তেওঁৰ বিৰুদ্ধে অলেখ অভিযোগ আছে। লণ্ডনত বাস কৰা বিতৰ্কিত ব্যৱসায়ী বিজয় মালিয়াই এতিয়া ভাৰত চৰকাৰক লক্ষ্য কৰি ডাঙৰ মন্তব্য কৰিছে।
বুধবাৰে তেওঁৰ এক্স হেণ্ডেলত কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে অন্যায়ৰ অভিযোগ উত্থাপন কৰে। তাতে ব্যৱসায়ীজনে লিখিছে, “বহুদিন ধৰি যি পৰিস্থিতিৰ মাজেৰে তেওঁ পাৰ হৈ আহিছে, সেই পৰিস্থিতিত তেওঁৰ অনুভৱ হৈছে যে তেওঁ এতিয়া পঁইতাচোৰা হৈ গ’লে কেনে হয়!” ভাৰত এৰি যোৱা ব্যৱসায়ীজনৰ এই মন্তব্যই নতুন বিতৰ্কৰ সূচনা কৰিছে।
বুধবাৰে বিজয় মালিয়াই নিজৰ এক্স হেণ্ডেলৰ পৰা পোষ্ট কৰি লিখিছে, “মোৰ লগত যিবোৰ অন্যায় হৈছে আৰু এতিয়া ঘটি আছে, সেই সকলোবোৰ অন্যায়ৰ কথা চিন্তা কৰি মোৰ ভাৱ হৈছে এইবাৰ তেনেহ’লে মোৰ পঁইতাচোৰা হৈ যোৱাই উচিত? হয়তো পঁইতাচোৰা হৈ গ’লেই জীৱনটো আৰু ভাল হ’ব।” বিজয় মালিয়াৰ এই পোষ্টক কেন্দ্ৰ কৰি জল্পনা-কল্পনা বৃদ্ধি পাইছে। প্ৰশ্ন উত্থাপন হৈছে, এই ব্যৱসায়ীজনে তেন্তে ভাৰতত নতুনকৈ গঢ়ি উঠা ককৰোচ জনতা পাৰ্টিৰ কথা কৈছে নেকি?
লগতে এই প্ৰশ্নও উঠিছে যে বিজয় মালিয়াই এইবাৰ চৰকাৰৰ পৰা হাত সাৰিবলৈ ককৰোচ জনতা পাৰ্টিত যোগদান কৰিব নেকি? কোৱা বাহুল্য যে কালি বিজয়ে ভাৰতৰ কেন্দ্ৰীয় তদন্তকাৰী সংস্থা বা বলবৎকাৰী সঞ্চালকালয়ক লৈ এটা ডাঙৰ দাবী উত্থাপন কৰিছিল। ভাৰতীয় ব্যৱসায়ীজনে নিজৰ এক্স হেণ্ডেলত লিখিছিল, ইডিয়ে ২০২১ চনত ভাৰতীয় বেংকসমূহলৈ ১৪ হাজাৰ কোটিতকৈ অধিক টকা হস্তান্তৰ কৰিছে।
বিজয় মালিয়াৰ মতে, বোম্বে উচ্চ ন্যায়ালয়ত দাখিল কৰা শপতনামাত বলবৎকাৰী সঞ্চালকালয়ে তেওঁৰ পৰা ১৪ হাজাৰ কোটিতকৈ অধিক ধন উদ্ধাৰ কৰি যি বেংকৰ ওচৰত ঋণ আছিল সেই সকলো বেংকক দিছে বুলি স্বীকাৰ কৰিছে।
With all the injustices I have faced and continue to face, I wonder if I should become a cockroach. Maybe a better life on the cockroach side.
— Vijay Mallya (@TheVijayMallya) September 9, 2026
মালিয়াই কয়, “যদি মোৰ কথা বিশ্বাস নকৰে, তেন্তে নকৰিব। তাতকৈ বৰঞ্চ বলবৎকাৰী সঞ্চালকালয়ে কি কৈছে তাত মনোযোগ দিয়ক।” দেশ এৰি যোৱা ব্যৱসায়ীজনে এই দাবী কৰিলেও ইয়াকে লৈ আইনী যুঁজ এতিয়াও চলি আছে ।




