• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, August 12, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

দূৰদৰ্শনৰ প্ৰসিদ্ধ বাতৰি পৰিবেশিকা, ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ সৰলা মহেশ্বৰীৰ দেহাৱসান

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 12, 2026 3:09 pm
46
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দূৰদৰ্শনৰ প্ৰসিদ্ধ বাতৰি পৰিৱেশিকা তথা ৰাজ্যসভাৰ প্ৰাক্তন সদস্য সৰলা মহেশ্বৰীৰ দেহাৱসান ঘটিছে। বৃহস্পতিবাৰে (১২ ফেব্ৰুৱাৰী) দিল্লীত তেওঁৰ মৃত্যু হয়। দূৰদৰ্শনৰ বাতৰি পৰিৱেশিকা হিচাপে অতি জনপ্ৰিয় আছিল সৰলা মহেশ্বৰী।

মহেশ্বৰীপিছলৈ চি পি আই (এম)ৰ পৰা ৰাজ্যসভাত সাংসদ হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল। আজিয়েই দিল্লীৰ নিগম বোধ ঘাটত তেওঁৰ শেষকৃত্য সম্পন্ন কৰা হ’ব। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৭১ বছৰ।

Apply Now

১৯৮০ চনৰ পৰা ১৯৯০ চনৰ ভিতৰত সৰলা মহেশ্বৰীৰ বাতৰি উপস্থাপনে সকলো ভাৰতীয় দৰ্শকৰ মন মুগ্ধ কৰিছিল। দূৰদৰ্শনে তেওঁৰ মৃত্যুত শোক প্ৰকাশ কৰিছে। সৰলা মহেশ্বৰীৰ প্ৰাক্তন সহকৰ্মী তথা প্ৰবীণ বাতৰি পৰিবেশিকা শাম্মি নাৰঙেও শোক প্ৰকাশ কৰিছে।

এই দুখৰ খবৰটো দূৰদৰ্শন চেনেলে এক্স হেণ্ডেলত পোষ্ট কৰি ৰাজহুৱা কৰিছে। ডি ডি নেচনেলৰ বাতৰি অনুসৰি মহেশ্বৰী দেৱীৰ বাতৰি পৰিৱেশন কৰা শৈলী, তেওঁৰ ব্যক্তিত্ব আৰু সংযমে সেই সময়ৰ দৰ্শকৰ মাজত অনুৰণন ঘটাবলৈ সক্ষম হৈছিল আৰু লগতে তেওঁলোকৰ আস্থাও লাভ কৰিবলৈ সক্ষম হৈছিল।

পোষ্টটোত উল্লেখ কৰা হৈছে, “দূৰদৰ্শন পৰিয়ালৰ হৈ শ্ৰীমতী সৰলা মহেশ্বৰীলৈ আন্তৰিক শ্ৰদ্ধাঞ্জলি। তেওঁ দূৰদৰ্শনৰ এগৰাকী প্ৰখ্যাত আৰু সন্মানীয় বাতৰি পৰিবেশিকা আছিল। কোমল কণ্ঠ আৰু স্পষ্ট উচ্চাৰণেৰে ভাৰতীয় সংবাদ জগতত আৰু দৰ্শকৰ মাজত নিজস্ব শৈলীৰ বাতৰি পৰিৱেশনেৰে এক বিশেষ স্থান অৰ্জন কৰিছিল।”

दूरदर्शन परिवार की ओर से श्रीमती सरला माहेश्वरी को भावपूर्ण श्रद्धांजलि। वह दूरदर्शन की सम्मानित और प्रतिष्ठित समाचार वाचिका थीं, जिन्होंने अपनी सौम्य आवाज़, सटीक उच्चारण और गरिमापूर्ण प्रस्तुति से भारतीय समाचार जगत में विशेष स्थान बनाया। उनकी सादगी, संयम और व्यक्तित्व ने दर्शकों… pic.twitter.com/Hx8glZI7rk

— Doordarshan National दूरदर्शन नेशनल (@DDNational) February 12, 2026

শুকুৰবাৰে পুৱা তেওঁৰ মৃত্যুৰ খবৰ ওলোৱাৰ পিছতে সংবাদ জগতখন স্তম্ভিত হৈ পৰে। ছচিয়েল মিডিয়াতো কেইবাজনো ব্যক্তিত্ব আৰু অনুৰাগীয়ে শোক প্ৰকাশ কৰিছে। সৰ্বভাৰতীয় মহিলা কংগ্ৰেছেও তেওঁৰ মৃত্যুত শোক প্ৰকাশ কৰে।

I feel utmost grief in announcing the sad demise of my ex co-News anchor at Doordarshan, Sarala Maheshwari 🙏

She was the embodiment of grace and courtesy.
Beautiful not just in appearance but even more so at heart, she had a remarkable command over language and was a reservoir… pic.twitter.com/VIX8khALBC

— Shammi Narang (@iamshamminarang) February 12, 2026

কোৱা বাহুল্য যে সৰলা মহেশ্বৰীৰ মৃত্যু ভাৰতীয় বৈদ্যুতিন মাধ্যমৰ বাবে এক অপূৰণীয় ক্ষতি। কিছুমানে শোক প্ৰকাশ কৰি কয় যে, “এগৰাকী উল্লেখযোগ্য ব্যক্তিত্ব সৰলা দেৱীয়ে আশী আৰু নব্বৈৰ দশকত তেওঁৰ বাতৰি উপস্থাপনৰ জৰিয়তে সমগ্ৰ দেশকে মোহিত কৰিছিল। তেওঁৰ মৃত্যুৰ ফলত এটা সোণালী যুগৰ অন্ত পৰিল।”

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চৰকাৰী চিকিৎসালয়ত এয়া কেনে চিকিৎসা? বিনা সন্মতিৰে ১৭ বছৰীয়া কিশোৰীক দিলে গৰ্ভৱতী হোৱাৰ ভুৱা ৰিপ’ৰ্ট

চৰকাৰী চিকিৎসালয়ত এয়া কেনে চিকিৎসা? বিনা সন্মতিৰে ১৭ বছৰীয়া কিশোৰীক দিলে গৰ্ভৱতী হোৱাৰ ভুৱা ৰিপ’ৰ্ট

August 12, 2026 3:17 pm
৩৬ বছৰৰ অপেক্ষাৰ অন্ত পৰিবনে? ১৯৯০ চনৰ কাশ্মীৰী পণ্ডিতৰ নিৰ্মম হত্যাকাণ্ডৰ পুনৰ তদন্ত আৰম্ভ

৩৬ বছৰৰ অপেক্ষাৰ অন্ত পৰিবনে? ১৯৯০ চনৰ কাশ্মীৰী পণ্ডিতৰ নিৰ্মম হত্যাকাণ্ডৰ পুনৰ তদন্ত আৰম্ভ

August 12, 2026 1:05 pm
প্লাষ্টিক বা এলুমিনিয়ামৰ পেকেটত বিক্ৰী কৰিব নোৱাৰিব পাণমছলা: FSSAI-ৰ নতুন নিৰ্দেশনা

প্লাষ্টিক বা এলুমিনিয়ামৰ পেকেটত বিক্ৰী কৰিব নোৱাৰিব পাণমছলা: FSSAI-ৰ নতুন নিৰ্দেশনা

August 12, 2026 10:23 am
গাঁও অঞ্চলৰ চৰকাৰী স্কুলত অভিভাৱকে কৰিব ‘ছ’চিয়েল অডিট’: স্বাধীনতা দিৱসৰ পৰা নতুন কাৰ্যসূচী চিজেপিৰ

গাঁও অঞ্চলৰ চৰকাৰী স্কুলত অভিভাৱকে কৰিব ‘ছ’চিয়েল অডিট’: স্বাধীনতা দিৱসৰ পৰা নতুন কাৰ্যসূচী চিজেপিৰ

August 12, 2026 8:55 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চৰকাৰী চিকিৎসালয়ত এয়া কেনে চিকিৎসা? বিনা সন্মতিৰে ১৭ বছৰীয়া কিশোৰীক দিলে গৰ্ভৱতী হোৱাৰ ভুৱা ৰিপ’ৰ্ট

চৰকাৰী চিকিৎসালয়ত এয়া কেনে চিকিৎসা? বিনা সন্মতিৰে ১৭ বছৰীয়া কিশোৰীক দিলে গৰ্ভৱতী হোৱাৰ ভুৱা ৰিপ’ৰ্ট

August 12, 2026 3:17 pm
৩৬ বছৰৰ অপেক্ষাৰ অন্ত পৰিবনে? ১৯৯০ চনৰ কাশ্মীৰী পণ্ডিতৰ নিৰ্মম হত্যাকাণ্ডৰ পুনৰ তদন্ত আৰম্ভ

৩৬ বছৰৰ অপেক্ষাৰ অন্ত পৰিবনে? ১৯৯০ চনৰ কাশ্মীৰী পণ্ডিতৰ নিৰ্মম হত্যাকাণ্ডৰ পুনৰ তদন্ত আৰম্ভ

August 12, 2026 1:05 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd