণ ৰাহুল গান্ধীৰ

‘যুৱক-যুৱতীসকলৰ ভৱিষ্যত আটাইতকৈ বেছি আপুনিয়ে নষ্ট কৰিছে’, নিট কেলেংকাৰীক লৈ প্ৰধানমন্ত্ৰীক পুনৰ আক্ৰমণ ৰাহুল গান্ধীৰ

July 23, 2026 1:04 pm
ফিফা বিশ্বকাপতকৈও পুৰণি ডুৰাণ্ড কাপ! এইবাৰ প্ৰতিযোগিতাত ৭টা নতুন দলৰ অভিষেক, অসমৰো দুটা দলৰ অংশগ্ৰহণ

ফিফা বিশ্বকাপতকৈও পুৰণি ডুৰাণ্ড কাপ! এইবাৰ প্ৰতিযোগিতাত ৭টা নতুন দলৰ অভিষেক, অসমৰো দুটা দলৰ অংশগ্ৰহণ

July 23, 2026 12:47 pm
উজনি অসমত বানৰ কালৰূপ! আনফালে ৰাজনীতিৰ নিৰ্লজ্জ অংকত মগ্ন পীযুষ হাজৰিকা-অশোক ‎সিংঘাল

উজনি অসমত বানৰ কালৰূপ! আনফালে ৰাজনীতিৰ নিৰ্লজ্জ অংকত মগ্ন পীযুষ হাজৰিকা-অশোক ‎সিংঘাল

July 23, 2026 11:57 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

এইচ বিনোথৰ পৰিচালনাত মুক্তি পালে বিজয়ৰ অন্তিমখন ছবি ‘জননায়গন’, প্ৰথম দিনৰ পুৱাৰ দৰ্শনীতেই ১১.৩৭ কোটি টকাৰ ব্যৱসায়

এইচ বিনোথৰ পৰিচালনাত মুক্তি পালে বিজয়ৰ অন্তিমখন ছবি ‘জননায়গন’, প্ৰথম দিনৰ পুৱাৰ দৰ্শনীতেই ১১.৩৭ কোটি টকাৰ ব্যৱসায়

July 23, 2026 1:44 pm
‘যুৱক-যুৱতীসকলৰ ভৱিষ্যত আটাইতকৈ বেছি আপুনিয়ে নষ্ট কৰিছে’, নিট কেলেংকাৰীক লৈ প্ৰধানমন্ত্ৰীক পুনৰ আক্ৰমণ ৰাহুল গান্ধীৰ

‘যুৱক-যুৱতীসকলৰ ভৱিষ্যত আটাইতকৈ বেছি আপুনিয়ে নষ্ট কৰিছে’, নিট কেলেংকাৰীক লৈ প্ৰধানমন্ত্ৰীক পুনৰ আক্ৰমণ ৰাহুল গান্ধীৰ

July 23, 2026 1:04 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd