• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Uncategorized

মিছা প্ৰতিশ্ৰুতিৰ বন্যা, নহ’ল প্ৰাদেশিকীকৰণ! হতাশাত ভুগিছে ভেন্সাৰ স্কুলৰ শিক্ষক-কৰ্মচাৰী

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
October 30, 2018 2:45 pm
Siddhatha with teachers (2)
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অপ্ৰাদেশীকৃত বিদ্যালয়সমূহ প্ৰাদেশিকীকৰণ তথা শিক্ষক কৰ্মচাৰীসকলৰ চাকৰি নিয়মীয়াকৰণ কৰি সময়মতে দৰমহা দিয়াৰ প্ৰতিশ্ৰুতি প্ৰদান কৰি অহাৰ প্ৰতিশ্ৰুতি যেন এক প্ৰকাৰ নিৰ্বাচনী টোপলৈ পৰিৱৰ্তিত হৈছে। ন্যায্য প্ৰাপ্তিৰ নামত চৰকাৰৰ হাতত তেওঁলোক একপ্ৰকাৰে প্ৰতাৰণাৰ বলি হৈ পৰিছে।

নিৰ্বাচনৰ পূৰ্বে জাতি-মাটি-ভেটি ৰক্ষাৰ প্ৰতিশ্ৰুতিৰে শাসনৰ বাঘজৰী দখল কৰা সৰ্বানন্দ সোণোৱাল চৰকাৰখনে যেন কেৱল ভোটৰ স্বাৰ্থতহে অপ্ৰাদেশীকৃত বিদ্যালয়সমূহ প্ৰাদেশিকীকৰণ কৰাৰ আশ্বাস দিছিল তথা ৰাজ্যৰ প্ৰায় ৬০ হাজাৰ শিক্ষক-কৰ্মচাৰীৰ চাকৰি নিয়মীয়াকৰণ কৰাৰ প্ৰতিশ্ৰুতি দিছিল সেই কথা চৰকাৰখনৰ কাম-কাজত প্ৰতিফলিত হৈছে।

Apply Now

উল্লেখযোগ্য যে, কালি জনতা ভৱনত অনুষ্ঠিত হৈ যোৱা কেবিনেট বৈঠকত স্থান নাপালে প্ৰাদেশিকীকৰণ আৰু অপ্ৰাদেশীকৃত বিদ্যালয়ৰ শিক্ষক-কৰ্মচাৰীসকলৰ চাকৰিৰ নিয়মীয়াকৰণৰ প্ৰসংগ। তাৰ বিপৰীতে কেৱল চাকৰি নিয়মীয়া নকৰাকৈ ৰাজ্য চৰকাৰৰ অধীনৰ ৫২টা বিভাগৰ ১২,৮৬০গৰাকী  মাষ্টাৰৰোল কৰ্মচাৰীৰ নিয়মীয়া দৰমহা ঘোষণা কৰিলে চৰকাৰে।

মন্ত্ৰী পৰিষদৰ এনে এখন গুৰুত্বপূৰ্ণ বৈঠকত দীৰ্ঘদিন ধৰি ন্যায্য প্ৰাপ্তিৰ দাবীত আন্দোলন কৰি অহা শিক্ষক-কৰ্মচাৰী ঐক্য মঞ্চ আৰু সংযোগী শিক্ষক কৰ্মচাৰীসকলৰ দাবীসমূহৰ প্ৰসংগ তথা সিদ্ধান্তই কোনো স্থান নোপোৱাত তেওঁলোক ক্ষোভ তথা দুখত ভাগি পৰা দেখিবলৈ পোৱা গৈছে।

এই সন্দৰ্ভত নৰ্থ ইষ্ট নাওৰ সৈতে হোৱা কথা-বতৰাত শিক্ষক-কৰ্মচাৰী ঐক্য মঞ্চৰ সাধাৰণ সম্পাদক আনোৱাৰ হুছেইন চৌধুৰীয়ে কয়,  ‘’কালি কেবিনেট বৈঠকত মাষ্টাৰোলৰ কৰ্মচাৰীসকলৰ দৰমহা নিয়মীয়াকৰণ কৰিছে, কিন্তু আমাৰ দৰে অপ্ৰাদেশীকৃত বিদ্যালয়সমূহৰ দৰমহা নিয়মীয়াকৰণ নকৰাটো দুৰ্ভাগ্যজনক কথা।‘’

তেওঁ লগতে কয়, ‘‘কেবিনেটৰ বৈঠকত অপ্ৰাদেশীকৃত শিক্ষক-কৰ্মচাৰীসকলৰ বিষয়টো উত্থাপন হ’ব লাগিছিল।‘’

আনহাতে,  অহা ৪ নৱেম্বৰলৈকে যদি অপ্ৰাদেশীকৃত শিক্ষকসকলৰ বাবে চৰকাৰে  কোনো পদক্ষেপ গ্ৰহণ নকৰে, অহা ৫ নবেম্বৰৰ পৰা অতি তীব্ৰ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে শিক্ষক-কৰ্মচাৰী ঐক্য মঞ্চই।

তদুপৰি তেওঁ কয়, ‘’আলোচনাত মাতি নি যিহেতু প্ৰতিশ্ৰুতি দিছিল, কিন্তু প্ৰতিশ্ৰুতি পূৰণ কৰিব নোৱাৰিলে, গতিকে আমি বহি নাথাকো, ন্যায্য প্ৰাপ্তিৰ বাবে আমি কঠোৰ আন্দোলনৰ কাৰ্য্যসূচী গ্ৰহণ কৰিম।‘’

শিক্ষা মন্ত্ৰীক সাক্ষাৎ কৰিলেই কেৱল কামসমূহ চলি আছে বুলি মুখেৰে কয়, কিন্তু হাতে-কামে একোৱেই কৰা নাই। শিক্ষা মন্ত্ৰীৰ মুখতহে প্ৰাদেশিকীকৰণ হৈ আছে।

তদুপৰি অহা পঞ্চায়তৰ পূৰ্বে স্থায়ীৰূপে শিক্ষকসকলক নিযুক্তি দিয়াৰ কথা কৈ আছে যদিও শিক্ষক-কৰ্মচাৰীসকলে আশাৰ ৰেঙণি দেখা নাই বুলি আনোৱাৰে আমাৰ সাংবাদিকৰ আগত কয়।

‘’মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা এতিয়াহে বিত্ত মন্ত্ৰী হৈছে, আগতেতো তেওঁ শিক্ষা মন্ত্ৰীয়ে আছিল। তেখেতে নিজেই প্ৰতিশ্ৰুতি দিছিল ২০১৮ চনৰ জানুৱাৰী মাহৰ ভিতৰত সকলো অপ্ৰাদেশীকৃত শিক্ষকৰ চাকৰি আৰু দৰমহা নিয়মীয়াকৰণ কৰাৰ লগতে বিদ্যালয়সমূহো প্ৰাদেশিকীকৰণ কৰিব। কিন্তু সেই আশ্বাস আশ্বাস হৈয়ে ৰ’ল।‘’ এইদৰে ক্ষোভ প্ৰকাশ কৰে শিক্ষক-কৰ্মচাৰী ঐক্য মঞ্চৰ সাধাৰণ সম্পাদকগৰাকীয়ে।

উল্লেখ্য যে, কংগ্ৰেছ চৰকাৰৰ দিনৰ পৰা প্ৰতাৰণাৰ বলি হৈ অহা অপ্ৰাদেশীকৃত শিক্ষক কৰ্মচাৰীসকলে বিজেপি চৰকাৰেও তেওঁলোকক প্ৰতাৰণা কৰাৰ অভিযোগ তোলে।

তেওঁ কয়, ‘’কংগ্ৰেছৰ দিনত যিদৰে আমাক মিছা প্ৰতিশ্ৰুতিৰে সময়বোৰ নষ্ট কৰি গৈছিল, ঠিক সেইদৰেই বিজেপিয়েও মিছা সান্তনাৰে সময়বোৰ নষ্ট কৰি গৈ আছে।‘’

উল্লেখযোগ্য যে, বহুকেইজন শিক্ষকে বেতন নোপোৱাৰ বাবে হীনমান্যতাত ভুগি আত্মহত্যাৰ পথ বাছি লৈছে তথা বেতন নোপোৱাকৈ বহুতো শিক্ষকে ইতিমধ্যে এটকাও বেতন নোলোৱাকৈ অৱসৰ গ্ৰহণ কৰিছে।

আনহাতে, সহযোগী শিক্ষাকৰ্মীসকলেও সোমবাৰে কেবিনেট বৈঠকত তেওঁলোকৰ চাকৰি নিয়মীয়াকৰণৰ প্ৰসংগতো উত্থাপন নোহোৱাত ক্ষোভ প্ৰকাশ কৰে।

এই সন্দৰ্ভত সহযোগী শিক্ষাকৰ্মীসকলে নৰ্থ ইষ্ট নাওৰ আগত কয়, ‘‘কালি হৈ যোৱা বৈঠকত আমাৰ দাবীসমূহৰ বিষয়টোৱে স্থান পাব লাগিছিল। কিন্তু নাপালে, তাৰ বাবে আমি দুঃখিত। আশা কৰিছো, অহা ১ নৱেম্বৰত আমাৰ সৈতে হ’বলগীয়া আলোচনাত কিবা এটা সিদ্ধান্ত গ্ৰহণ কৰিব।‘’

উল্লেখযোগ্য যে, অহা ১ নৱেম্বৰত সংযোগী শিক্ষাকৰ্মীসকলৰ চৰকাৰৰ সৈতে এক আলোচনা অনুষ্ঠিত হ’ব। উক্ত আলোচনাত তেওঁলোকৰ দাবীসমূহ পূৰণৰ বাবে যদি কোনো সিদ্ধান্ত তথা পদক্ষেপ গ্ৰহণ নকৰে, তেন্তে চৰকাৰৰ শিক্ষাবিভাগৰ বিৰুদ্ধে ৰাজ্য কঁপাই যোৱা আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিছে সংযোগী শিক্ষাকৰ্মীসকলে।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

জীৱ-জন্তুৰ বাসস্থান ধ্বংস কৰি বিশাল ৰিজৰ্ট নিৰ্মাণৰ পৰিকল্পনা : ট্ৰাম্পৰ জোঁৱায়েকৰ বিৰুদ্ধে উত্তাল আলবেনিয়া

জীৱ-জন্তুৰ বাসস্থান ধ্বংস কৰি বিশাল ৰিজৰ্ট নিৰ্মাণৰ পৰিকল্পনা : ট্ৰাম্পৰ জোঁৱায়েকৰ বিৰুদ্ধে উত্তাল আলবেনিয়া

June 4, 2026 9:40 pm
ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া বাছ সেৱা : কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ আসনত বহিয়েই ঘোষণা শিৱকুমাৰৰ

ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া বাছ সেৱা : কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ আসনত বহিয়েই ঘোষণা শিৱকুমাৰৰ

June 4, 2026 8:59 pm
মানুহ মৰে কৈ! কৌতুকৰ বাবে ডুবাইত ৪৭ দিনৰ কাৰাদণ্ডৰ শাস্তি ভোগ কৰিলে ভাৰতীয় অভিনেতাই

মানুহ মৰে কৈ! কৌতুকৰ বাবে ডুবাইত ৪৭ দিনৰ কাৰাদণ্ডৰ শাস্তি ভোগ কৰিলে ভাৰতীয় অভিনেতাই

June 4, 2026 8:46 pm
সাধাৰণৰ জনতাৰ ওপৰত ৰাম টাঙোন : অসমত আকৌ বাঢ়িব বিদ্যুতৰ মাচুল

সাধাৰণৰ জনতাৰ ওপৰত ৰাম টাঙোন : অসমত আকৌ বাঢ়িব বিদ্যুতৰ মাচুল

June 4, 2026 8:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জীৱ-জন্তুৰ বাসস্থান ধ্বংস কৰি বিশাল ৰিজৰ্ট নিৰ্মাণৰ পৰিকল্পনা : ট্ৰাম্পৰ জোঁৱায়েকৰ বিৰুদ্ধে উত্তাল আলবেনিয়া

জীৱ-জন্তুৰ বাসস্থান ধ্বংস কৰি বিশাল ৰিজৰ্ট নিৰ্মাণৰ পৰিকল্পনা : ট্ৰাম্পৰ জোঁৱায়েকৰ বিৰুদ্ধে উত্তাল আলবেনিয়া

June 4, 2026 9:40 pm
ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া বাছ সেৱা : কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ আসনত বহিয়েই ঘোষণা শিৱকুমাৰৰ

ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া বাছ সেৱা : কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ আসনত বহিয়েই ঘোষণা শিৱকুমাৰৰ

June 4, 2026 8:59 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd