• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অসমৰ প্ৰথমগৰাকী মহিলা IAS বিষয়া হিচাপে কেন্দ্ৰৰ যুটীয়া সচিব পদৰ বাবে মনোনীত বৰ্ণালী ডেকা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 29, 2026 7:28 pm
55
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমৰ প্ৰশাসনিক ক্ষেত্ৰলৈ এক উল্লেখযোগ্য সন্মান কঢ়িয়াই আনিছে ড০ বৰ্ণালী ডেকাই। কেন্দ্ৰীয় চৰকাৰৰ যুটীয়া সচিব পদত নিযুক্তিৰ বাবে মনোনীত হোৱা অসমৰ প্ৰথমগৰাকী মহিলা IAS বিষয়া হিচাপে তেওঁ এক নতুন দৃষ্টান্ত স্থাপন কৰিছে। এই মনোনয়নে কেৱল তেওঁৰ ব্যক্তিগত সফলতাকে প্ৰতিফলিত কৰা নাই, অসমৰ প্ৰশাসনিক ক্ষেত্ৰত মহিলা নেতৃত্বৰ এক নতুন অধ্যায়ৰো সূচনা কৰিছে।

বৰ্ণালী ডেকাই অসম প্ৰশাসনত সাধাৰণ প্ৰশাসন বিভাগৰ আয়ুক্ত আৰু সচিব হিচাপে দায়িত্ব পালন কৰিছিল। ইয়াৰ পাছত যোৱা বছৰৰ আগষ্ট মাহত তেওঁ কেন্দ্ৰীয় চৰকাৰলৈ প্ৰতিনিযুক্তিত যায়। দীঘলীয়া প্ৰশাসনিক জীৱনত তেওঁ অসমৰ কেইবাখনো গুৰুত্বপূৰ্ণ জিলাৰ উপায়ুক্ত হিচাপে দায়িত্ব পালন কৰিছে। বৰপেটা, গোলাঘাট, গোৱালপাৰা, কোকৰাঝাৰ আৰু নলবাৰী জিলাৰ উপায়ুক্ত হিচাপে কাম কৰি তেওঁ প্ৰশাসনিক দক্ষতাৰ পৰিচয় দিছিল।

Apply Now

জিলা প্ৰশাসনৰ দায়িত্বৰ উপৰি ডেকাই ৰাজ্যৰ বিভিন্ন গুৰুত্বপূৰ্ণ পদতো কাম কৰিছে। তেওঁ গুৱাহাটী মহানগৰ উন্নয়ন প্ৰাধিকৰণৰ উপাধ্যক্ষ আৰু মুখ্য কাৰ্যবাহী বিষয়া, অসম দক্ষতা উন্নয়ন অভিযান আৰু অসম ৰাজ্যিক গ্ৰাম্য জীৱিকা অভিযানৰ পৰিচালন সঞ্চালক, লগতে সমগ্ৰ শিক্ষা অভিযানৰ কাৰ্যবাহী সঞ্চালক হিচাপেও দায়িত্ব পালন কৰিছিল।

স্বাস্থ্য, নগৰ উন্নয়ন, বডোলেণ্ড টেৰিটৰিয়েল কাউন্সিল, দক্ষতা, সৱলীকৰণ আৰু উদ্যোগ বিকাশ আদি বিভাগতো তেওঁ সচিব হিচাপে কাম কৰিছে। ইয়াৰ লগতে অসম প্ৰশাসনিক কৰ্মচাৰী মহাবিদ্যালয় আৰু বডোলেণ্ড প্ৰশাসনিক কৰ্মচাৰী মহাবিদ্যালয়ৰ সঞ্চালকৰ দায়িত্বও পালন কৰিছিল।

অৱশ্যে, বৰ্ণালী ডেকাৰ কৰ্মজীৱনৰ আৰম্ভণি প্ৰশাসনৰ পৰা হোৱা নাছিল। অসামৰিক সেৱাত যোগদান কৰাৰ পূৰ্বে তেওঁ টাটা কনছালটেন্সি ছাৰ্ভিছেছৰ গ্লোবেল কনছাল্টিং প্ৰেকটিছ আৰু এএনজেড বেংকত কাম কৰিছিল। তাত তেওঁ ব্যৱসায় বিশ্লেষক আৰু অভিযন্তা হিচাপে কৰ্মৰত আছিল।

ইউপিএছচিৰ পৰীক্ষাতো ডেকাৰ সাফল্য আছিল উল্লেখযোগ্য। প্ৰথমে তেওঁ ৮২ নম্বৰ স্থান লাভ কৰি ভাৰতীয় আৰক্ষী সেৱাৰ বাবে নিৰ্বাচিত হৈছিল। পৰৱৰ্তী সময়ত ১৬ নম্বৰ স্থান লাভ কৰি ভাৰতীয় প্ৰশাসনিক সেৱাত যোগদান কৰে।

শিক্ষাৰ ক্ষেত্ৰতো বৰ্ণালী ডেকাৰ কৃতিত্ব অসাধাৰণ। তেওঁ কম্পিউটাৰ বিজ্ঞানত বি.টেক, ছিষ্টেমছ এণ্ড অপাৰেচনছত এমবিএ কৰাৰ লগতে ফাইনেন্সক সহ-বিষয় হিচাপে অধ্যয়ন কৰিছিল। ইয়াৰ উপৰি তেওঁ এলএলবি আৰু বাণিজ্য বিষয়ত পিএইচডি ডিগ্ৰী লাভ কৰিছে। দিল্লী পাব্লিক স্কুল, আৰ কে পুৰম, গুৱাহাটীৰ ছেইণ্ট মেৰীজ স্কুল, বেংগালুৰুৰ আৰভি কলেজ অৱ ইঞ্জিনিয়াৰিং আৰু আইআইটি বোম্বেৰ দৰে প্ৰতিষ্ঠানত তেওঁ শিক্ষা গ্ৰহণ কৰিছে।

শৈক্ষিক জীৱনতো তেওঁ আছিল অত্যন্ত কৃতী। হাইস্কুল শিক্ষান্ত পৰীক্ষাত তেওঁ ৰাজ্যৰ ভিতৰত সৰ্বোচ্চ নম্বৰ লাভ কৰাৰ লগতে ৰাষ্ট্ৰীয় প্ৰতিভা অনুসন্ধান বৃত্তিও লাভ কৰিছিল। ভাৰতীয় শাস্ত্ৰীয় সংগীততো তেওঁ বিশাৰদ ডিগ্ৰী সম্পূৰ্ণ কৰিছে।

প্ৰশাসনত আগবঢ়োৱা অৱদানৰ বাবে ডেকাই লাভ কৰিছে কেইবাটাও ৰাষ্ট্ৰীয় সন্মান। উচ্চাকাংক্ষী জিলাত নতুন চিন্তাধাৰাৰে কাম কৰাৰ বাবে তেওঁ ৰাজহুৱা সেৱাত উৎকৃষ্টতাৰ প্ৰধানমন্ত্ৰী বঁটা লাভ কৰিছে। ই-শাসনৰ ক্ষেত্ৰতো তেওঁ দুবাৰ ৰাষ্ট্ৰীয় বঁটা লাভ কৰিছে। পানী ব্যৱস্থাপনাত নতুন উদ্যোগ গ্ৰহণৰ বাবে তেওঁ দুবাৰ ৰাষ্ট্ৰীয় জল বঁটাও লাভ কৰিছে।

নিৰ্বাচন ব্যৱস্থাপনাত নতুন পদ্ধতি প্ৰয়োগ কৰাৰ বাবে ভাৰতীয় নিৰ্বাচন আয়োগৰ শ্ৰেষ্ঠ জিলা নিৰ্বাচনী বিষয়া বঁটাও তেওঁ লাভ কৰিছে। ইয়াৰ উপৰি মুখ্যমন্ত্ৰীৰ কৰ্মশ্ৰী বঁটাৰে সন্মানিত হৈছে এইগৰাকী প্ৰশাসনিক বিষয়া।

ডেকাৰ বহু প্ৰশাসনিক পদক্ষেপে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো স্বীকৃতি লাভ কৰিছে। ৰাষ্ট্ৰসংঘৰ উন্নয়ন কাৰ্যসূচী, নীতি আয়োগ, প্ৰশাসনিক সংস্কাৰ আৰু জনঅভিযোগ বিভাগ আদি প্ৰতিষ্ঠানে তেওঁৰ বিভিন্ন উদ্যোগক বিশেষভাৱে প্ৰশংসা কৰিছে। তেওঁৰ কিছুমান পদক্ষেপ দেশৰ আন ঠাইতো ৰূপায়ণ কৰিব পৰা আদৰ্শ উদ্যোগ হিচাপে চিহ্নিত হৈছে।

কোকৰাঝাৰত ৰূপায়ণ কৰা ‘এক জিলা এক উৎপাদন’ উদ্যোগ তেওঁৰ উল্লেখযোগ্য কামৰ ভিতৰত অন্যতম। এই পদক্ষেপক প্ৰশাসনিক ক্ষেত্ৰত নতুনত্বৰ বাবে সক্ষমতা নিৰ্মাণ আয়োগে প্ৰধানমন্ত্ৰীৰ ৰাজহুৱা মানৱ সম্পদ পৰিষদলৈ আগবঢ়াবলগীয়া উদ্ভাৱনীমূলক উদ্যোগ হিচাপে নিৰ্বাচন কৰিছিল। আনহাতে, পোষণ কোকৰাঝাৰত জনঅংশগ্ৰহণ বৃদ্ধি কৰাৰ ক্ষেত্ৰত তেওঁৰ কামক আইগট কৰ্মযোগী আৰু অমৃত জ্ঞান কোষৰ বাবে কেছ ষ্টাডী হিচাপেো গ্ৰহণ কৰা হৈছে।

২০০৯ বেটচৰ বাবে মুছৌৰীৰ লাল বাহাদুৰ শাস্ত্ৰী ৰাষ্ট্ৰীয় প্ৰশাসনিক একাডেমীত উত্তৰ-পূবৰ শ্ৰেষ্ঠ প্ৰশিক্ষণাৰ্থী হিচাপেও ডেকাই এল ভি ৰেড্ডী স্মাৰক বঁটা লাভ কৰিছিল।

প্ৰশাসন, শিক্ষা, প্ৰযুক্তি আৰু জনসেৱাৰ ক্ষেত্ৰত একেলগে নিজকে প্ৰতিষ্ঠা কৰা বৰ্ণালী ডেকাৰ এই নতুন মনোনয়ন অসমলৈ এক গৌৰৱৰ মুহূৰ্ত হিচাপে চিহ্নিত হৈছে। ৰাজ্যৰ এগৰাকী মহিলা বিষয়াই কেন্দ্ৰীয় চৰকাৰৰ যুটীয়া সচিব পদৰ বাবে মনোনীত হৈ গঢ়ি তোলা এই নজিৰে ভৱিষ্যতে অসংখ্য যুৱতী আৰু মহিলা প্ৰশাসনিক বিষয়া হোৱাৰ সপোনকো নতুন সাহস যোগাব বুলি আশা কৰা হৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

 ১ নৱেম্বৰৰ পৰা বেচৰকাৰী কাৰ্যালয়ৰ ৫০ শতাংশ কৰ্মচাৰীৰে কৰিব লাগিব ৱৰ্ক ফ্ৰম হোম

 ১ নৱেম্বৰৰ পৰা বেচৰকাৰী কাৰ্যালয়ৰ ৫০ শতাংশ কৰ্মচাৰীৰে কৰিব লাগিব ৱৰ্ক ফ্ৰম হোম

September 30, 2026 9:30 pm
এছিয়ান গেমছৰ শ্বুটিঙত নীৰু-কাইনানৰ সোণৰ পদক জয়, স্থাপন কৰিলে নতুন এছিয়ান ৰেকৰ্ড

এছিয়ান গেমছৰ শ্বুটিঙত নীৰু-কাইনানৰ সোণৰ পদক জয়, স্থাপন কৰিলে নতুন এছিয়ান ৰেকৰ্ড

September 30, 2026 8:30 pm
চৰকাৰী মেডিকেল কলেজত এম বি বি এছ পঢ়াৰ খৰচত ডাঙৰ বৃদ্ধি, নিম্ন আয়ৰ শিক্ষাৰ্থীৰ বাবেও নাই সকাহ

চৰকাৰী মেডিকেল কলেজত এম বি বি এছ পঢ়াৰ খৰচত ডাঙৰ বৃদ্ধি, নিম্ন আয়ৰ শিক্ষাৰ্থীৰ বাবেও নাই সকাহ

September 30, 2026 7:29 pm
বৰ্ষাপাৰাত ৰবি শাস্ত্ৰীৰ কণ্ঠত “জয় জুবিনদা” : ক্ৰিকেটৰ মহাৰণত অসমীয়া আৱেগ

বৰ্ষাপাৰাত ৰবি শাস্ত্ৰীৰ কণ্ঠত “জয় জুবিনদা” : ক্ৰিকেটৰ মহাৰণত অসমীয়া আৱেগ

September 30, 2026 6:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

 ১ নৱেম্বৰৰ পৰা বেচৰকাৰী কাৰ্যালয়ৰ ৫০ শতাংশ কৰ্মচাৰীৰে কৰিব লাগিব ৱৰ্ক ফ্ৰম হোম

 ১ নৱেম্বৰৰ পৰা বেচৰকাৰী কাৰ্যালয়ৰ ৫০ শতাংশ কৰ্মচাৰীৰে কৰিব লাগিব ৱৰ্ক ফ্ৰম হোম

September 30, 2026 9:30 pm
এছিয়ান গেমছৰ শ্বুটিঙত নীৰু-কাইনানৰ সোণৰ পদক জয়, স্থাপন কৰিলে নতুন এছিয়ান ৰেকৰ্ড

এছিয়ান গেমছৰ শ্বুটিঙত নীৰু-কাইনানৰ সোণৰ পদক জয়, স্থাপন কৰিলে নতুন এছিয়ান ৰেকৰ্ড

September 30, 2026 8:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd