• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 18, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ভেনিজুৱেলাৰ প্ৰাকৃতিক পৰিৱেশলৈ চৰম সংকট: আমেৰিকাৰ তেলৰ লালসা আৰু অবৈধ খননে ধ্বংস কৰিছে অৰিনোকো অববাহিকা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 8, 2026 4:14 pm
35
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভেনিজুৱেলাৰ অৰিনোকো নদী অববাহিকা হৈছে এক বিশাল প্ৰাকৃতিক সম্পদৰ ভাণ্ডাৰ। ঘন অৰণ্য, বিস্তৃত ঘাঁহনি আৰু জলাহভূমিৰে ভৰা এই অঞ্চলটো বিৰল ডলফিন আৰু বিলুপ্তপ্ৰায় অৰিনোকো ঘঁৰিয়ালৰ দৰে এহেজাৰৰো অধিক মাছ আৰু চৰাইৰ প্ৰজাতিৰ বাসস্থান। বাৰিষা কালত এই নদীখন পৃথিৱীৰ তৃতীয় বৃহত্তম নদী হিচাপে পৰিগণিত হয়। কিন্তু বৰ্তমান এই জৈৱ-বৈচিত্ৰ্যৰে ভৰপূৰ অঞ্চলটো এক ভয়াবহ পৰিৱেশীয় দুৰ্যোগৰ মুখত পৰিছে। ইয়াৰ কাৰণ হ’ল এই অঞ্চলত থকা পৃথিৱীৰ বৃহত্তম খনিজ তেলৰ ভাণ্ডাৰ আৰু সোণ, লো তথা কল্টানৰ দৰে মূল্যবান ধাতুৰ খনিসমূহ। বিশেষকৈ মোবাইল আৰু কম্পিউটাৰ নিৰ্মাণত ব্যৱহৃত হোৱা নিওবিয়াম আৰু টেণ্টালামৰ বাবে এই অঞ্চলটো এতিয়া বিশ্বশক্তিৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে।

যোৱা এটা দশকত প্ৰাক্তন ৰাষ্ট্ৰপতি নিকোলাছ মাদুৰোৰ শাসনকালত ভেনিজুৱেলাত অবৈধ খনন কাৰ্য অতি দ্ৰুতগতিত বৃদ্ধি পাইছিল। চৰকাৰে অৰিনোকো মাইনিং আৰ্ক নামৰ এটা বৃহৎ এলেকা খননৰ বাবে মুকলি কৰি দিছিল যিটোৱে দেশখনৰ প্ৰায় ১২ শতাংশ মাটিকালি আগুৰি আছে। এই এলেকাৰ ভিতৰত কেইবাখনো ৰাষ্ট্ৰীয় উদ্যান আৰু আদিবাসী সম্প্ৰদায়ৰ বাসভূমি অন্তৰ্ভুক্ত হৈ আছে। বৰ্তমান হাজাৰ হাজাৰ লোকে হাবিৰ মাজত অতি শোচনীয় আৰু বিপদজনক পৰিৱেশত খনন কাৰ্য চলাই আছে। অভিযোগ উঠিছে যে এই সমগ্ৰ ব্যৱসায়টো এতিয়া বিভিন্ন সশস্ত্ৰ অপৰাধী গোট আৰু কলম্বিয়াৰ পৰা অহা বিদ্ৰোহী সংগঠনৰ নিয়ন্ত্ৰণলৈ গৈছে। এই খননৰ ফলত জধে-মধে গছ কটা হৈছে আৰু সোণ উলিওৱাৰ বাবে ব্যৱহাৰ কৰা পাৰাৰ দৰে বিষাক্ত দ্ৰব্যই নদীৰ পানী প্ৰদূষিত কৰি তুলিছে। ইয়াৰ ফলত কেৱল পানীৰ মাছ আৰু বন্যপ্ৰাণীৰে নহয়, বৰঞ্চ সেই পানীৰ ওপৰত নিৰ্ভৰ কৰি থকা মানুহৰ স্বাস্থ্যৰ প্ৰতিও তীব্ৰ ভাবুকি আহি পৰিছে।

Apply Now

২০২৬ চনৰ আৰম্ভণিতে মাদুৰোক ক্ষমতাৰ পৰা আঁতৰাই আমেৰিকা যুক্তৰাষ্ট্ৰই ভেনিজুৱাৰ তেল ভাণ্ডাৰৰ ওপৰত নিয়ন্ত্ৰণ সাব্যস্ত কৰাৰ পাছত এই সংকট আৰু গভীৰ হৈছে। আমেৰিকাৰ ট্ৰাম্প প্ৰশাসনে ভেনিজুৱেলাৰ পৰা খনিজ পদাৰ্থ আৰু তেল আহৰণৰ গতি বৃদ্ধি কৰিবলৈ হেঁচা দিছে। ভেনিজুৱেলাৰ সংবিধানত পৰিৱেশ সুৰক্ষাৰ কথা স্পষ্টকৈ উল্লেখ থাকিলেও বাস্তৱত ইয়াৰ বিপৰীত ছবিহে দেখা গৈছে। দেশখনৰ তেল উদ্যোগে দীৰ্ঘদিন ধৰি জৰাজীৰ্ণ আন্তঃগাঁথনি আৰু তেল নিৰ্গমনৰ দৰে সমস্যাৰ সৈতে যুঁজি আছে। মাৰাকাইবো হ্ৰদৰ দৰে বৃহৎ জলাশয়সমূহ ইতিমধ্যে তেল প্ৰদূষণৰ বাবে বিষাক্ত হৈ পৰিছে। এতিয়া যদি অৰিনোকো অঞ্চলত নতুনকৈ খনন আৰু ড্ৰিলিং আৰম্ভ কৰা হয়, তেন্তে ইয়াত থকা সুৰক্ষিত অৰণ্য আৰু বিশুদ্ধ পানীৰ উৎসসমূহ চিৰদিনৰ বাবে ধ্বংস হৈ যোৱাৰ সম্ভাৱনা আছে।

বৰ্তমান ভেনিজুৱেলাৰ অন্তৱৰ্তীকালীন চৰকাৰৰ মুৰব্বী ডেলচি ৰড্ৰিগেজে তেল আৰু খনিজ খণ্ডত বিদেশী কোম্পানীক অধিক সুযোগ দিবলৈ নতুন আইনত স্বাক্ষৰ কৰিছে। ইয়াৰ ফলত আমেৰিকাই দেশখনৰ ওপৰত আৰোপ কৰা নিষেধাজ্ঞা কিছু শিথিল কৰিছে যদিও পৰিৱেশবিদসকলে আশংকা প্ৰকাশ কৰিছে যে কেৱল অৰ্থনৈতিক স্বাৰ্থৰ বাবে ভেনিজুৱেলাৰ প্ৰকৃতি বিলীন হৈ যাব। এক তথ্য অনুসৰি যোৱা কেইবছৰমানৰ ভিতৰতে কেৱল সোণৰ খননৰ বাবেই ভেনিজুৱাই প্ৰায় ৪৮০ বৰ্গ কিলোমিটাৰ বননি হেৰুৱাইছে। পৃথিৱীৰ সৰ্বোচ্চ জলপ্ৰপাত এঞ্জেল ফলছ থকা কানাইমা ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰলৈকো এতিয়া খনন কাৰ্য বিয়পি পৰিছে। দেশখন এতিয়াও তীব্ৰ অৰ্থনৈতিক সংকট আৰু মুদ্ৰাস্ফীতিৰ মাজত আছে, যাৰ ফলত লাখ লাখ লোকে দেশ এৰি পলাই যাবলৈ বাধ্য হৈছে। এনে পৰিস্থিতিত প্ৰাকৃতিক সম্পদৰ এই লুণ্ঠন ৰোধ কৰাটো এক বৃহৎ প্ৰত্যাহ্বান হৈ পৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বিতৰ্কৰ মাজতে আমিৰ খানলৈ হত্যাৰ ভাবুকি লৰেন্স বিষ্ণৈ গেঙৰ

বিতৰ্কৰ মাজতে আমিৰ খানলৈ হত্যাৰ ভাবুকি লৰেন্স বিষ্ণৈ গেঙৰ

July 18, 2026 5:41 pm
অসমত হ্ৰাস পালে নিট উত্তীৰ্ণৰ হাৰ! উত্তৰ-পূবৰ ভিতৰত শীৰ্ষত থাকিলেও পূৰ্বৰ তুলনাত পিছহুঁহকিলে ৰাজ্যৰ শিক্ষাৰ্থী

অসমত হ্ৰাস পালে নিট উত্তীৰ্ণৰ হাৰ! উত্তৰ-পূবৰ ভিতৰত শীৰ্ষত থাকিলেও পূৰ্বৰ তুলনাত পিছহুঁহকিলে ৰাজ্যৰ শিক্ষাৰ্থী

July 18, 2026 5:33 pm
মহাকাশ গৱেষণাত নতুন ইতিহাস ৰচিবলৈ সাজু ভাৰত: আগষ্টৰ পূৰ্বে উৎক্ষেপণ হ’ব স্কাইৰুটৰ ব্যক্তিগত ৰকেট বিক্ৰম-১

মহাকাশ গৱেষণাত নতুন ইতিহাস ৰচিবলৈ সাজু ভাৰত: আগষ্টৰ পূৰ্বে উৎক্ষেপণ হ’ব স্কাইৰুটৰ ব্যক্তিগত ৰকেট বিক্ৰম-১

July 18, 2026 4:05 pm
টাইম বোমাৰে ভাৰতত ভয়ংকৰ আক্ৰমণৰ পৰিকল্পনা! গুজৰাটত গ্ৰেপ্তাৰ ৫ জইছ সন্ত্ৰাসবাদী

টাইম বোমাৰে ভাৰতত ভয়ংকৰ আক্ৰমণৰ পৰিকল্পনা! গুজৰাটত গ্ৰেপ্তাৰ ৫ জইছ সন্ত্ৰাসবাদী

July 18, 2026 2:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিতৰ্কৰ মাজতে আমিৰ খানলৈ হত্যাৰ ভাবুকি লৰেন্স বিষ্ণৈ গেঙৰ

বিতৰ্কৰ মাজতে আমিৰ খানলৈ হত্যাৰ ভাবুকি লৰেন্স বিষ্ণৈ গেঙৰ

July 18, 2026 5:41 pm
অসমত হ্ৰাস পালে নিট উত্তীৰ্ণৰ হাৰ! উত্তৰ-পূবৰ ভিতৰত শীৰ্ষত থাকিলেও পূৰ্বৰ তুলনাত পিছহুঁহকিলে ৰাজ্যৰ শিক্ষাৰ্থী

অসমত হ্ৰাস পালে নিট উত্তীৰ্ণৰ হাৰ! উত্তৰ-পূবৰ ভিতৰত শীৰ্ষত থাকিলেও পূৰ্বৰ তুলনাত পিছহুঁহকিলে ৰাজ্যৰ শিক্ষাৰ্থী

July 18, 2026 5:33 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd