অসমৰ শেহতীয়া বিধ্বংসী বানত ক্ষতিগ্ৰস্ত লোকসকলৰ সাহায্য আৰু পুনৰসংস্থাপনৰ বাবে বেদান্ত গ্ৰুপে ৭ কোটি টকাৰ অনুদান আগবঢ়োৱাৰ ঘোষণা কৰিছে। বেদান্ত গ্ৰুপৰ অধ্যক্ষ অনিল আগৰৱালৰ নেতৃত্বত আগবঢ়োৱা এই অনুদানক আদৰণি জনাই কৃতজ্ঞতা প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই।
সামাজিক মাধ্যম X-ত কৰা এক পোষ্টত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, অনিল আগৰৱালে দীৰ্ঘদিন ধৰি অসমৰ উন্নয়নৰ যাত্ৰাৰ এক দৃঢ় সমৰ্থক হিচাপে কাম কৰি আহিছে। তেওঁ উল্লেখ কৰে যে, বেদান্ত গ্ৰুপে ইতিমধ্যে ৰাজ্যখনত উল্লেখযোগ্য বিনিয়োগ কৰিছে আৰু এই কঠিন সময়তো বানপীড়িত লোকসকলৰ কাষত থিয় দি ৭ কোটি টকাৰ অনুদান আগবঢ়াইছে। এই মহানুভৱতাপূৰ্ণ পদক্ষেপৰ বাবে মুখ্যমন্ত্ৰীয়ে অনিল আগৰৱাল আৰু বেদান্ত গ্ৰুপক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰে।
এই অনুদান বানত ক্ষতিগ্ৰস্ত লোকসকলৰ তাৎক্ষণিক সাহায্য আৰু দীৰ্ঘম্যাদী পুনৰসংস্থাপনমূলক ব্যৱস্থাত ব্যয় কৰা হ’ব। খাদ্য, অস্থায়ী আশ্ৰয়, বিশুদ্ধ খোৱাপানী, চিকিৎসা সেৱা আদি জৰুৰী সুবিধা নিশ্চিত কৰাৰ লগতে ক্ষতিগ্ৰস্ত পৰিয়ালসমূহৰ পুনৰসংস্থাপন প্ৰক্ৰিয়া অধিক শক্তিশালী কৰাৰ ক্ষেত্ৰতো এই ধন ব্যৱহাৰ কৰা হ’ব।
উল্লেখ্য যে, বেদান্ত গ্ৰুপে অসমৰ তেল আৰু গেছ খণ্ডত দীৰ্ঘদিন ধৰি কাৰ্যকলাপ চলাই আহিছে আৰু ৰাজ্যখনৰ উদ্যোগিক বিকাশ আৰু অৰ্থনৈতিক উন্নয়নত উল্লেখযোগ্য ভূমিকা পালন কৰি আহিছে।


