• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, March 3, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ল’কডাউনৰ ফলত এৰাকলং-মাজুলীৰ কৃষকৰ এহেজাৰ বিঘাৰ পাচলি খেতিপথাৰতে নষ্ট 

NE NOW NEWS ভাৰ্গৱ হাজৰিকা
চামগুৰি , April 24, 2020 7:12 pm

2 min read

ল’কডাউনৰ ফলত এৰাকলং-মাজুলীৰ কৃষকৰ এহেজাৰ বিঘাৰ পাচলি খেতিপথাৰতে নষ্ট 
1.8k
VIEWS
Share on FacebookShare on Twitter

দ্বিতীয় পৰ্য্যায়ৰ ল’কডাউন ২১ এপ্ৰিলৰ পৰা চৰকাৰে জনসাধাৰণৰ সহায় হোৱাকৈ কিছু পৰিমাণে শিথিল কৰিছে যদিও কৃষক ৰাইজৰ দুৰ্দশাৰ অন্ত পৰা নায়।

নগাঁও জিলাৰ চামগুৰি সমষ্টিৰ অন্তৰ্গত এৰাকলং-মাজুলী নামৰ ঠাইৰ কৃষক সকলে বজাৰৰ অভাৱত উৎপাদিত পাচলি বিক্ৰী কৰিব পৰা নায়।

ল’কডাউনৰ ফলত পথাৰতে পকী তলসৰি নষ্ট হৈছে প্ৰায় এহেজাৰ বিঘা মাটিত কৰা বিভিন্ন প্ৰকাৰৰ পাচলি।

অঞ্চলটোৰ প্ৰায় ডেৰশটি কৃষক পৰিয়ালে কৰা বন্ধাকবি, পটল, কুণ্ডলি, জলকীয়া, বেঙেনা, তিয়হ, বিলাহী, স্কোৱাচ, জিকা আদি বিভিন্ন প্ৰকাৰৰ কেঁচা শাক-পাচলি প্ৰতি বছৰে উজনি অসমৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তলৈ যোগান ধৰি স্বাৱলম্বী হৈ উঠিছিল।

চলিত বছৰ ল’কডাউনৰ বাবে বজাৰ আৰু পাইকাৰী ক্ৰেতাৰ অভাৱত এতিয়া বৃহৎ পৰিমাণৰ উৎপাদিত পাচলি সমূহ  গছতে পঁচি নষ্ট হোৱাত হাহাকাৰ লাগিছে এৰাকলং-মাজুলীৰ কৃষক ৰাইজৰ মাজত।

অতি উদ্বেগজনক বিষয় এইয়ে যে, অঞ্চলটোৰ প্ৰায় সৰহসংখ্যক কৃষকেই বেংক অথবা আন কোনো বিত্তীয় প্ৰতিষ্ঠানৰ পৰা ঋণলৈ কৃষিকাৰ্য্য চলাই আছিল।

ল’কডাউনৰ বাবে নিজৰ কৃষি ডৰাৰ পৰা এইবছৰ কোনো লাভালাভ আশা কৰিব নোৱাৰি ঋণ পৰিশোধ কৰিবলৈ বিপাঙত পৰা হতাশগ্ৰষ্ট কৃষক ৰাইজে অতি শীঘ্ৰে কৃষি মন্ত্ৰী অতুল বৰাক কৃষিপ্ৰধান অঞ্চলটো পৰিদৰ্শন কৰি বিহিত ব্যৱস্থা গ্ৰহণৰ জৰিয়তে কৃষক ৰাইজক সকাহ প্ৰদান কৰিবলৈ আহ্বান জনাইছে।

চৰকাৰী সহায় অবিহনে অঞ্চলটোৰ কৃষক পৰিয়ালবোৰৰ ভবিষ্যত অন্ধকাৰ বুলি উল্লেখ কৰিছে কৃষক সকলে।

Recent News

Electronic Voting Ma

মৰিগাঁও জিলা প্ৰশাসনৰ উদ্যোগত ২০২১ ৰ বিধানসভা নিৰ্বাচনৰ প্ৰশিক্ষণ কাৰ্যসূচী

a mani

কেন্দ্ৰৰ নতুন ডিজিটাল মিডিয়া নীতিৰ লক্ষ্য হৈ পৰিল মণিপুৰৰ প্ৰথমটো নিউজ প’ৰ্টেল

bhaba

কৃষক অথবা শিক্ষক নহয়, এইবাৰ প্ৰাপ্য বিচাৰি প্ৰতিবাদত নামিল খোদ জন প্ৰতিনিধি

a Rahul_Gandh

আইতাকৰ ভুল আঙুলিয়াই দি ৰাহুল গান্ধীয়ে ক’লে —‘জৰুৰীকালিন অৱস্থা ভুল সিদ্ধান্ত আছিল’

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd