• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, June 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

“আমি কোনো ফিল্মষ্টাৰ নহয়…” ৰিয়ান পৰাগৰ কথাত বৈভৱ সূৰ্য্যবংশীৰ চাৱনি; মিনিটতে ভাইৰেল ভিডিঅ’

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 26, 2026 11:47 am
229
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আই পি এল ২০২৬ৰ কোৱালিফায়াৰ মেচৰ পূৰ্বে ৰাজস্থান ৰয়েলছৰ অধিনায়ক ৰিয়ান পৰাগ আৰু দলৰ যুৱ অ’পেনাৰ বৈভৱ সূৰ্যবংশীৰ এটা আমোদজনক ভিডিঅ’ ছ’চিয়েল মিডিয়াত দ্ৰুতগতিত ভাইৰেল হৈ পৰিছে।

বিমানবন্দৰত ৰেকৰ্ডিং কৰা এই ভিডিঅ’টোত পাপাৰাজীয়ে দুয়োজন তাৰকাক একেলগে ফটো এখনৰ বাবে পোজ দিবলৈ কৈছিল, যাৰ উত্তৰত অধিনায়ক পৰাগে হাঁহি হাঁহি উত্তৰ দিছিল, “আমি কোনো ফিল্মষ্টাৰ নহয়।” কাষতে থিয় হৈ থকা ১৫ বছৰীয়া বৈভৱে যিধৰণে প্ৰতিক্ৰিয়া দিলে সি বাতৰিৰ শিৰোনাম দখল কৰিলে।

Apply Now

দৰাচলতে ভাইৰেল ভিডিঅ’টোত দিয়া বক্তব্যৰ লগে লগে বৈভৱে ৰিয়ান পৰাগক যিদৰে চালে সেয়া ভাইৰেল হৈছে। ভিডিঅ’টোত বৈভৱে পৰাগলৈ কেই ছেকেণ্ডৰ বাবে ধেমেলীয়া অভিব্যক্তিৰে চাই থকা দেখা গৈছে। অনুৰাগীসকলে তেওঁৰ প্ৰতিক্ৰিয়া ভাল পালে, আৰু ক্লিপটো মিনিটৰ ভিতৰতে ভাইৰেল হৈ পৰিল। অনুৰাগীয়ে ধেমেলীয়া মিম বনাইছে, আনহাতে একাংশই কৈছে যে বৈভৱৰ এই প্ৰতিক্ৰিয়া সমগ্ৰ আই পি এলৰ আটাইতকৈ আমোদজনক মুহূৰ্ত।

এই ভিডিঅ’টো ৰাজস্থান ৰয়েলছে মুম্বাই ইণ্ডিয়ানছক পৰাস্ত কৰি আই পি এল ২০২৬ প্লে অফলৈ যোগ্যতা অৰ্জন কৰাৰ পিছত পোহৰলৈ আহিছে। ছিজনৰ মাজভাগত দলটোৱে ধাৰাবাহিক পৰাজয়ৰ সন্মুখীন হোৱাৰ বাবে ৰিয়ান পৰাগৰ অধিনায়কত্বক লৈ প্ৰশ্ন উত্থাপন হৈছিল যদিও টীম মেনেজমেন্টে তেওঁক সমৰ্থন কৰিছিল।

শেহতীয়াকৈ ৰাজস্থান ৰয়েলছৰ মুখ্য প্ৰশিক্ষক কুমাৰ ছাংগাকাৰাই ৰাজস্থানৰ অধিনায়ক ৰিয়ান পৰাগকো প্ৰশংসা কৰে। তেওঁ কয়, ‘যেতিয়া আমি ৰিয়ানক অধিনায়ক হিচাপে নিযুক্তি দিছিলো তেতিয়া আমি জানিছিলোঁ যে তেওঁ এই দলৰ নেতৃত্ব দিবলৈ উপযুক্ত ব্যক্তি।’ ছাংগাকাৰাই লগতে কয় যে ৰিয়ানে বছৰ বছৰ ধৰি ট্ৰলিঙৰ সন্মুখীন হৈ আহিছে, কিন্তু মানুহে তেওঁক ভালদৰে বুজি পোৱা নাই।

চলিত ছিজনত বৈভৱ সূৰ্যবংশীয়ে এটা শতক আৰু তিনিটা অৰ্ধশতককে ধৰি ১৪খন মেচত গড়ে ৪১.৬৪ আৰু ২৩২.২৭ ষ্ট্ৰাইক ৰেটত ৫৮৩ ৰান সংগ্ৰহ কৰি আক্ৰমণাত্মক বেটিং কৰি আহিছে। তেওঁৰ সৰ্বোত্তম স্ক’ৰ হৈছে ১০৩ ৰান। এই ছিজনত তেওঁ ৫৩টা ছয় মাৰিছে, যিটো আই পি এলৰ এটা সংস্কৰণত এজন ভাৰতীয়ৰ সৰ্বাধিক ছয়। ২০১২ চনত গেইলৰ ৫৯টা ছয়ৰ অভিলেখৰ পৰা তেওঁ মাত্ৰ সাতটা ছয়ৰ পিছত আছে।

শেহতীয়াকৈ বৈভৱে ইংলেণ্ডৰ কিংবদন্তি বেটছমেন কেভিন পিটাৰছনৰ ইউটিউব চেনেল দ্য চুইচত উপস্থিত হৈছিল। ভিডিঅ’ শ্বুটিঙৰ সময়ত পিটাৰচেনে বৈভৱক ৫০টা বলত ১০০ ৰান সংগ্ৰহ কৰিবলৈ প্ৰত্যাহ্বান জনায়। অৱশ্যে ১৫ বছৰীয়া বেটছমেনগৰাকীয়ে মাত্ৰ ২৫টা বলত লক্ষ্য অৰ্জন কৰি ইংলেণ্ডৰ প্ৰাক্তন অধিনায়কগৰাকীৰ শ্ব’ত এক নতুন অভিলেখ গঢ়িবলৈ সক্ষম হয়।

তেওঁ লগতে কয় যে তেওঁৰ লক্ষ্য কেৱল ৱেষ্ট ইণ্ডিজৰ কিংবদন্তি ক্ৰীছ গেইলৰ টি-২০ অভিলেখ ১৭৫* ভংগ কৰাই নহয়, এই ফৰ্মেটত দ্বিশতক অৰ্জন কৰা প্ৰথমজন বেটছমেন হোৱাটোও। পিটাৰচেনে যেতিয়া তেওঁক সুধিলে যে তেওঁ নিজৰ অৰ্ধশতক উদযাপন কৰি ভাল পায় নেকি, তেতিয়া সূৰ্য্যবংশীয়ে উত্তৰ দিলে, “নাই, ইমান নহয়।” ইয়াৰ পিছত তেওঁ কয়, “মই টি-২০ত ২০০ ৰান কৰিব বিচাৰো। মই গেইলৰ অভিলেখ ভংগ কৰিব বিচাৰো।”

Look at Vaibhav Suryavanshi’s reaction when the paparazzis said to Riyan Parag, “Riyan, Vaibhav ke saath ek photo please,” and Riyan replied, “Hum koi film star nahi hain.” After hearing this, Vaibhav Suryavanshi’s smile disappeared. 👀

Later, the paparazzis said to Vaibhav,… pic.twitter.com/sXsyhTGgCb

— Sonu (@Cricket_live247) May 26, 2026

গেইলে ২০১৩ চনৰ আই পি এলত পুনে ৱাৰিয়ৰ্ছ ইণ্ডিয়াৰ বিৰুদ্ধে ৰয়েল চেলেঞ্জাৰছ বেংগালুৰু (আৰ চি বি)ৰ হৈ ১৭৫* ৰান সংগ্ৰহ কৰিছিল। এই ইনিংছত তেওঁ ১৩টা চাৰি আৰু ১৭টা ছয়ৰ সহায়ত ৬৬টা বলত ২৬৫.১৫ ষ্ট্ৰাইক ৰেটত খেলিছিল। সেই মেচত তেওঁ মাত্ৰ ৩০টা বলত শতক অৰ্জন কৰিছিল, যিটো আজিও আই পি এলৰ আটাইতকৈ দ্ৰুততম শতক হৈয়ে আছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পেপাৰ লিক হোৱাক কৈ সৰৱ ৰাহুল গান্ধী : ১৭ জুনত কোটাত প্ৰতিবাদী সমাৱেশ আহ্বান

পেপাৰ লিক হোৱাক কৈ সৰৱ ৰাহুল গান্ধী : ১৭ জুনত কোটাত প্ৰতিবাদী সমাৱেশ আহ্বান

June 16, 2026 7:19 pm
আমেৰিকা আৰু ইৰাণৰ মাজত ঐতিহাসিক বুজাবুজি! পৰমাণু অস্ত্ৰ ত্যাগ কৰাৰ পথত তেহৰাণ, ডনাল্ড ট্ৰাম্পৰ ডাঙৰ দাবী

আমেৰিকা আৰু ইৰাণৰ মাজত ঐতিহাসিক বুজাবুজি! পৰমাণু অস্ত্ৰ ত্যাগ কৰাৰ পথত তেহৰাণ, ডনাল্ড ট্ৰাম্পৰ ডাঙৰ দাবী

June 16, 2026 6:24 pm
আমেৰিকাৰ দৰ্শকৰ ফালে ‘বন্দুক’ টোঁৱাই উল্লাস! ইৰানৰ খেলুৱৈক নিষিদ্ধ কৰিব নেকি ফিফাই?

আমেৰিকাৰ দৰ্শকৰ ফালে ‘বন্দুক’ টোঁৱাই উল্লাস! ইৰানৰ খেলুৱৈক নিষিদ্ধ কৰিব নেকি ফিফাই?

June 16, 2026 5:44 pm
খেলপথাৰ নে বধ্যভূমি, আজিও শুনা যায় চিলিৰ এই ষ্টেডিয়ামত মৃত্যুৰ আৰ্তনাদ

খেলপথাৰ নে বধ্যভূমি, আজিও শুনা যায় চিলিৰ এই ষ্টেডিয়ামত মৃত্যুৰ আৰ্তনাদ

June 16, 2026 5:08 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পেপাৰ লিক হোৱাক কৈ সৰৱ ৰাহুল গান্ধী : ১৭ জুনত কোটাত প্ৰতিবাদী সমাৱেশ আহ্বান

পেপাৰ লিক হোৱাক কৈ সৰৱ ৰাহুল গান্ধী : ১৭ জুনত কোটাত প্ৰতিবাদী সমাৱেশ আহ্বান

June 16, 2026 7:19 pm
আমেৰিকা আৰু ইৰাণৰ মাজত ঐতিহাসিক বুজাবুজি! পৰমাণু অস্ত্ৰ ত্যাগ কৰাৰ পথত তেহৰাণ, ডনাল্ড ট্ৰাম্পৰ ডাঙৰ দাবী

আমেৰিকা আৰু ইৰাণৰ মাজত ঐতিহাসিক বুজাবুজি! পৰমাণু অস্ত্ৰ ত্যাগ কৰাৰ পথত তেহৰাণ, ডনাল্ড ট্ৰাম্পৰ ডাঙৰ দাবী

June 16, 2026 6:24 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd