• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

চেম্পিয়নৰ দৰেই আৰম্ভণি! কোহলীৰ অনবদ্য বেটিঙেৰে SRH-ৰ বিৰুদ্ধে বিৰাট জয় RCB-ৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 21, 2026 11:51 am
40
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

চেম্পিয়নৰ দৰে আৰম্ভণি চেম্পিয়ন দলৰ। যোৱা বছৰ য’ত শেষ হৈছিল তাৰ পৰাই ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুৰ আৰম্ভণি হৈছে। তেওঁলোকে ছানৰাইজাৰ্ছ হায়দৰাবাদক প্ৰায় দিশহাৰা কৰি দিলে।

উদ্বোধনী মেচত হায়দৰাবাদত ঈশান কিষানৰ বিস্ফোৰক বেটিঙৰ পিছত আৰ চি বিৰ আকাশত পুনৰ জিলিকি উঠিল ‘বিৰাট’ নক্ষত্ৰ। দেৱদত্ত পাড্ডিকাল বা ৰজত পাতিদাৰো পিছ পৰি থকা নাছিল। এছ আৰ এইচে নিৰ্ধাৰণ কৰি দিয়া ২০২ ৰানৰ লক্ষ্য খেদি আৰ চি বিয়ে বিশেষ চিন্তাত পৰিব নালাগিল। প্ৰথমখন খেলতে ৬ উইকেটত জয়লাভ কৰি বেংগালুৰুৱে আই পি এলৰ আৰম্ভণি কৰে।

Apply Now

শনিবাৰে বিৰাটৰ দলটোৱে টছত জয়লাভ কৰে। বেংগালুৰুৰ অধিনায়ক ৰজত পাটিদাৰে বলিং কৰাৰ সিদ্ধান্ত লয়। হায়দৰাবাদত আছিল ট্ৰেভিছ হেড আৰু অভিষেক শৰ্মাৰ দৰে আগ্ৰাসী বেটছমেন। তেওঁলোকৰ ফৰ্মত বিপক্ষক বিধ্বস্ত কৰাৰ ক্ষমতা তেওঁলোকৰ আছিল যদিও প্ৰথমখন মেচত ব্যৰ্থ হয়। ১১ ৰান সংগ্ৰহ কৰি উভতি যায় হেড। অভিষেকৰ ইনিংছ ৭ ৰানৰ পৰা আগবাঢ়িব নোৱাৰিলে।

চাৰি নম্বৰত নমা নিতীশ কুমাৰ ৰেড্ডীও (১) ফ্লপ হয়।  এটা সময়ত ২৯ ৰানত ৩ উইকেট হেৰুৱাই দলটোক চাপৰ পৰা উলিয়াই আনে অধিনায়ক ঈশান কিষান আৰু হেনৰিক ক্লাচেনে। তেওঁলোকৰ যুটীয়ে গুৰুত্বপূৰ্ণ ৯৭ ৰান সংগ্ৰহ কৰে। প্ৰটিয়াৰ তাৰকাগৰাকীয়ে ২২টা বলত ৩১ ৰান সংগ্ৰহ কৰি উভতি যায়। বাউণ্ডেৰী লাইনত ফিল ছল্টৰ হাতত ধৰা পৰে তেওঁ। অৱশ্যে আম্পায়াৰে ৰিপ্লেৰ সহায় লৈ কেচ লোৱাৰ সময়ত ভৰিখনে বাউণ্ডেৰী ৰছী স্পৰ্শ কৰিছিল নেকি সেইটো নিশ্চিত কৰে। ক্লাচেনক আউট দিয়া হয়।

প্ৰটিয়া বেটছমেন ক্লাচেন উভতিল যদিও ঈশানক বশ কৰিব নোৱাৰিলে। এসময়ত অদমনীয় যেন লগা আৰ চি বিৰ বলিং ঈশানৰ সন্মুখত অসহায় যেন লাগিছিল। তেওঁ যিদৰে খেলি আছিল, এনে লাগিছিল যেন শতক অনিবাৰ্য। শেষত ছল্টৰ দুৰন্ত কেচে তেওঁক ড্ৰেছিং ৰুমৰ বাট দেখুৱাই দিলে। অভিনন্দন সিঙে উইকেটটো লাভ কৰে। ৩৮টা বলত ৮০ ৰানৰ এই বিস্ফোৰক ইনিংছত ৮টা চাৰি আৰু ৫টা ছয়ৰে সজাই তোলা হৈছিল। শেষত অনিকেত ভাৰ্মাৰ ১৮টা বলত ৪৩ ৰানৰ ইনিংছেৰে এছ আৰ এইচে ২০০ ৰান অতিক্ৰম কৰে।

আৰচিবিৰ হৈ জেকব ডাফীয়ে ২২ ৰানত ৩টা উইকেট দখল কৰে। ৰোমাৰিয়া শ্বেফাৰ্ডে ৩টা উইকেট দখল কৰে যদিও ৫৪ ৰান দিয়ে। ভুৱনেশ্বৰ কুমাৰ, সুয়েশ শৰ্মা আৰু অভিনন্দন সিঙে ১টাকৈ উইকেট দখল কৰে। ২০২ ৰানৰ লক্ষ্য খেদি  আৰচিবিয়ে আৰম্ভণিতে ফিল ছল্ট (৮)ৰ উইকেট হেৰুৱায়। ইয়াৰ পিছতে বিৰাট কোহলী আৰু দেৱদত্ত পাড্ডিকালে খেল চম্ভালে।

এটা সময়ত পাড্ডিকাল অধিক আক্ৰমণাত্মক আছিল। এই যুটিটোৱে ১০১ ৰান সংগ্ৰহ কৰে। বাংগালোৰে ৮.১ অভাৰত ১০০ ৰান অতিক্ৰম কৰে। ২৫ বছৰীয়া বাওঁহাতৰ তাৰকাগৰাকীয়ে ২৬টা বলত ৬১ ৰানৰ এটা দৰ্শনীয় ইনিংছ খেলে। আউট হ’লেও ‘চেজমাষ্টাৰ’ বিৰাটৰ ফৰ্ম আছিল অতি উত্তম। অৱশ্যে অধিনায়ক ৰজত পাটিদাৰে ১২টা বলত ৩১ ৰান সংগ্ৰহ কৰি বিস্ফোৰক ইনিংছেৰে খেলখন ঘূৰাই আনিলে। অৱশ্যে পাটিদাৰ ওভতাৰ পিছতে আউট হয় (০)জিতেশ শৰ্মা।

একেৰাহে দুটা বলত উইকেট হেৰুৱাইও আৰ চি বিয়ে বিশেষ চাপ অনুভৱ কৰা নাছিল। কাৰণ সেই সময়ত প্ৰতি অভাৰত মাত্ৰ ৫ ৰানৰ প্ৰয়োজন আছিল। শেষলৈকে যুঁজি বিৰাটে দলক জয়ী কৰাই খেলপথাৰ এৰে। ৩৮টা বলত ৬৯ ৰানৰ সাৱলীল ইনিংছ খেলে। কেতিয়াও এনে লগা নাছিল যে যোৱা জানুৱাৰীৰ পৰা তেওঁক প্ৰতিযোগিতামূলক ক্ৰিকেট খেলা নাই। প্ৰয়োজনত ৰখাই খেলিছিল আৰু প্ৰয়োজন হ’লে বেট খুলি খেলিছিল। সেইটোৱেই যেন তেওঁৰ ৰসায়ন।

চিন্নাস্বামীৰ গেলেৰীত বিৰাটক লৈ উৎসৱমুখৰ পৰিৱেশ বিৰাজ কৰিছিল। তেওঁলোকৰ উদযাপন আৰু অধিক বৃদ্ধি কৰে বেংগালুৰুৰ এক দমনীয় জয়ে। ২৬টা বল বাকী থকা অৱস্থাত জয় নিশ্চিত কৰে আৰ চি বিয়ে।

সংক্ষিপ্ত স্কোৰঃ

এছ আৰ এইচ: ২০১/৩ (ঈশান ৮০, অনিকেত ৪৩, ডাফী ৩২/৩, শ্বেফাৰ্ড ৫৪/৩)

আৰ চি বি : ২০৩/৪ (বিৰাট ৬৯*, দেৱদত্ত ৬১, পাইন ৩৫/২, হৰ্ষ ৩৫/১)

ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰে ৬ উইকেটত জয়লাভ কৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘মনত ভক্তি নাই বাবেই দান চুৰি হোৱা বুলি কৈছে’- ৰাম মন্দিৰৰ ধন লুণ্ঠন সন্দৰ্ভত উত্তৰ প্ৰদেশ বিধানসভাৰ অধ্যক্ষৰ বিস্ফোৰক মন্তব্য

‘মনত ভক্তি নাই বাবেই দান চুৰি হোৱা বুলি কৈছে’- ৰাম মন্দিৰৰ ধন লুণ্ঠন সন্দৰ্ভত উত্তৰ প্ৰদেশ বিধানসভাৰ অধ্যক্ষৰ বিস্ফোৰক মন্তব্য

July 15, 2026 9:16 pm
ভক্তই শুদ্ধ চিত্তে দান নকৰা বাবেই চুৰি হ’ল প্ৰণামীৰ ধন : ৰাম মন্দিৰ কাণ্ডত উত্তৰ প্ৰদেশৰ অধ্যক্ষৰ বিতৰ্কিত মন্তব্য

ভক্তই শুদ্ধ চিত্তে দান নকৰা বাবেই চুৰি হ’ল প্ৰণামীৰ ধন : ৰাম মন্দিৰ কাণ্ডত উত্তৰ প্ৰদেশৰ অধ্যক্ষৰ বিতৰ্কিত মন্তব্য

July 15, 2026 8:54 pm
ভূমি আন্দোলনৰ নেতা আদিত চন্দ্র ৰাভা, প্ৰণৱ দলেসহ সতীৰ্থৰ মুক্তিৰ দাবীত প্ৰতিবাদ অব্যাহত

ভূমি আন্দোলনৰ নেতা আদিত চন্দ্র ৰাভা, প্ৰণৱ দলেসহ সতীৰ্থৰ মুক্তিৰ দাবীত প্ৰতিবাদ অব্যাহত

July 15, 2026 6:54 pm
কাপোৰ খোলা বা বুকুত হাত দিলেই ধৰ্ষণৰ চেষ্টা নহয় : শ্লীলতাহানিৰ পাৰ্থক্য বুজাই গুৰুত্বপূৰ্ণ ৰায় পাটনা উচ্চ ন্যায়ালয়ৰ

কাপোৰ খোলা বা বুকুত হাত দিলেই ধৰ্ষণৰ চেষ্টা নহয় : শ্লীলতাহানিৰ পাৰ্থক্য বুজাই গুৰুত্বপূৰ্ণ ৰায় পাটনা উচ্চ ন্যায়ালয়ৰ

July 15, 2026 6:32 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘মনত ভক্তি নাই বাবেই দান চুৰি হোৱা বুলি কৈছে’- ৰাম মন্দিৰৰ ধন লুণ্ঠন সন্দৰ্ভত উত্তৰ প্ৰদেশ বিধানসভাৰ অধ্যক্ষৰ বিস্ফোৰক মন্তব্য

‘মনত ভক্তি নাই বাবেই দান চুৰি হোৱা বুলি কৈছে’- ৰাম মন্দিৰৰ ধন লুণ্ঠন সন্দৰ্ভত উত্তৰ প্ৰদেশ বিধানসভাৰ অধ্যক্ষৰ বিস্ফোৰক মন্তব্য

July 15, 2026 9:16 pm
ভক্তই শুদ্ধ চিত্তে দান নকৰা বাবেই চুৰি হ’ল প্ৰণামীৰ ধন : ৰাম মন্দিৰ কাণ্ডত উত্তৰ প্ৰদেশৰ অধ্যক্ষৰ বিতৰ্কিত মন্তব্য

ভক্তই শুদ্ধ চিত্তে দান নকৰা বাবেই চুৰি হ’ল প্ৰণামীৰ ধন : ৰাম মন্দিৰ কাণ্ডত উত্তৰ প্ৰদেশৰ অধ্যক্ষৰ বিতৰ্কিত মন্তব্য

July 15, 2026 8:54 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd