• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 1, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

সেনা বিষয়ক অপমানৰ পাছতো ৰেহাই! মন্ত্ৰী বিজয় শ্বাহৰ বিৰুদ্ধে গোচৰ চলোৱাৰ অনুমতি প্ৰত্যাখ্যান

এন ই নাও  নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 1, 2026 1:15 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সেনা বিষয়াৰ বিৰুদ্ধে বিতৰ্কিত মন্তব্য কৰিও আইনী প্ৰক্ৰিয়াৰ পৰা হাত সাৰিলে মধ্যপ্ৰদেশৰ কেবিনেট মন্ত্ৰী কুঁৱৰ বিজয় শ্বাহে। মন্ত্ৰীগৰাকীৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণৰ অনুমতি বিচাৰি কৰা আৱেদন নাকচ কৰি ৰাজ্যিক কেবিনেটে লোৱা সিদ্ধান্তত সোমবাৰে নিশা চূড়ান্ত সন্মতি প্ৰদান কৰে ৰাজ্যপাল মংগুভাই পেটেলে।

 

Apply Now

সোমবাৰে দিনৰ ভাগত উচ্চতম ন্যায়ালয়ত এই গোচৰৰ শুনানি চলি থকাৰ সময়ত ৰাজ্য চৰকাৰে জনাইছিল যে বিশেষ তদন্তকাৰী দলৰ তদন্ত সম্পূৰ্ণ হৈছে আৰু গোচৰ চলোৱাৰ অনুমতিৰ ফাইলটো ৰাজ্যপালৰ ওচৰত আছে। ইয়াৰ পাছতে নিশা মুখ্য সচিব অশোক বৰ্ণৱালে লোক ভৱনত ৰাজ্যপালক সাক্ষাৎ কৰি ফাইলটো দাখিল কৰে আৰু ৰাজ্যপালে কেবিনেটৰ প্ৰস্তাৱত সন্মতি জনায়। উল্লেখযোগ্য যে, মুখ্যমন্ত্ৰী মোহন যাদৱৰ নেতৃত্বাধীন কেবিনেটে যোৱা ২৫ আগষ্টত শ্বাহৰ বিৰুদ্ধে গোচৰ চলাবলৈ অনুমতি নিদিয়াৰ সিদ্ধান্ত লৈ ফাইলটো ৰাজ্যপাললৈ প্ৰেৰণ কৰিছিল।

 

ভাৰতৰ মুখ্য ন্যায়াধীশ সূৰ্য কান্ত, ন্যায়াধীশ জয়মাল্য বাগচী আৰু ন্যায়াধীশ ভি মোহনাৰ বিচাৰপীঠত সোমবাৰে এই গোচৰৰ শুনানি গ্ৰহণ কৰা হৈছিল। শুনানিত উচ্চতম ন্যায়ালয়ে জানিব বিচাৰিছিল যে ৰাজ্যপালে সিদ্ধান্ত লোৱাৰ পাছত পৰৱৰ্তী পদক্ষেপ কি হ’ব। ইয়াৰ উত্তৰত এছ আই টিৰ বিষয়াই জনায় যে অনুমতি পালে চাৰ্জশ্বীট দাখিল কৰা হ’ব আৰু অনুমতি নাপালে তদন্তকাৰী সংস্থাই গোচৰটো বন্ধ কৰাৰ প্ৰতিবেদন বা ক্ল’জাৰ ৰিপৰ্ট দাখিল কৰিব।

 

২০২৫ চনৰ মে’ মাহত মহু অঞ্চলৰ এক ৰাজহুৱা অনুষ্ঠানত মন্ত্ৰী বিজয় শ্বাহে কৰ্ণেল চফিয়া কুৰেছীক উদ্দেশ্যি বিতৰ্কিত মন্তব্য কৰিছিল। ‘অপাৰেচন সিন্দুৰ’ৰ সময়ত সংবাদ মাধ্যমক সম্বোধন কৰা বিষয়াগৰাকীৰ বিৰুদ্ধে কৰা এই মন্তব্যৰ পাছতে ২০২৫ চনৰ ১৪ মে’ত মধ্যপ্ৰদেশ উচ্চ ন্যায়ালয়ে স্বতঃপ্ৰণোদিতভাৱে গোচৰ ৰুজু কৰিবলৈ আৰক্ষীক নিৰ্দেশ দিছিল। পাছত মন্ত্ৰীগৰাকীয়ে উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছিল যদিও ন্যায়ালয়ে জ্যেষ্ঠ আই পি এছ বিষয়াৰে গঠিত এখন এছ আই টিক তদন্তৰ নিৰ্দেশ দিছিল। এছ আই টিয়ে ভাৰতীয় ন্যায় সংহিতাৰ ১৯৬ ধাৰাৰ অধীনত গোচৰ চলাবলৈ ২০২৫ চনৰ আগষ্ট মাহৰ পৰাই চৰকাৰৰ অনুমতি বিচাৰি আছিল।

 

ইফালে, বিৰোধী দলপতি উমং সিংহাৰৰ নেতৃত্বত কংগ্ৰেছ বিধায়কৰ এটা দলে এই বিষয়ত ৰাজ্যপালক সাক্ষাৎ কৰাৰ কথা আছে। সিংহাৰে পূৰ্বতেই মন্ত্ৰীজনৰ বিৰুদ্ধে গোচৰ চলোৱাৰ অনুমতি বিচাৰি ৰাজ্যপাললৈ পত্ৰ লিখিছিল। ৰাজ্যসভাৰ সাংসদ তথা জ্যেষ্ঠ অধিবক্তা বিবেক তংখাই পূৰ্বৰ এক একেধৰণৰ গোচৰৰ উদাহৰণ দি কয় যে কেবিনেটে অনুমতি নিদিলেও ৰাজ্যপালে বিচাৰিলে স্বাধীনভাৱে সিদ্ধান্ত লৈ গোচৰ চলোৱাৰ অনুমতি দিব পাৰে। ২০০৪ চনৰ উচ্চতম ন্যায়ালয়ৰ এক ৰায় অনুসৰি, কেবিনেটৰ সিদ্ধান্তত যদি পক্ষপাতিত্ব বা অযৌক্তিকতা থাকে, তেন্তে ৰাজ্যপালে নিজাববীয়াকৈ পদক্ষেপ গ্ৰহণ কৰিব পাৰে।

এন ই নাও  নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সেনা বিষয়ক অপমানৰ পাছতো ৰেহাই! মন্ত্ৰী বিজয় শ্বাহৰ বিৰুদ্ধে গোচৰ চলোৱাৰ অনুমতি প্ৰত্যাখ্যান

সেনা বিষয়ক অপমানৰ পাছতো ৰেহাই! মন্ত্ৰী বিজয় শ্বাহৰ বিৰুদ্ধে গোচৰ চলোৱাৰ অনুমতি প্ৰত্যাখ্যান

September 1, 2026 1:15 pm
এটা ঘৰৰ পৰা উদ্ধাৰ ২৩টা মৃতদেহ! নেপালত ত্ৰাস আঁতৰা নাই, মৃত্যুৰ সংখ্যা প্ৰায় হাজাৰলৈ বৃদ্ধি

এটা ঘৰৰ পৰা উদ্ধাৰ ২৩টা মৃতদেহ! নেপালত ত্ৰাস আঁতৰা নাই, মৃত্যুৰ সংখ্যা প্ৰায় হাজাৰলৈ বৃদ্ধি

September 1, 2026 12:50 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd